ETV Bharat / health

নিশা কৰক এইসমূহ কাম, সোনকালেই আহিব টোপনি

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 6:58 PM IST

Can't Sleep at night ? Follow this health tips for better sleep
নিশা টোপনি নাহে নেকি ?

Sleep tips: পানী আৰু খাদ্যৰ দৰে টোপনিও শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ । যদি আপুনি অনিদ্ৰাৰ সমস্যাত ভুগি আছে, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷

নিশা বিচনাত শোৱাৰ পিচত টোপনি নাহে নেকি ? যদি আপুনি অনিদ্ৰাৰ সমস্যাত ভুগি আছে তেন্তে দীৰ্ঘম্যাদীভাৱে ই আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয় । এনে পৰিস্থিতিত অনিদ্ৰাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি ? তেন্তে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বহু উপায় আছে, যাৰ সহায়ত নিজকে মানসিক চাপমুক্ত কৰি ৰাখি টোপনিৰ সমস্যা দূৰ কৰিব পাৰি ।

শোৱাৰ পূৰ্বে কৰক এই কাম

শোৱাৰ পূৰ্বে কৰা কামবোৰেও নিশাৰ টোপনিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় । ইয়াৰ ভিতৰত নিশা দাঁত ব্ৰাছ কৰা, ছালৰ যত্ন লোৱা, শোৱাৰ আৰামদায়ক পৰিৱেশ, উষ্ণতা আৰু বিচনাৰ ব্যৱস্থা কৰা ইত্যাদি । দৈনিক এই ৰুটিন মানি চলিলে আপোনাৰ মগজুৱে অনুভৱ কৰে যে টোপনিৰ সময় হৈছে, গতিকে প্ৰতিদিনে নিৰ্দিষ্ট ক্ৰমত কাৰ্যকলাপসমূহ অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ ।

প্ৰাণায়ম কৰক

বিশেষকৈ মানসিক চাপ আৰু উদ্বেগৰ বাবে যেতিয়া আপুনি টোপনি যাব নোৱাৰে, তেতিয়া প্ৰাণায়াম আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে । বিচনাত শোৱাৰ সময়ত জিভাখনক আপুনি আৰাম দিয়ক আৰু তালুত স্পৰ্শ কৰক । চাৰি ছেকেণ্ডৰ বাবে লাহে লাহে উশাহ ল’ব । ইয়াৰ পিচত সাত ছেকেণ্ডৰ বাবে উশাহ বন্ধ কৰি শেষত আঠ ছেকেণ্ডত লাহে লাহে উশাহ এৰি দিব । টোপনি অনুভৱ নোহোৱালৈকে এইদৰে আওৰাই থাকিব, এই প্ৰাণায়ামৰ তিনি-চাৰি ৰাউণ্ড পুনৰাবৃত্তি কৰিব পাৰে ।

শোৱাৰ পূৰ্বে কিবা এটা লিখিলেও সহায়ক হয়

মনোবিজ্ঞানীসকলৰ মতে মনটো পৰিষ্কাৰ কৰি যিকোনো মানসিক চাপৰ পৰা মুক্ত কৰি ৰখাটো শৰীৰক শিথিল কৰি আৰামদায়কভাৱে শুবলৈ এক উত্তম উপায় হ’ব পাৰে । নিশা শোৱাৰ পূৰ্বে ডায়েৰীত লিখাটোও এটা ভাল অভ্যাস । এইদৰে যেতিয়া আপুনি ডায়েৰীত সকলো লিখি থ’ব, মনত উদ্বেগ সৃষ্টি কৰা আৰু টোপনিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা বেছিভাগ চিন্তা আঁতৰি যায়, তেতিয়া আপোনাৰ টোপনিৰ সমস্যা নোহোৱা হৈ পৰে ।

নিশা কিবা খোৱাৰ অভ্যাস

নিশা কিছু লঘু আহাৰ খাওক আৰু শোৱাৰ পূৰ্বে কমেও তিনি ঘণ্টা আগতে খাব লাগে । নিশা পৰিহাৰ কৰিবলগীয়া কিছুমান খাদ্যৰ ভিতৰত চেনি, প্ৰচেছড কাৰ্বহাইড্ৰেট, চৰ্বি আৰু কেফেইনযুক্ত খাদ্য । শোৱাৰ আগতে গাখীৰ বা কল খালে সোনকালে টোপনি আহিব পাৰে, কাৰণ ইয়াত ট্ৰিপ্ট’ফেন থাকে যিয়ে টোপনি অহাত সহায় কৰে ।

নিৰ্ধাৰিত শোৱাৰ সময়ৰ এঘণ্টা আগতে মোবাইল বা টিভি চোৱাৰ পৰা এৰাই চলাটো ভাল । কাৰণ ইয়াৰ পৰা অহা নীলা পোহৰে শৰীৰত মেলাটনিন (টোপনি প্ৰেৰণাদায়ক হৰম’ন) উৎপাদন হ্ৰাস কৰে ।

লগতে পঢ়ক: টীকাকৰণৰ পিচতো কুকুৰে কামোৰাৰ ফলত মৃত্যু হ’ব পাৰে নেকি ? চিকিৎসকে কি কয় জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.