ETV Bharat / health

টীকাকৰণৰ পিচতো কুকুৰে কামোৰাৰ ফলত মৃত্যু হ’ব পাৰে নেকি ? চিকিৎসকে কি কয় জানি লওক

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 3:48 PM IST

Rabies: মহাৰাষ্ট্ৰত ৰেবিজ ৰোগত এগৰাকী যুৱতীৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে । ৰেবিজ ৰোগৰ পৰা ৰক্ষা পাবলৈ ভেকচিন গ্ৰহণ কৰাৰ পিচতো যুৱতীগৰাকীৰ মৃত্যু হয় । কিন্তু ভেকচিন লোৱাৰ পিচত কেনেকৈ মৃত্যু হ’ব পাৰে ৷ এই বিষয়ে বিতংভাৱে জানো আহক এই প্ৰতিবেদনত ।

Rabies: Can someone still die after receiving vaccination post dog bite? Know from doctor
টিকাকৰণৰ পিচতো কুকুৰে কামোৰাৰ ফলত মৃত্যু হ’ব পাৰে নেকি

ৰেবিজ এটা অতি বিপজ্জনক ৰোগ, যিটো সাধাৰণতে কুকুৰে কামোৰাৰ ফলত বিয়পে । এইটো এটা গুৰুতৰ ৰোগ, যদি ৰোগীয়ে সঠিক সময়ত উপযুক্ত চিকিৎসা নাপায়, তেন্তে ই মাৰাত্মক হ’ব পাৰে । শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ কলহাপুৰৰ পৰাও একেধৰণৰ এটা গোচৰ পোহৰলৈ আহিছে । ঘটনাৰ বিৱৰণী অনুসৰি কুকুৰে কামোৰাৰ ফলত ৰেবিজত আক্ৰান্ত হোৱা এগৰাকী ২১ বছৰীয়া যুৱতীৰ মৃত্যু হয় । আশ্চৰ্যজনকভাৱে যুৱতীগৰাকীয়ে কুকুৰে কামোৰাৰ পিচত ৰেবিজ ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ টীকাকৰণ সম্পূৰ্ণ কৰিছিল ।

অৱশ্যে ৰেবিজৰ টীকাকৰণ সম্পূৰ্ণ কৰাৰ মাত্ৰ তিনিদিন পিচতে যুৱতীগৰাকীৰ মৃত্যু হয় । যিটো অতি চিন্তাৰ বিষয় হৈ পৰিছে । এই গোচৰটো পোহৰলৈ অহাৰ পিচত সকলোৰে মনলৈ প্ৰশ্ন আহিছে যে ৰেবিজৰ ভেকচিন লোৱাৰ পিচতো এই ৰোগৰ ফলত মৃত্যু হ’ব পাৰে নেকি ? এনে পৰিস্থিতিত এই প্ৰশ্নৰ উত্তৰ জানো আহক ৷

ভেকচিনৰ পিচত মৃত্যু হোৱাৰ সম্ভাৱনা থাকেনে ?

গুৰুগ্ৰামৰ মাৰিংগো এছিয়া হাস্পতালৰ চিকিৎসক ডাঃ এম কে সিঙৰ মতে, এইটো অবিশ্বাস্যভাৱে বিৰল, কিন্তু কুকুৰে কামোৰাৰ পিচত মৃত্যু হোৱাটো সম্ভৱ ৷ আনকি টীকাকৰণৰ পিচতো হ’ব পাৰে । এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ টীকাকৰণ জৰুৰী , বিশেষকৈ ৰেবিজ ৰোগৰ বাবে, যিটো কুকুৰে কামোৰাৰ পিচত দিয়া হয় । এবাৰ লক্ষণ দেখা গ’লে ৰেবিজ ৰোগ মাৰাত্মক হৈ পৰে । ই এক ভাইৰাছজনিত সংক্ৰমণ, সাধাৰণতে কুকুৰৰ দৰে প্ৰাণীৰ লেলাৱটিৰ যোগেদি ই বিয়পে ।

ৰেবিজৰ ভেকচিন কিমান গুৰুত্বপূৰ্ণ ?

ৰেবিজ ভেকচিনৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰি চিকিৎসকে কয় যে যিসকল লোকক কুকুৰে কামোৰে, বিশেষকৈ এই ৰোগ যি অঞ্চলত সাধাৰণ, তেওঁলোকক সাধাৰণতে কেইবাটাও ৰেবিজ ভেকচিন দিয়া হয় । এই টীকাসমূহ যদি সংস্পৰ্শলৈ অহাৰ লগে লগে দিয়া হয়, তেন্তে ৰেবিজ প্ৰতিৰোধ কৰাত যথেষ্ট কাৰ্যকৰী হয় ।

ভেকচিনৰ পিচত মৃত্যুৰ সম্ভাৱ্য কাৰণ

ৰেবিজৰ টীকাকৰণ সম্পূৰ্ণ কৰাৰ পিচত মৃত্যু হোৱা যুৱতীৰ বিষয়ে আলোচনা কৰি চিকিৎসকে কয় যে টীকাকৰণ সম্পূৰ্ণ হোৱাৰ পিচতো অবিশ্বাস্যভাৱে বিৰল পৰিস্থিতিত এজন ব্যক্তি ৰেবিজ ৰোগত আক্ৰান্ত হ’ব পাৰে । যদিহে টীকাকৰণ সঠিকভাৱে দিয়া নহয় বা ভেকচিন গ্ৰহণ কৰা ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ইয়াৰ প্ৰতি পৰ্যাপ্ত সঁহাৰি নিদিলে এনে হ’ব পাৰে । ইয়াৰ উপৰিও টীকাকৰণৰ সময়ত ব্যক্তিজনৰ ইতিমধ্যে এই ৰোগ হ’লে এই ভেকচিনে ৰেবিজ ৰোগৰ পৰা সুৰক্ষা প্ৰদান নকৰে।

মৃত্যুৰ অন্যান্য কাৰণ

ইয়াৰ উপৰিও চিকিৎসকে কুকুৰে কামোৰাৰ পিচত টীকাকৰণৰ পিচত মৃত্যুৰ আন সম্ভাৱ্য কাৰণসমূহো উল্লেখ কৰে, কাৰণসমূহ এনেধৰণৰ-

  • পূৰ্বৰ ৰেবিজৰ সংক্ৰমণ
  • ভেকচিনৰ প্ৰতি এলাৰ্জিৰ প্ৰতিক্ৰিয়া
  • পলমকৈ বা ভুল টীকাকৰণ
  • ৰেবিজৰ ষ্ট্ৰেইনৰ সংস্পৰ্শলৈ অহা, যাৰ বিৰুদ্ধে ভেকচিন অকাৰ্যকৰী

লগতে পঢ়ক: Vaccines Work For All শীৰ্ষক বিষয়বস্তুক লৈ পালন এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.