ETV Bharat / sukhibhava

Diabetes Care: ডায়েবেটিছ ৰোগীয়ে গ্ৰহণ কৰক এই ৫বিধ কাৰ্বহাইড্ৰেটযুক্ত খাদ্য, নিয়ন্ত্ৰণত থাকিব ৰক্তশৰ্কৰা

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 5:27 PM IST

আজি সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ ৰক্তশৰ্কৰাৰ সমস্যা থকা ৰোগীয়ে খাদ্যাভ্যাসৰ বিশেষ যত্ন ল’ব লাগে ৷ সেয়ে কোন পাঁচটা উপায়েৰে সীমিত পৰিমাণে কাৰ্ব গ্ৰহণ কৰিব পাৰি জানি লওক-

Diabetic patients should include these 5 healthy carbs in their diet, sugar will remain under control
ডায়েবেটিছ ৰোগীয়ে এই ৫বিধ স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰক খাদ্য তালিকাত, নিয়ন্ত্ৰণত থাকিব ৰক্তশৰ্কৰা

ডায়েবেটিছ ৰোগীয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখিবলৈ সঠিক আহাৰ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয় ৷ কিন্তু এনে খাদ্যাভ্যাস পালন কৰাটো অতি কঠিন কাম ৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ আৰু মাদ্ৰাজ ডায়েবেটিছ ৰিচাৰ্চ ফাউণ্ডেচনে শেহতীয়াকৈ ডায়েবেটিছ সম্পৰ্কে এক গৱেষণা প্ৰকাশ কৰিছে ৷

ইয়াৰ মতে, ভাৰতত প্ৰায় ১০১ মিলিয়ন অৰ্থাৎ ১০ কোটি লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত ৷ ইয়াৰ বাহিৰেও ১৩.৬ কোটি লোকৰ মাজত প্ৰিডায়েবেটিছৰ লক্ষণ দেখা যায় ৷ এই কাৰণতে এই ৰোগীক তেওঁলোকৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈও কোৱা হৈছে ৷

ডায়েবেটিছত মেটাবলিক ডিছঅৰ্ডাৰত ভুগি থকা লোকসকলে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ সুষম খাদ্য গ্ৰহণ কৰিব লাগে ৷ সেইবাবে খাদ্যত কাৰ্ব অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ ৷ সেয়ে এই প্ৰতিবেদনত আমি এনে ৫বিধ কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ বিষয়ে ক’বলৈ ওলাইঠো যিবোৰক ডায়েবেটিছ ৰোগীয়ে খাদ্যৰ অংশ হিচাপে গঢ়ি তুলিব লাগে ৷

  • খাদ্যত কাৰ্ব

দেখা গৈছে যে বেছিভাগ ডায়েবেটিছ ৰোগীয়ে কাৰ্বহাইড্ৰেট সেৱন কৰিব নাজানে ৷ যদি কাৰ্ব কম হয় তেন্তে পানীলগা হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে ৷ এনে পৰিস্থিতিত শৰীৰৰ ভিতৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতাৰ সমস্যা হ’বলৈ আৰম্ভ কৰে ৷ চেনি ৰোগীয়ে প্ৰতিটো আহাৰত ৪০-৫০ গ্ৰাম কাৰ্ব অন্তৰ্ভুক্ত কৰিব পাৰে ৷

  • কুইনোয়া

এইবিধ শস্য য’ত প্ৰটিনৰ উপৰিও আঁহ, ফ’লেট, আইৰণ, মেগনেছিয়াম, এন্টিঅক্সিডেন্ট জিংক আদি বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে ৷ কুইনোয়া প্ৰাকৃতিকভাৱে মিঠা আৰু সুস্বাদু ৷ ইয়াক সেৱন কৰিলে শৰীৰত শক্তি বজাই ৰাখে আৰু স্বাস্থ্যৰ বাবে বহু উপকাৰ পোৱা যায় ৷

  • মিঠা আলু

মিঠা আলুত আঁহ আৰু ভিটামিন থাকে আৰু ই হজম শক্তি উন্নত কৰিব পাৰে ৷ লগতে মিঠা আলুয়ে আপোনাৰ তেজৰ চেনি নিয়ন্ত্ৰণ আৰু ওজন হ্ৰাস কৰাত সহায় কৰে ৷ স্বাস্থ্যকৰ কাৰ্বৰ বাবে মিঠা আলু এটা উত্তম বিকল্প ৷

  • বীন

যদি আপোনাৰ চেনি থাকে তেন্তে আপুনি বীনৰ পৰা কাৰ্বহাইড্ৰেট পাব পাৰে ৷ দালি আৰু বুটৰ দ্বাৰা প্ৰ’টিন আৰু কাৰ্ব লাভ কৰিব পাৰে ৷ মাহজাতীয় শস্যই আপোনাক দীৰ্ঘসময়লৈকে শক্তি প্ৰদান কৰে আৰু লগতে আপোনাৰ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত ৰাখে ৷

  • মাল্টিগ্ৰেইন পাস্তা

অস্বাস্থ্যকৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে পাস্তা ৷ কিন্তু তথাপিও মানুহে ইয়াক উপভোগ কৰিবলৈ কোণ্ঠাবোধ নকৰে ৷ অৱশ্যে কাৰ্বৰ বাবেও আপুনি মৈদাৰে তৈয়াৰী অস্বাস্থ্যকৰ পাস্তা খোৱাৰ পৰিৱৰ্তে মাল্টিগ্ৰেইন পাস্তা খাব পাৰে ৷

  • বেৰী

স্বাভাৱিকতে এই ফলবিধ সোৱাদত মিঠা চকলেটৰ দৰে, যি এন্টিঅক্সিডেন্ট আৰু ফাইবাৰেৰে ভৰপূৰ ৷ ইয়াক দৈত মিহলাইও খাব পাৰে বা আপুনি গোটাকৈও বেৰীক উপভোগ কৰিব পাৰে ৷

লগতে পঢ়ক: World Arthritis Day 2023: কিয় বৃদ্ধি পাইছে অষ্টিঅ’আৰ্থৰাইটিছৰ আশংকা; ইয়াক কেনেকৈ কৰিব প্ৰতিৰোধ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.