ETV Bharat / health

আয়ুৰ্বেদ অনুসৰি বসন্ত ঋতুচৰ্যা কি ?

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:01 PM IST

Spring Sicknesses: বসন্ত ঋতুচৰ্যা কি ? এই সময়ছোৱাত কেনেধৰণৰ খাদ্য খাব লাগে আৰু কি কি খাদ্য খাব নালাগে ? কফ বৃদ্ধিৰ লগে লগে কেনেধৰণৰ ৰোগ বা সমস্যা হ'ব পাৰে ? এই সন্দৰ্ভত জনালে আয়ুৰ্বেদ তথা পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মাই ৷

Diseases in the spring season
আয়ুৰ্বেদ অনুসৰি বসন্ত ঋতুচৰ্যা কি ?

আয়ুৰ্বেদ তথা পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মা

গুৱাহাটী, 23 ফেব্ৰুৱাৰী: আয়ুৰ্বেদ অনুসৰি ৬ প্ৰকাৰৰ ঋতুৰ কথা উল্লেখ কৰা হৈছে ৷ গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত ঋতু ৷ চত আৰু বহাগৰ মাহৰ সময়ছোৱাক বসন্ত ঋতু বুলি কোৱা হয় ৷ এই ঋতুৰ সময়ছোৱাত প্ৰতিগৰাকী লোকেই নিজৰ স্বাস্থ্য যতন লোৱাটো অতি আৱশ্যক ৷ কাৰণ এই সময়ছোৱাত কফৰ পৰা হোৱা ভিন্ন ৰোগ হোৱা দেখা যায় ৷ লগতে বসন্ত ঋতুৰ সময়ছোৱাত মানুহৰ ভিন্ন ধৰণৰ ছালৰ ৰোগ হোৱা দেখা যায় ৷

আনহাতে, আৰ্য়ুবেদত অন্য এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে ঋতু সন্ধি ৷ ঋতু সন্ধি অৰ্থাৎ যাবলগীয়া ঋতুৰ ১৫ দিন আৰু আহিবলগীয়া ঋতুৰ ১৫ দিনৰ সময়ছোৱা ৷ বসন্ত ঋতু পূৰ্বৰ সময়ছোৱা হৈছে শীতকাল ৷ শীতকালৰ সময়ছোৱাত কফ দোষ আমাৰ শৰীৰত সঞ্চিত হয় ৷ বসন্তৰ আগমনৰ লগে লগে সঞ্চিত কফ গলিব আৰম্ভ কৰে ৷ যাৰ বাবে বসন্তৰ আগমনৰ লগে লগে কাঁহ, এজমা আদিৰ সমস্যা হোৱা দেখা যায় ৷ সেয়ে এই সময়ছোৱাত প্রতিগৰাকী লোকেই নিজৰ স্বাস্থ্যৰ যতন লোৱাৰ লগতে খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিয়াটো অতি আৱশ্যক ৷

এই সময়ছোৱাত কেনেধৰণৰ খাদ্য খাব লাগে আৰু কি কি খাদ্য খাব নালাগে ?

আয়ুৰ্বেদ অনুসৰি এই সময়ছোৱাত তিনিটা ধৰণৰ প্ৰধান ৰসযুক্ত খাদ্য কমাই খাব লাগে ৷ সেই কেইবিধ হৈছে-মধুৰ, অম্ল আৰু লৱন ৷ এই তিনিটা ৰসৰ পৰা আমাৰ শৰীৰত কফ আৰু সৃষ্টি হয় ৷ তাৰ সলনি গুকান আদা, জালুক, আজৱাইন দৈনিক খাদ্যৰ লগত গ্ৰহণ কৰিব পাৰিলে ভাল ৷ লগতেই তিতা কেৰেলা, নিমপাত, হালধি আদি খাব লাগে ৷ যদি ২৫ দিন বা এমাহলৈ দৈনিক পুৱা কোমল নিমপাত ১০ খিলা খোৱাৰ অভ্যাস কৰিব পাৰে তেন্তে ভিন্ন ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব ৷

কফ বৃদ্ধিৰ লগে লগে কেনেধৰণৰ ৰোগ বা সমস্যা হ'ব পাৰে ?

কফৰ বাবে ভিন্ন ধৰণৰ ছালৰ ৰোগ , এলাৰ্জি, শ্বাস-প্ৰশ্বাস জনিত সমস্যা, টোপনিৰ ভাৱ বৃদ্ধি হোৱা আদি সমস্যাই দেখা দিব ৷ যাৰ বাবে দিনত কেতিয়াও শুৱ নালাগে, ভাগৰুৱা অনুভৱ হ'ব পাৰে ৷

লগতে পঢ়ক: নাৰিকলৰ পানী খায় নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.