ETV Bharat / entertainment

ক’ভিড 19 ভেকছিনৰ বাবে হৃদক্ৰিয়া বন্ধ হৈছিল শ্ৰেয়াছ তলপাড়েৰ ! - Shreyas Talpade heart attack

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 12:43 PM IST

Shreyas Talpade heart attack
ক’ভিড 19 ভেকছিনৰ বাবে হৃদক্ৰিয়া বন্ধ হৈছিল শ্ৰেয়াছ তলপাড়েৰ !(File Photo- @shreyastalpade27 instagram)

Shreyas Talpade heart attack: "ক’ভিড ১৯ ৰ টীকাকৰণৰ পিচৰ পৰাই মই যথেষ্ট এলেহুৱা আৰু ভাগৰুৱা অনুভৱ কৰিছিলো ৷" - শ্ৰেয়াছ তলপাড়ে ৷

চিটাৰা ডেস্ক, 5 মে’ : গোলমাল ছবিখনৰ জনপ্ৰিয় অভিনেতা শ্ৰেয়াছ তলপাড়েই বিগত বছৰত হৃদৰোগত আক্ৰান্ত হৈছিল ৷ শেহতীয়াকৈ এই সন্দৰ্ভত মুকলিকৈ মন্তব্য প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে । অভিনেতাগৰাকীয়ে সম্ভাৱনা ব্যক্ত কৰি কয় যে সম্ভৱতঃ ক’ভিড-19 ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে তেওঁৰ হৃদক্ৰিয়া বন্ধ হৈছিল ।

তেওঁ লগতে কয় যে তেওঁ নিজ স্বাস্থ্যৰ বহুতো যত্ন লয় তৎস্বত্বেও তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল । তেওঁ জানিব বিচাৰিছিল যে কৰ’ণা টীকাকৰণৰ পাৰ্শ্বক্ৰিয়াৰ প্ৰভাৱৰ বাবে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল নেকি ? কৰ’ণা মহামাৰীৰ সময়ত বিশ্বব্যাপী লাখ লাখ লোকক এই টীকাকৰণ প্ৰদান কৰা হৈছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এটা সাক্ষাৎকাৰত শ্ৰেয়াছে তেওঁৰ স্বাস্থ্যৰ বিষয়ে কয় যে শেহতীয়াকৈ 30 ৰ পৰা 40 বছৰ বয়সৰ লোকসকলে সঘনাই হৃদৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বহুলোকৰ আকস্মিকভাৱে মৃত্যুও হৈছে ।

"মই নিজে বহুত ভয় খাইছো । এয়া বহুত দুৰ্ভাগ্যজনক আৰু অপ্ৰত্যাশিত আছিল । মই স্বাস্থ্যৰ প্ৰতি সাৱধানতা, সম্পূৰ্ণ ডায়েটৰ লগতে স্বাস্থ্যৰ প্ৰতি বহুতো যত্নও লৈছো ৷"

শ্ৰেয়াছে লগতে কয়, ‘‘মই ধূমপান নকৰো । মই নিয়মীয়া সুৰাপান নকৰো, মই সম্ভৱতঃ মাহত এবাৰ সুৰাপান কৰো । মই ধঁপাতযুক্ত সামগ্ৰীও নাখাওঁ ৷ মোৰ কলেষ্টেৰল অলপ বৃদ্ধি হৈছিল, এতিয়া মোক এয়া স্বাভাৱিক বুলি কোৱা হৈছিল । মই কলেষ্টৰেলৰ বাবে ঔষধ গ্ৰহণ কৰি আছিলো ৷ তাৰ পিচতে কলেষ্টৰেলৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস হৈছিল ৷ মোৰ ডায়েবেটিছ নাই, ৰক্তচাপ নাই, তেন্ত হৃদৰোগৰ কাৰণ কি হ’ব পাৰে ?"

ক’ভিড-১৯ ভেকচিনৰ সন্দৰ্ভত তেওঁ কয়, "ক’ভিড-19 ৰ টীকাকৰণৰ পিচৰ পৰাই মই অলপ ভাগৰুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলো । ইয়াত কিছু সত্যতা আছে । আমি এইটো তত্ত্ব অস্বীকাৰ কৰিব নোৱাৰো । এইটো অতি দুৰ্ভাগ্যজনক কথা যে আমি সঁচাকৈয়ে নাজানো যে আমি আমাৰ শৰীৰৰ ভিতৰত কি ভেকচিন লৈছো । আমি ক’ভিড মহামাৰীৰ ঢৌত উটি কোম্পানীবোৰক বিশ্বাস কৰিছিলো । মই কেতিয়াও কোভিড-19 ৰ আগতে এনে ঘটনাৰ বিষয়ে শুনা নাছিলো ।"

শ্ৰেয়াছে হৃদৰোগত আক্ৰান্ত হোৱাৰ সময়ৰ কথা মনত পেলাই কয় যে সেই সময়ত তেওঁ 'ৱেলকাম টু দ্যা জাংগল' ছবিখনৰ দৃশ্যগ্ৰহণ কৰি আছিল । তেওঁলোকে এটা দৃশ্যত কাম কৰি থকাৰ সময়তে শ্ৰেয়াছে পানীত জঁপিয়াব লগা হৈছিল । তেনে সময়তে তেওঁ হঠাতে শ্বাসহীন অনুভৱ কৰিছিল ৷ লগে লগে তেওঁৰ বাঁও বাহুত বিষ হৈছিল ৷ তেওঁক কোনোমতে ভেনিটি ভেনলৈ লৈ গৈ কাপোৰ সলনি কৰি দিয়া হৈছিল । সহকৰ্মীসকলে তেওঁক কি হৈছে সুধোতে তেওঁ একো ক’বলৈ পৰা নাছিল ৷ তাৰ পিচতে তেওঁ ঘৰলৈ গৈ ৰক্তচাপ পৰীক্ষা কৰোতে বেছি থকা বুলি উলাইছিল ৷

উল্লেখ্য যে 2023 চনৰ 14 ডিচেম্বৰত, শ্ৰেয়াছে তেওঁৰ আহিবলগীয়া ছবি ৱেলকাম টু দ্যা জাংগলৰ দৃশ্যগ্ৰহণৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈছিল । তেওঁক মুম্বাইৰ বেলভিউ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

লগতে পঢ়ক : ৩৩ বছৰৰ পিচত পুৰণি বন্ধুক দেখি অমিতাভ বচ্চনৰ উষ্ম আলিংগন - Amitabh Bachchan and Rajinikanth

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.