ETV Bharat / entertainment

৩৩ বছৰৰ পিচত পুৰণি বন্ধুক দেখি অমিতাভ বচ্চনৰ উষ্ম আলিংগন - Amitabh Bachchan and Rajinikanth

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 10:30 PM IST

Amitabh Bachchan and Rajinikanth : তামিল চলচ্চিত্ৰ ভেট্টায়ানৰ ছেটত অমিতাভ বচ্চন আৰু ৰজনীকান্তৰ উষ্ণ আলিংগন ৷ ৩৩ বছৰৰ পিচত লগ দুয়োয়ে ইজনে-সিজনক লগ পাইছিল ৷

Amitabh Bachchan and Rajinikanth
অমিতাভ বচ্চন আৰু ৰজনীকান্তৰ উষ্ম আলিংগন, শ্বেয়াৰ কৰিলে সুন্দৰ মুহূৰ্তৰ ফটো (etv baharat english)

চিটাৰা ডেস্ক, 3 মে’ : কিংবদন্তী অভিনেতা অমিতাভ বচ্চন আৰু ৰজনীকান্তৰ আহিবলগীয়া ছবি ভেট্টায়ানে ইতিমধ্যে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ শেহতীয়াকৈ ৩৩ বছৰৰ পিচত পুৰণি বন্ধু ৰজনীকান্তক দেখি অমিতাভ বচ্চনে উষ্ম আলিংগন কৰে ৷ সম্প্ৰতি ছেটৰ বহু ফটো সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷

দুয়োগৰাকী অভিনেতাকে চ্যুট পিন্ধি সৌহাৰ্দ প্ৰদৰ্শন কৰা দেখা যায় । দুয়োগৰাকী অভিনেতাই এটা ফ্ৰেমত তেওঁলোকে ইজনে-সিজনৰ কাষত থিয় হৈ ফটোৰ বাবে প’জ দিয়ে, আন এখন ফটোত দুয়োগৰাকী অভিনেতাই ইজনে-সিজনক এক উষ্ম আলিংগন কৰি হাঁহিৰে সম্ভাষণ জনায় ৷

ফটোত জ্যেষ্ঠ অভিনেতা ৰজনীকান্তে গাঢ় নীলা ব্লেজাৰ, ক'লা চাৰ্ট আৰু ট্ৰাউজাৰ পিন্ধি পৰিধান কৰে ৷ আনহাতে অমিতাভ বচ্চনে এটা ক'লা ব্লেজাৰ, বগা চাৰ্ট আৰু ধূসৰ ৱেষ্টকোট আৰু ট্ৰাউজাৰ পৰিধান কৰি আছে ।

ভেট্টায়ান চলচ্চিত্ৰখনে দুয়োজন অভিনেতাৰ পুনৰ্মিলন হিচাপে পৰিগণিত হৈছে ৷ আজিৰ পৰা 33 বছৰৰ পূৰ্বে দুয়োগৰাকী জ্যেষ্ঠ অভিনেতাই 'হম' ছবিখনত স্ক্ৰীন শ্বেয়াৰ কৰিছিল ৷ তদুপৰি, ভেট্টায়ান ছবিখনেৰে তামিল চলচ্চিত্ৰ উদ্যোগত অমিতাভ বচ্চনৰ আত্মপ্ৰকাশ হিচাপে পৰিগণিত হৈছে ৷

বিগত সপ্তাহত, প্ৰযোজনা গৃহ লাইকা প্ৰডাকশ্যনে ছ'চিয়েল মিডিয়াত ভেট্টায়ানৰ এখন নতুন পোষ্টাৰ উন্মোচন কৰিছিল ৷ য'ত ৰজনীকান্তে বন্দুক টোৱাই থকা দেখা গৈছিল ৷ তেওঁ পোষ্টাৰখনত ক'লা ছানগ্লাছ আৰু নীলা চাৰ্ট পিন্ধি থকা দেখা গৈছিল, লগতে মুখত এক হাঁহিৰ আভাস দেখা গৈছে । পোষ্টাৰখনত ২০২৪ চনৰ অক্টোবৰত ছবিখনৰ বিশ্বব্যাপী মুক্তিৰ কথা প্ৰকাশ কৰা হৈছে ৷ পোষ্টাৰখনৰ কেপশ্যনত লিখা আছিল, "কুৰি ভেচাচু। এই বৰ্ষৰ অক্টোবৰ মাহত চিনেমাগৃহত ভেট্টায়ানে চাবলৈ সাজু হওক ৷"

ভেট্টায়ান হৈছে ৰজনীকান্তৰ 170 তম ছবি ৷ এই ছবিখনত ফাহাদ ফাচিল, ৰাণা দগ্গুবাটি, ৰিতিকা সিং, মঞ্জু ৱাৰিয়াৰ আৰু দুশ্বাৰা বিজয়নকে বহুতো জনপ্ৰিয় কলাকুশলীয়ে অভিনয় কৰিছে ৷ ছবিখনত সংগীতৰ কাম কৰিছে অনিৰুদ্ধ ৰবিচন্দৰে ৷ সম্প্ৰতি ৰজনীকান্তে ত্ৰিবান্দ্ৰম, তিৰুনেলভেলি আৰু তুতিকোৰিনকে ধৰি বিভিন্ন স্থানত চলচ্চিত্ৰখনৰ বাবে চিত্ৰগ্ৰহণ কৰি আছে ।

লগতে পঢ়ক: চুক্তিভংগৰ বাবে কমল হাছানৰ বিৰুদ্ধে অভিযোগ দাখিল পৰিচালক লিংগাস্বামীৰ - Uttama Villain film controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.