অমৰজোত কৌৰৰ ওপৰত মন্তব্য পৰিণীতিৰ; সামাজিক মাধ্য়মত ট্ৰ’ল - PARINEETI CHOPRA
Parineeti Chopra slammed by netizens : অমৰজোত কৌৰৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ পৰিণীতিয়ে ওজন বঢ়াইছিল বুলি কৰা মন্তব্যৰ পিচতে সামাজিক মাধ্যমত অনুৰাগীয়ে পৰিণীতিক ট্ৰ’ল কৰিছে ৷

Published : April 22, 2024 at 2:21 PM IST
চিটাৰা ডেস্ক, 22 এপ্ৰিল : শেহতীয়াকৈ পৰিণীতি চোপ্ৰা আৰু দিলজিৎ দোঝান্সৰ নতুন ছবি অমৰ সিং চমকিলাই নেটফ্লিক্সত মুক্ত লাভ কৰিছে ৷ ছবিখনে মুক্তি লাভ কৰাৰ পিচতে দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে ৷ দুয়োগৰাকী অভিনেতাই তেওঁলোকৰ অভিনয়ৰ বাবে দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে ।
ইয়াৰ মাজতে পৰিণীতিয়ে এটা সাক্ষাৎকাৰত তেওঁ অভিনয় কৰা চমকিলাৰ পত্নী অমৰজোত কৌৰৰ চৰিত্ৰটোৰ বিষয়ে প্ৰকাশ কৰিছে । পৰিণীতিয়ে কৈছিল যে, এই চৰিত্ৰটোৰ বাবে তেওঁ যথেষ্ট ওজন বঢ়াব লগা হৈছিল ৷ পৰিণীতিয়ে এইদৰে কোৱা এটা ভিডিঅ’ পোহৰলৈ অহাৰ পিচতে সকলোৰে সমালোচনাৰ পাত্ৰ হৈছে পৰিণীতি ৷
ভিডিঅ'টোত, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চৰিত্ৰটো ৰূপায়ণ কৰি হোৱা অভিজ্ঞতাৰ বিষয়ে শ্বেয়াৰ কৰিছিল ৷ এই সন্দৰ্ভত ছবিখনৰ পৰিচালক ইমতিয়াজ আলীয়ে কয় যে পৰিণীতিয়ে এই চৰিত্ৰটোৰ বাবে ছয়ৰ পৰা সাত কিলোগ্ৰাম ওজন বঢ়াব লগা হৈছে ৷ ইয়াৰোপৰি পৰিণীতি চোপ্ৰাই তেওঁক মেকআপ অবিহনে অমৰজোত কৌৰৰ চৰিত্ৰটোত "বেয়া" দেখিছে বুলি কৰা মন্তব্যই দৰ্শকক হতবাক কৰি তুলিছে ৷
দৰ্শকে পৰিণীতিয়ে এই মন্তব্যৰে অমৰজোত কৌৰক অপমান কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "পৰিণীতি, অনুগ্ৰহ কৰি আপোনাৰ বৰ্ধিত ওজনৰ ন্যায্যতা প্ৰদান কৰিবলৈ আন কাৰোবাক টানি অনা বন্ধ কৰক আৰু নিজেক এনেকৈয়ে ধুনীয়া অনুভৱ কৰক ।"
আন এজনে মন্তব্য কৰে যে, "মই অমৰজোত কৌৰক চাবলৈ গুগল কৰিছিলো, তেওঁ শকত নহয়, না তেওঁ দেখিবলৈ বেয়া হয় ।" এই ছবিখন 12 এপ্ৰিলত নেটফ্লিক্সত মুক্তি লাভ কৰিছিল ৷ এই ছবিখন পঞ্জাৱী কণ্ঠশিল্পী অমৰ সিং চমকিলা আৰু তেওঁ পত্নী অমৰজোত কৌৰৰ বাস্তৱ জীৱনৰ ওপৰত আধাৰিত ৷
লগতে পঢ়ক :তেজেৰে লুতুৰি পুতুৰি পৰিণীতি... - PARINEETI CHOPRA

