ETV Bharat / entertainment

তেজেৰে লুতুৰি পুতুৰি পৰিণীতি... - PARINEETI CHOPRA

Parineeti Chopra: পৰিণীতি চোপ্ৰাই শেহতীয়াকৈ সংগীত নাট্য ছবি 'অমৰ সিং চমকিলা'ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছিল ৷ ছবিখন মুক্তিৰ পিচতে অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ দৃশ্যগ্ৰহণৰ ছেটৰ পৰা কেইবাখনো ফটো পোষ্ট কৰিছে ৷ ইয়াৰে মাজৰে এখন ছবিয়ে হতবাক কৰিছে অনুৰাগীক ৷ কিন্তু কিয়?

Parineeti Chopra
তেজেৰে লুটুৰি পুতুৰি পৰিণীতি...
author img

By ETV Bharat Assamese Team

Published : April 17, 2024 at 11:04 AM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 17 এপ্ৰিল : শেহতীয়াকৈ মুক্তি লাভ কৰা ছবি অমৰ সিং চমকিলাই দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে ৷ পৰিণীতি চোপ্ৰা আৰু দিলজিৎ দোচাঞ্জে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনে সামাজিক মাধ্যমকে ধৰি চলচ্চিত্ৰ উদ্যোগটো ব্যাপক চৰ্চা লাভ কৰিছে । এই বাস্তৱধৰ্মী চলচ্চিত্ৰখনত পঞ্জাৱৰ বিখ্যাত গায়ক অমৰ সিং চমকিলা আৰু তেওঁৰ পত্নীৰ কাহিনী দেখুওৱা হৈছে ৷

ইয়াৰ মাজতে ছবিখনৰ ছেটৰ পৰা পৰিণীতিয়ে শেহতীয়াকৈ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে ৷ তাৰে এখন ফটোত পৰিণীতিৰ কপালত তেজ পৰিলক্ষিত হৈছে ৷ এতিয়া এই ফটোখনে অনুৰাগীসকলক হতবাক কৰি তুলিছে ৷

পৰিণীতিয়ে মঙলবাৰে (১৬ এপ্ৰিল)ত তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত 'অমৰ সিং চমকিলা'ৰ ছেটৰ পৰা তেওঁৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল ৷ তেওঁ ছবিখনত অমৰ সিং চমকিলাৰ পত্নী অমৰজোত কৌৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ কিমান পৰিশ্ৰম কৰিছিল সেয়া দেখুৱাবলৈ যত্ন কৰা হৈছিল । পৰিণীতিয়ে এই ফটোসমূহৰ জৰিয়তে তেওঁৰ চুলি, মেকআপ আৰু সাজ-সজ্জা দলকো ধন্যবাদ জ্ঞাপন কৰে ৷

এই পোষ্টটোৰ জৰিয়তে তেওঁৰ দলটোক ধন্যবাদ জনোৱাৰ সময়ত পৰিণীতিয়ে কেপশ্যনত লিখিছিল 'মোৰ গ্লেমাৰ দলক ধন্যবাদ, মোক অমৰজোত হিচাপে জিলিকাই তোলাৰ বাবে, গুৰুদ্বাৰাৰ সকলো সুন্দৰ মুহূৰ্তৰ বাবে আৰু সমগ্ৰ ছবিখনত অমৰজোত হিচাপে এই ফটোসমূহ সাঁচি ৰখাৰ বাবে ৷"

এই পোষ্টটোত পৰিণীতিক তেজেৰে লুতুৰি পুতুৰি হৈ থকা দেখি ৰেপাৰ বাদশ্বাহে মন্তব্য কৰিছিল, 'তৃতীয় শ্লাইডৰ ফটোখনত গুলী খোৱাৰ ধৰণটো অলপ সাধাৰণ আছিল ৷'

এই কমেণ্টত অভিনেত্ৰীগৰাকীয়ে উত্তৰ দিছিল যে 'সদায় ইতিবাচক চিন্তা কৰক ।' ইমতিয়াজ আলীৰ দ্বাৰা পৰিচালিত 'অমৰ সিং চমকিলা' ছবিখন নেটফ্লিক্সত 12 এপ্ৰিলত মুক্তি লাভ কৰিছে ৷

লগতে পঢ়ক: বিশেষ পোষ্টাৰযোগে অমৰ সিং চমকিলালৈ শ্ৰদ্ধাঞ্জলি আমুলৰ - Amar Singh Chamkila