ETV Bharat / entertainment

বিশেষ পোষ্টাৰযোগে অমৰ সিং চমকিলালৈ শ্ৰদ্ধাঞ্জলি আমুলৰ - Amar Singh Chamkila

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 12:22 PM IST

Amul Tribute to Amar Singh Chamkila
বিশেষ পোষ্টাৰযোগে অমৰ সিং চমকিলালৈ শ্ৰদ্ধাঞ্জলি আমুলৰ

Amul Tribute to Amar Singh Chamkila : শেহতীয়াকৈ মুক্তি লাভ কৰা ছবি অমৰ সিং চামকিলাই দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে ৷ ইয়াৰ পিচতে প্ৰখ্যাত দুগ্ধ ব্ৰেণ্ড আমুল ইণ্ডিয়াই ছবিখনৰ এখন পোষ্টাৰ প্ৰস্তুত কৰি পাঞ্জাৱী গায়কজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

চিটাৰা ডেস্ক, 16 এপ্ৰিল : জনপ্ৰিয় পঞ্জাবী গায়ক তথা অভিনেতা দিলজিৎ দোচাঞ্জ আৰু মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰা অভিনীত অমৰ সিং চামকিলা ছবিখন মুক্তিৰ পিচতে ব্যাপক সঁহাৰি লাভ কৰিছে ৷ ছবিখনে শেহতীয়াকৈ নেটফ্লিক্সত মুক্তিৰ পিচৰে পৰা সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে ৷ সংগীত নাট্যৰূপী ছবিখনৰ প্লট আৰু চিনেমেটিক দৃশ্যগ্ৰহণে সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে ।

দৰ্শকে ছবিখনৰ যথেষ্ট প্ৰশংসা কৰিছে ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা দিলজিৎ আৰু পৰিণীতিয়ে । দুয়োগৰাকীৰ অভিনয়ক দৰ্শকে একেমুখে শলাগ লৈথে ৷ ইয়াৰ পিচতে জনপ্ৰিয় দুগ্ধ কোম্পানী আমুল ইণ্ডিয়াই এখন সৃষ্টিশীল পোষ্টাৰৰ জৰিয়তে ছবিখনক প্ৰশংসা কৰাৰ লগতে অমৰ সিং চমকিলাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

প্ৰখ্যাত দুগ্ধ প্ৰতিষ্ঠান আমুল ইণ্ডিয়াই শেহতীয়াকৈ ইনষ্টাগ্ৰামত এক এনিমেটেড পোষ্টাৰ পোষ্ট কৰে ৷ এই পোষ্টাৰখনত পৰিণীতি চোপ্ৰা আৰু দিলজিৎ দোচাঞ্জক অমৰ সিং চামকিলা চলচ্চিত্ৰত অভিনয় কৰাৰ এক হুবহু চৰিত্ৰ দেখুওৱা হৈছে ৷ পোষ্টাৰখনত দুয়োগৰাকীয়ৈ লাইভ গীত পৰিৱেশন কৰা আৰু ব্ৰেডৰ ওপৰত মাখন লগাই থকা আৰু মাইক্ৰ'ফোনত গীত গাই থকা দেখা গৈছে ৷

পোষ্টাৰত লিখা আছে : "এক চামচ খিলা, আমুল পাঞ্জাৱ দা বুত্তৰ ।" পৰিণীতিয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰী শাখাত দুটা হৃদয়ৰ আকৃতিৰ ইমোজিৰ সৈতে এই পোষ্টাৰটো শ্বেয়াৰ কৰি সঁহাৰি দিয়ে ৷

আমুলৰ পোষ্টাৰ
আমুলৰ পোষ্টাৰ

প্ৰখ্যাত পাঞ্জাবী শিল্পী অমৰ সিং চমকিলাৰ আত্মজীৱনীৰ ওপৰত আধাৰ কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে । 1980 দশকৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী আছিল চমকিলা ৷ চমকিলাই 1980 দশকৰ লাইভ বৈদ্যুতিক প্ৰদৰ্শন আৰু সংগীতত অভিলেখ ভংগ কৰিছিল । ইমতিয়াজ আলীৰ এই চলচ্চিত্ৰখন অনুৰাগীৰ লগতে তাৰকাসকলেও যথেষ্ট প্ৰশংসা কৰা দেখা গৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শেহতীয়াকৈ ছবিখনৰ বিষয়ে কাৰ্তিক আৰিয়ান, ৰাজকুমাৰ ৰাও আৰু ত্ৰিপতি ডিমৰীয়েও মতামত দিছিল ৷ অভিনেতা দিলজিৎ দোচাঞ্জে সংগীতজ্ঞ চমকিলাৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে 1980 দশকত, দৰিদ্ৰতাৰ পৰা বিশ্বব্যাপী স্বীকৃতিলৈ গীত ৰচনা কৰি পৰিৱেশন কৰিছিল ৷ পৰিণীতিয়ে অমৰ সিং চমকিলাৰ পত্নী অমৰজোত কৌৰৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখন 12 এপ্ৰিলত নেটফ্লিক্সত মুক্তি দিয়া হৈছে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ ৰণবীৰ-কৃতি - Ranveer and Kriti at Kashi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.