ETV Bharat / entertainment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ ৰণবীৰ-কৃতি - Ranveer and Kriti at Kashi

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 2:26 PM IST

Ranveer Singh and Kriti Sanon at Kashi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ ৰণবীৰ-কৃতি

Ranveer Singh and Kriti Sanon at Kashi: বলীউড অভিনেতা ৰণবীৰ সিং আৰু কৃতি শ্বেননে দেওবাৰে কাশীত এক ফেশ্বন শ্ব’ৰ বাবে উপস্থিত হয় । চহৰখনৰ পৰিৱৰ্তন দেখি দুয়োগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷

চিটাৰা ডেস্ক, 15 এপ্ৰিল : দেওবাৰে বলীউডৰ অভিনেতা ৰণবীৰ সিং আৰু কৃতি শ্বেননে ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ফেশ্বন শ্ব'ৰ বাবে উত্তৰ প্ৰদেশৰ কাশীত উপস্থিত হয় ৷ দেশৰ অন্যতম তীৰ্থস্থান বাৰাণসীৰ উন্নয়ন দেখি দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰে ৷

দুয়োগৰাকীয়ে বিখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ফেশ্বন শ্ব'ৰ বাবে শ্ব'জটপাৰ আছিল । অনুষ্ঠানটোৰ থীমছ আছিল 'বেনাৰসী শাৰী-ভাৰতীয় সংস্কৃতি আৰু শিল্পীসকলৰ এক সংমিশ্ৰণ '। "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিপিনী সম্প্ৰদায়ৰ (বাৰাণসী) সুৰক্ষা আৰু প্ৰচাৰৰ বাবে যি কৰিছে তাক আমি আন্তৰিকতাৰে প্ৰশংসা কৰো । তেওঁ যোৱা ১০ বছৰত কাশীৰ চেহেৰা সম্পূৰ্ণৰূপে সলনি কৰিছে ।" অভিনেতা ৰণবীৰ সিঙে এই মন্তব্য প্ৰকাশ কৰে ৷

এয়া মুম্বাইৰ ৫ ষ্টাৰতকৈ বহুগুণে ভাল বুলি ৰণবীৰ সিঙে প্ৰশংসা কৰি কয়, "এই অনুষ্ঠানটো আশ্চৰ্যজনক আছিল । গংগা নদীৰ পাৰত ৰেম্প-ৱাকিং কৰাৰ অভিজ্ঞতা লাখ লাখ লোকে অনুভৱ কৰিছিল । এয়া মুম্বাইৰ ৫ ষ্টাৰতক বহুগুণে ভাল । এই অনুষ্ঠানটোৱে আমাৰ বয়ন সম্প্ৰদায়ৰ উৎকৃষ্ট কাৰুশিল্প প্ৰদৰ্শন কৰিছে ।"

আজিৰ যুৱপ্ৰজন্মই নিজ দায়িত্ব পালন কৰি ভোটদান কৰক :

যুৱপ্ৰজন্মক আধুনিক প্ৰৱণতা আৰু আচৰণৰ প্ৰতি মনোযোগ দিবলৈ আৰু আমাৰ দেশৰ ঐতিহ্যৰ বিষয়ে সচেতন হ'বলৈ আমন্ত্ৰণ জনাই ৰণবীৰে কয়, "আমাৰ দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি গৌৰৱ কৰাটো অতি গুৰুত্বপূৰ্ণ । এই মাহটো অতি গুৰুত্বপূৰ্ণ । আপোনালোকে দায়িত্ব পাহৰি নাযাব ৷ আপোনালোক ভাৰতৰ ভৱিষ্যত, আপোনালোকৰ দায়িত্ব উপলব্ধি কৰক আৰু ভোট দিয়ক ৷"

কৃতিয়ে বাৰাণসীৰ পৰিৱৰ্তনশীল উন্নয়ন আৰু বেনাৰসী শাৰীখনক অনন্য আৰু ধুনীয়া কৰি তোলাৰ বিষয়ে প্ৰশংসা কৰি কয়, "মই সদায় হাতেৰে বোৱা এজোৰ পোছাক পিন্ধিব বিচাৰিছিলো ৷ ই আমাৰ ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতীক । বেনাৰসী শাৰী শিপিনীসকলে নিজ হাতে কষ্ট কৰি বোৱা শিল্প ৷ ইয়াৰ এটা এটা কাম কৰিবলৈ বহুদিন লাগে ৷ মই সুখী যে মই এই প্ৰচেষ্টাৰ অংশ হ'ব পাৰিছো । কাশী বিকাশ আমাৰ ঐতিহ্যৰ এটা ভাল উদাহৰণ । যোৱা 10 বছৰত কাশীয়ে দেখা পুনৰ্বিকাশৰ স্বত্বেও, ইয়াৰ আধ্যাতিক্মতা একেই আছে ৷"

লগতে পঢ়ক: ধন, ক্ষমতা আৰু যশৰ কাৰণে বলীউডত বহু লোকে বিবাহপাশত আৱদ্ধ হয়- নোৰা ফাতেহী - NORA FATEHI ON Bollywood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.