ETV Bharat / entertainment

অ’টিটিত মুক্তি পাব কেটৰিণা-বিজয়ৰ মেৰী খ্ৰীষ্টমাছ

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:53 PM IST

Katrina Kaif, Vijay Sethupathi starrer Merry Christmas OTT Release Date announced
মেৰী খ্ৰীষ্টমাছ অ’টিটি মুক্তি

Merry Christmas OTT Release: কেটৰিণা কাইফ আৰু বিজয় সেতুপতীৰ ছাচপেন্স-থ্ৰিলাৰ ছবি মেৰী খ্ৰীষ্টমাছ এতিয়া OTT প্লেটফৰ্মত মুক্তিৰ বাবে সাজু হৈছে । কেতিয়া আৰু ক’ত মুক্তি পাব জানি লওক ৷

চিটাৰা ডেস্ক, ৫ মাৰ্চ: চলিত বৰ্ষৰ ১২ জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিছিল কেটৰিণা কাইফ আৰু বিজয় সেতুপতীৰ ছবি মেৰী খ্ৰীষ্টমাছ । এই ছবিখন পৰিচালনা কৰিছে শ্ৰীৰাম ৰাঘৱনে । ছবিখন ছবিগৃহত যেতিয়া মুক্তি পাইছিল, তেতিয়া ই মিশ্ৰিত সমালোচনা পাইছিল ৷ যাৰ বাবে ছবিখনে বক্স অফিচত দেখুৱাব নোৱাৰিলে ভাল ফলাফল ৷ অৱশ্যে ছবিগৃহৰ পিচত এতিয়া ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তিৰ বাবে সাজু হৈছে । ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ কৰা হৈছে । এই সপ্তাহত ঘৰতে বহি চাব পাৰিব মেৰী খ্ৰীষ্টমাছ । গতিকে কোন তাৰিখত আৰু কোনটো OTT প্লেটফৰ্মত মুক্তি পাব জানো আহক এই প্ৰতিবেদনত ।

মেৰী খ্ৰীষ্টমাছত মুখ্য চৰিত্ৰত দেখা গৈছে কেটৰিণা কাইফ আৰু বিজয় সেতুপতীক ৷ অনুৰাগীয়ে প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত এই যুটিটো চাবলৈ পাইছিল । বিজয় আৰু কেটৰিণাৰ যুটিটো বহুতে ভাল পাইছে ।

কেতিয়া অ’টিটিত মুক্তি পাব মেৰী খ্ৰীষ্টমাছ ?

কেটৰিণা কাইফ আৰু বিজয় সেতুপতীৰ মেৰী খ্ৰীষ্টমাছ ৮ মাৰ্চত নেটফ্লিক্সত মুক্তি পাব । অ’টিটি প্লেটফৰ্মত এই ছবিখন চাবলৈ কেটৰিণাৰ অনুৰাগীয়ে বহু সময়ৰ পৰা অপেক্ষা কৰি আছিল ৷ কিন্তু এতিয়া অতি সোনকালেই অন্ত পৰিব অপেক্ষাৰ ।

মেৰী খ্ৰীষ্টমাছৰ বক্স অফিচ সংগ্ৰহ

বক্স অফিচ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে মুক্তিৰ দিনটোত মাত্ৰ ২.৫৫ কোটি টকাহে সংগ্ৰহ কৰিছিল । এই ছবিখনৰ বাবে ১০ কোটি টকাও উপাৰ্জন কৰাটো কঠিন হৈ পৰিছিল । ছবিখনৰ মুঠ সংগ্ৰহ আছিল ২৬.২৫ কোটি টকা ।

ছবিখনৰ কাহিনী কি আছিল ?

যদি আমি মেৰী খ্ৰীষ্টমাছৰ কাহিনীৰ কথা কওঁ, তেন্তে ই এক হত্যাৰ ৰহস্যৰ আধাৰত নিৰ্মিত ছবি । বৰদিনৰ নিশা সংঘটিত হোৱা এটা হত্যাকাণ্ড । সেইদিনা মাৰিয়া আৰু এলবাৰ্টৰ লগ হয় আৰু দুয়ো প্ৰেমত পৰে । এই ছবিখনত কেটৰিণা আৰু বিজয়ৰ উপৰিও সঞ্জয় কাপুৰ, ৰাধিকা আপ্তে, টিনু আনন্দ আৰু বিনয় পাঠকে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যায় ।

লগতে পঢ়ক: AI ৰ বিপজ্জনক দিশৰ আধাৰত নিৰ্মিত ছবি আইৰাৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.