ETV Bharat / entertainment

AI ৰ বিপজ্জনক দিশৰ আধাৰত নিৰ্মিত ছবি আইৰাৰ ট্ৰেইলাৰ মুকলি

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:00 PM IST

IRaH Trailer: ‘আইৰা’ৰ ট্ৰেইলাৰ মুকলি হ’ল ৷ ‘আইৰা’ত এ আই আৰু উন্নত প্ৰযুক্তিৰ অপব্যৱহাৰৰ বিভিন্ন দিশ দেখুওৱা হ’ব ৷

Rohit Bose Roy starrer film IRaH Official Trailer out now
আইৰাৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, ৫ মাৰ্চ: মুক্তি পালে ৰোহিত ৰয় অভিনীত ছবি ‘আইৰা’ৰ ট্ৰেইলাৰ । ছবিখনত AI প্ৰযুক্তিৰ বিপদজনক প্ৰভাৱ দেখুওৱা হ’ব, যাৰ কিছু আভাস ট্ৰেইলাৰত দেখা পোৱা গৈছে । ট্ৰেইলাৰত ষ্টক মাৰ্কেটৰ পৰা আৰম্ভ কৰি ভৱিষ্যতে ব্যক্তিগত জীৱনত এআই প্ৰযুক্তিৰ এনে প্ৰভাৱ দেখুওৱা হৈছে যিবোৰ মানুহে কল্পনাও কৰিব নোৱাৰে ।

‘আইৰা’ৰ ট্ৰেইলাৰৰ পৰা বুজিব পাৰি যে ছবিখনত ডিপফেক, এআই আৰু উন্নত প্ৰযুক্তিৰ অপব্যৱহাৰৰ বিভিন্ন দিশক দেখুওৱা হ’ব । ডাৰ্ক ৱেবৰ বহু গোপনীয়তা ছবিখনত প্ৰকাশ পাব । ডিপফেক আৰু ডাৰ্ক ৱেবৰ জৰিয়তে এজন হেকাৰে ব্যৱসায়ী (ৰোহিত ৰয়)ক কেনেকৈ অপহৰণ কৰে সেয়াও ছবিখনৰ ট্ৰেইলাৰত দেখুওৱা হৈছে । উল্লেখ্য যে ছবিখনৰ এটা চফটৱেৰৰ নাম আইৰা । এই চফট্ ৱেৰটোৱে মানুহৰ ডিপফেক ক্ল’ন তৈয়াৰ কৰে আৰু ইয়াৰ জৰিয়তে ছবিখনৰ এআই কিং ৰোহিত ৰয়ক এজন হেকাৰে বন্দী কৰি লয় ।

ৰোহিত বসু ৰয়ে শ্বেয়াৰ কৰিলে আইৰাৰ ট্ৰেইলাৰ

ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰি ৰোহিত বসু ৰয়ে লিখিছে, ‘‘গতিকে ইয়াত আছে, IRah ৰ ট্ৰেইলাৰ ! কৃত্ৰিম বুদ্ধিমত্তা আমাৰ ভৱিষ্যতৰ এক নিৰ্দিষ্ট অংশ হ’ব পাৰে । কিন্তু ভুল হাতত পৰিলে সামগ্ৰিকভাৱে পৃথিৱীখন বিপদত পৰিব ! ছবিখন ডাঙৰ পৰ্দাত মুক্তি পাব - ০৪.০৪.২৪ !’’

সম্ৰাট ভট্টাচাৰ্যৰ পৰিচালিত আইৰা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰোহিত বসু ৰয়ে । তেওঁৰ লগতে ৰাজেশ শৰ্মা, কৰিশ্মা কোটক, অমিত চানাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । ছাচপেন্স, ক্ৰাইম আৰু থ্ৰিলাৰেৰে ভৰা এই ছবিখন অহা ৪ এপ্ৰিলত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক : স্বাধীনতাৰ যুঁজত অংশগ্ৰহণ ছাৰা আলী খানৰ, এ ৱতন মেৰে ৱতনৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.