ETV Bharat / entertainment

কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় তাৰকাৰ চমকলগা ৰূপ - Cannes 2024

author img

By ETV Bharat Entertainment Team

Published : May 14, 2024, 1:47 PM IST

Cannes Film Festival 2024 : বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ হিচাপে প্ৰসিদ্ধ কাঁ চলচ্চিত্ৰ মহোৎসৱ 2024 ৰ 17 তম সংস্কৰণৰ বাবে সাজু হৈছে ফ্ৰান্সবাসী ৷ এই চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় তাৰকাসকলক অনন্য ৰূপত দেখা গৈছে ৷

Cannes Film Festival 2024
কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় তাৰকাৰ চমকলগা অৱতাৰ (ETV BHARAT HINDI)

চিটাৰা ডেস্ক, 14 মে’ : আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ, কাঁ চলচ্চিত্ৰ মহোৎসৱৰ 77 তম সংস্কৰণ মঙলবাৰ তথা 14 মে'ৰ পৰা আৰম্ভ হৈছে । এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে ফ্ৰাঞ্চ ৰিভিয়েৰাৰ ওপৰত ৷ চহৰখনত বিগত দিনকেইটাত তাৰকা-খচিত সংবাদ মেল, ৰেড কাৰ্পেট প্ৰদৰ্শন, চলচ্চিত্ৰ প্ৰিমিয়াৰ আৰু ইটোৰ পিচত সিটোকৈ বিভিন্ন পাৰ্টীয়ে সকলোকে আকৰ্ষণ কৰি আহিছে ৷

অৱশ্যে প্ৰতিবছৰে কাঁ চলচ্চিত্ৰ মহোৎসৱক লৈ বিভিন্ন বিতৰ্ক হৈ আহিছে ৷ এইবৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ সংস্কৰণৰ বিষয়বস্তু হৈছে যুদ্ধ, প্ৰতিবাদ, আসন্ন ধৰ্মঘট আৰু ফ্ৰান্সৰ #MeToo আন্দোলনৰ পটভূমি ৷

কাঁ চলচ্চিত্ৰ মহোৎসৱ 2024 :

কাঁ চলচ্চিত্ৰ মহোৎসৱ 14 মে'ত আৰম্ভ হ'ব আৰু 25 মে’, 2024 ত সমাপ্ত হ'ব । ফেষ্টিভেল ডি কাঁ 13 মে'ৰ পৰা 14 মে’লৈ, পুৱা 8 বজাৰ পৰা সন্ধিয়া 8 বজালৈ (ভাৰতীয় সময় মতে পুৱা 11:30 বজাৰ পৰা নিশা 11:30 বজালৈ) আৰু 15 মে’ৰ পৰা 25 মে’লৈ, পুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বজালৈ (ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজালৈ), চলচ্চিত্ৰ মহোৎসৱৰ অনুষ্ঠানসমূহ চলিব ৷

অফিচিয়েল ৱেবছাইটত উল্লেখ কৰা অনুসৰি, এই অনুষ্ঠানৰ সম্প্ৰচাৰ চাবলৈ আগ্ৰহীসকলে চলচ্চিত্ৰ মহোৎসৱৰ ইউটিউব চেনেল আৰু অফিচিয়েল ৱেবছাইটৰ জৰিয়তে লাইভ ষ্ট্ৰীম চাবলৈ পাৰিব ৷ এই লাইভ ষ্ট্ৰীমত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব ৷ যাৰ ভিতৰত আছে ৰেড কাৰ্পেট, একক সাক্ষাৎকাৰ, সংবাদমেল আৰু অন্যান্য অনুষ্ঠান ৷

কাঁৰ ৰেড কাৰ্পেটত ভাৰতীয় তৰকাৰ চমক :

প্ৰতিবৰ্ষৰ দৰে এইবাৰো কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত ভাৰতীয় তাৰকাই যাদু দেখুৱাবলৈ সাজু হৈছে ৷ বলীউডৰ মোহময়ী তাৰকা ঐশ্বৰ্য ৰায় বচ্চন, অদিতি ৰাও হায়দৰী আৰু শোভিতা ধুলিপালাৰ দৰে বলীউড তাৰকাসকলে এই মহোৎসৱত অংশগ্ৰহণ কৰিব । ইয়াৰ লগতে বহুতো প্ৰভাৱশালী আৰু ডিজিটেল উদ্ভাৱকো এই বছৰ কাঁ মহোৎসৱত আত্মপ্ৰকাশ কৰিব ।

এই বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰিবলগীয়া উল্লেখযোগ্য় সামাজিক মাধ্যমৰ কেইগৰাকীমান প্ৰভাৱশালী ব্যক্তি হৈছে- আৰ জে কৰিশ্মা, নেন্সি ত্যাগী, নিহাৰীকা, অংকুশ বাঘোনা, ভিটিলিগো, দীপ্তি সাধৱানী আৰু আন বহুতো । আনহাতে গায়ক-গীতিকাৰ আৰু ৰেপাৰ কিঙকো এইবৰ্ষৰ চলচ্চিত্ৰ মহোৎসৱত দেখা যাব ৷

ভাৰতীয় চলচ্চিত্ৰৰ তালিকা :

এইবৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰায় প্ৰতিটো মুখ্য শাখাত প্ৰৱেশৰ সৈতে, কাঁ আৰু ইয়াৰ চাইডবাৰত মুঠ আঠখন ভাৰতীয় বা ভাৰত-থীমযুক্ত চলচ্চিত্ৰক স্থান দিয়া হৈছে ৷ তেওঁলোকৰ প্ৰায় ছয়জনে অন্য সন্মানৰ বাবে প্ৰতিদ্বন্দিতা কৰিব । এইবৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত বাচনি হোৱা সকলো ভাৰতীয় চলচ্চিত্ৰ মহিলাৰদ্বাৰা পৰিচালিত অথবা মহিলা কেন্দ্ৰীক ৷

  • পায়েল কাপাডিয়াৰ ভাৰত-ফৰাচী-ডাচ্চ সহ-প্ৰযোজনাৰ অল উই ইমাজিন এজ লাইট নামৰ মালায়ালম আৰু হিন্দী চলচ্চিত্ৰখন ভাৰতীয় প্ৰচেষ্টাৰ শীৰ্ষত আছে । ই মহোৎসৱৰ শীৰ্ষ পুৰস্কাৰ পালমে ডি'অৰৰ বাবে প্ৰতিযোগিতা কৰিব , যোৱা তিনি দশকত এইখন প্ৰথমখন ভাৰতীয় চলচ্চিত্ৰ হ’ব যি পালমে ডি'অৰ পুৰস্কাৰ বাবে প্ৰতিযোগিতা কৰিব ৷
  • কনষ্টেনটিন বোজানভৰ ৰোমাণ্টিক নাটক, দ্য বেলজ্জে, কাঁ চলচ্চিত্ৰ মহোৎসৱ 2024-ৰ আন চাৰ্টেইন ৰিগাৰ্ড শাখাৰ বাবে বাছনি হৈছে ৷ এই ছবিখনত ভাৰতীয় আৰু নেপালী অভিনেতাই অভিনয় কৰিছে ৷
  • এফ.টি.আই.আই.-ৰ প্ৰাক্তন ছাত্ৰ চিদানন্দ এছ নায়কে, “SUNFLOWERS WERE FIRST ONES TO KNOW” ছবিখন 'লা চিনেফ" প্ৰতিযোগিতামূলক শাখাত বাচনি হৈছে ৷
  • ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা মানসী মহেশ্বৰীয়ে লা চিনেফত আমেৰিকা যুক্তৰাজ্যক প্ৰতিনিধিত্ব কৰে । মীৰাটত জন্মগ্ৰহণ কৰা এনিমেশ্যন পৰিচালকগৰাকীয়ে লণ্ডনৰ নেচনেল ফিল্ম এণ্ড টেলিভিছন স্কুল (এনএফটিএছ)ত নিৰ্মিত এখন নিজক পৰ্যায়ক্ৰমে প্ৰতিনিধিত্ব কৰা এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে ৷
  • কৰণ কান্ধাৰীৰ পৰিচালিত তথা ৰাধিকা আপ্তেৰ অভিনীত ভাৰতীয়-ব্ৰিটিছ ক্ৰাইম নাটক চিষ্টাৰ মিডনাইটে Directors' Fortnight entries ভিতৰত বাচনি হৈছে ৷
  • ভাৰতীয়-ইৰানী চলচ্চিত্ৰ নিৰ্মাতা মাইচাম আলীৰ প্ৰথম ফীচাৰ ছবি ইন ৰিট্ৰীট কাঁ এচিড ২০২৪ ৰ বাবে নিৰ্বাচিত হোৱা ফীচাৰ ফিল্মত বাচনি হৈছে ৷
  • শ্যাম বেনেগালৰ ক্ৰাউডফাণ্ডেড 1976 চনৰ ছবি "মন্থন" এইবৰ্ষৰ কাঁ ত 4 কে সংস্কৰণত প্ৰদৰ্শন কৰা হ’ব ৷

লগতে পঢ়ক: কাঁ 2024 ৰ বাবে নিৰ্বাচিত হৈছে ভাৰতীয়-ইৰানী চলচ্চিত্ৰ নিৰ্মাতা মাইচাম আলীৰ "ইন ৰিট্ৰীট" - CANNES 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.