ETV Bharat / entertainment

কাঁ 2024 ৰ বাবে নিৰ্বাচিত হৈছে ভাৰতীয়-ইৰানী চলচ্চিত্ৰ নিৰ্মাতা মাইচাম আলীৰ "ইন ৰিট্ৰীট" - CANNES 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 12:36 PM IST

Cannes 2024 : ঘোষণা হ’ল কাঁ এচিড ২০২৪ ৰ বাবে নিৰ্বাচিত হোৱা ফীচাৰ ফিল্মৰ তালিকা । এইবৰ্ষৰ কাঁ ত ভাৰতীয়-ইৰানী চলচ্চিত্ৰ নিৰ্মাতা মাইচাম আলীৰ প্ৰথম ফীচাৰ ছবি ইন ৰিট্ৰীট প্ৰিমিয়াৰ হ'ব ৷

Cannes ACID 2024
কা 2024 ৰ বাবে নিৰ্বাচিত হৈছে ভাৰতীয়-ইৰানী চলচ্চিত্ৰ নিৰ্মাতা মাইচাম আলীৰ "ইন ৰিট্ৰীট"

চিটাৰা ডেস্ক, 17 এপ্ৰিল : ফ্ৰান্সত ইণ্ডিপেণ্ডেণ্ট চিনেমাৰ (এচিডি) ডিফিউচন এছ'চিয়েশ্যনৰ দ্বাৰা পৰিচালিত কাঁ এচিড 2024 ৰ সমান্তৰাল শাখা লাইনআপ প্ৰকাশ কৰা হৈছে । এই বৰ্ষত তিনিখন তথ্যচিত্ৰকে ধৰি 9 খন চলচ্চিত্ৰ বিশ্ববাসীৰ আগত প্ৰিমিয়াৰ কৰা হ’ব ৷ এই বৰ্ষক ভাৰতক প্ৰতিনিধিত্ব কৰি ভাৰতীয়-ইৰানী চলচ্চিত্ৰ নিৰ্মাতা মাইচাম আলীৰ ফিচাৰ ছবি ইন ৰিট্ৰীটে এচিড 2024 লাইনআপত স্থান লাভ কৰিছে ।

এচিড হৈছে কা চলচ্চিত্ৰ মহোৎসৱৰ এক পাৰ্শ্ব অনুষ্ঠান ৷ এই অনুষ্ঠানত 30 বছৰৰো অধিক সময় ধৰি আগন্তুক, স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ দ্বাৰা প্ৰস্তুত কৰা ফৰাচী আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰা হয় ৷ মাইচাম আলীৰ ইন ৰিট্ৰীট কা 2024 মহোৎসৱৰ বাবে ইয়াৰ 2024 লাইনআপৰ অংশ হিচাপে প্ৰকাশ কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম । ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ (এফটিআইআই) পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিচত মাইচাম কেইবাখনো ছুটি ছবি সমগ্ৰ বিশ্বতে প্ৰদৰ্শন কৰাৰ পিচত তেওঁৰ প্ৰথমখন কল্পকাহিনী চলচ্চিত্ৰ ইন ৰিট্ৰীট মুক্তি দিয়ে ৷

এই ছবিখনত এগৰাকী 50 বছৰৰ উৰ্ধৰ লোকৰ এটা অকলশৰীয়া জীৱন কাহিনী দেখুওৱা হৈছে ৷ লোকজনে নিজ ভাতৃৰ অন্ত্যেষ্টিক্রিয়া পৰ্বত উপস্থিত থাকিব নোৱাৰি অনুতপ্ত হৈছিল ৷ তেওঁ নিজৰ বাসগৃহৰ কাঠগৰাত থিয় হৈ চিন্তা কৰিছিল যে এৰাতি পলম হোৱাৰ বাবেই তেওঁ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হেৰুৱাই দিয়ে ৷ তাৰ পিচতে তেওঁ নিজৰ পূৰণা ঘৰলৈ উভতি যায় ৷

হিমালয়ৰ লাডাখ অঞ্চলৰ বাসিন্দা ইৰানী পৰিচালকগৰাকীয়ে নিৰ্মাণ কৰা ফিচাৰ ফিল্মখনত ভাৰতীয় অভিনেতা হৰিশ খান্নাই অভিনয় কৰিছে ৷ ইয়াৰ পূৰ্বে, তেওঁৰ চুটি চলচ্চিত্ৰসমূহ ফ্ৰান্স, আমেৰিকা যুক্তৰাজ্য, ইউ এ ই আৰু ভাৰতত প্ৰদৰ্শন কৰা হৈছিল ৷

লগতে পঢ়ক: ঈদৰ দিনাই অনুৰাগীলৈ উপহাৰ ছলমান খানৰ, নতুন ছবিৰ নাম ঘোষণা অভিনেতাগৰাকীৰ - Salman Khan Locks Eid 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.