ETV Bharat / entertainment

ঈদৰ দিনাই অনুৰাগীলৈ উপহাৰ ছলমান খানৰ, নতুন ছবিৰ নাম ঘোষণা অভিনেতাগৰাকীৰ - Salman Khan Locks Eid 2025

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 2:00 PM IST

Salman Khan Locks Eid 2025
ঈদৰ দিনাই অনুৰাগীলৈ উপহাৰ ছলমান খানৰ

Salman Khan Locks Eid 2025: ভাইজানক ছবি অবিহনে ঈদ আধৰুৱা ৷ ঈদৰ দিনাই অনুৰাগীলৈ উপহাৰ ছলমান খানৰ ৷ ঘোষণা কৰিলে আহিবলগীয়া ছবিৰ নাম...

চিটাৰা ডেস্ক, 11 এপ্ৰিল : আজি দেশজুৰি পালন কৰা হৈছে ঈদ ৷ ঈদ মানেই বলীউডৰ অভিনেতা ছলমান খানৰ অনুৰাগীলৈ উপহাৰ সকলোৰে চিৰ পৰিচিত ৷ প্ৰতিবৰ্ষৰ দৰে এইবাৰো অনুৰাগীলৈ বিশেষ উপহাৰ আগবঢ়ালে ভাইজানে ৷

অভিনেতাগৰাকীয়ে ঈদ উপলক্ষে তেওঁৰ নতুন চলচ্চিত্ৰখনৰ নাম আজি তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ঘোষণা কৰিছে। ছবিখন চাজিদ নাদিয়াদৱালাই প্ৰযোজনা কৰিছে আৰু গজনীৰ পৰিচালক এ আৰ মুৰুগাডোছে এই ছবিখন প্ৰযোজনা কৰিব বুলি ছবিখনৰ এক পোষ্টাৰ মুকলি কৰা হৈছে ৷

ছলমান খানে অনুৰাগীসকলক ঈদৰ শুভেচ্ছা জনাই ইনষ্টাগ্ৰাম নতুন চলচ্চিত্ৰখনৰ নাম প্ৰকাশ কৰি লিখে, "এই ঈদত বড়ে মিয়া ছোটে মিয়া আৰু মেইদান উপভোগ কৰক ৷ পৰৱৰ্তী ঈদত সিকন্দৰ আহি আছে ৷ ঈদ মোবাৰক, আপোনালোক সকলোকে ঈদ মোবাৰক ।"

শেহতীয়া এক সাক্ষাৎকাৰত, এ আৰ মুৰুগাডোছে ছলমান খানৰ বহু প্ৰত্যাশিত ছবি সিকন্দৰৰ বিষয়ে অলপ আভাষ দি কৈছিল, "এই ছবিখনত এক্সন দৃশ্যৰ লগতে আৱেগ দেখা যাব ৷ ইয়াৰ লগতে ছবিখনত এটা সামাজিক বাৰ্তাও থাকিব, এই ছবিখনে সমগ্ৰ ভাৰতৰ এখন ছবি প্ৰতিফলিত কৰিব ৷ লগতে নতুন ভাৰত এখন দেখুৱাবলৈ চেষ্টা কৰা হ’ব ৷ দৰ্শকে এই ছবিখনত ছলমান খানক এক পৃথক অৱতাৰত দেখিবলৈ পাব ৷"

এইবৰ্ষত কিছু পৰিস্থিতিৰ বাবে ছবিখনৰ কাম আগবঢ়াব পৰা নগ’ল বুলি এ আৰ মুৰুগাডোছে জানিবলৈ দিয়ে ৷ এই ছবিখনৰ বাবে পৰ্তুগাল আৰু ইউৰোপৰ বহুতো ঠাইত দৃশ্যগ্ৰহণ কৰা হ’ব ৷ একে সময়তে, ছবিখনৰ কিছু অংশ ভাৰততো দৃশ্যগ্ৰহণ কৰা হ'ব বুলি জনায় প্ৰযোজনগৰাকীয়ে ।

ভাইজানৰ এই ঘোষণাৰ পিচতেই অনুৰাগীসকলে সামাজিক মাধ্যমত শুভেচ্ছাৰ কমেণ্টেৰে ভৰ্তি কৰি দিছে ৷

লগতে পঢ়ক: স্বৰা ভাস্কৰৰ কন্যা ৰাবিয়াৰ প্ৰথমটো ঈদ, কোন তাৰকাই কেনেকৈ উদযাপন কৰিছে ঈদ - Bollywood stars EID celebrations

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.