ETV Bharat / entertainment

সপৰিয়ালে কেদাৰনাথত মোহময়ী অভিনেত্ৰী শিল্পা চেট্টী - Shilpa Shetty In Kedarnath Dham

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 9:12 PM IST

Bollywood Actress Shilpa Shetty Kedarnath Visit: শুকুৰবাৰৰ পৰা মুকলি কৰা হ'ল বাৰ জ্যোতিৰ্লিংগৰ ভিতৰত একাদশ জ্যোতিৰ্লিংগ কেদাৰনাথ ধামৰ দুৱাৰ । বৃষ লগ্নত ৰীতি-নীতিৰে মুকলি কৰা হয় কেদাৰনাথৰ দুৱাৰ । কেদাৰনাথৰ দুৱাৰ মুকলি কৰাৰ দিনাই সপৰিয়ালে কেদাৰনাথত ধামত উপস্থিত হৈ বাবা কেদাৰনাথৰ আশীষ ল'লে বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাই ।

Bollywood Actress Shilpa Shetty Kedarnath Visit
সপৰিয়ালে কেদাৰনাথত মোহময়ী অভিনেত্ৰী শিল্পা চেট্টী (ETV Bharat)

চিটাৰা ডেস্ক, ১০ মে': বৃষ লগ্নত ৰীতি-নীতিৰে মুকলি কৰা হ'ল একাদশ জ্যোতিৰ্লিংগ কেদাৰনাথ ধামৰ দুৱাৰ । মুকলি হোৱাৰ পাছতে ভক্তৰ লানি নিছিগা সোঁত বৈছে কেদাৰনাথ ধামলৈ । ইয়াৰ মাজতে উত্তৰাখণ্ড ভ্ৰমণত ব্যস্ত হোৱা দেখা গ'ল বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাক । শুকুৰবাৰে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰাৰ দিনাই সপৰিয়ালে বাবা কেদাৰনাথৰ আশীষ ল'লে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে ।

উক্ত দৰ্শনকালত অভিনেত্ৰীগৰাকীৰ ভগ্নী শমিতা চেট্টীসহ উপস্থিত থাকে পৰিয়ালৰ আন আন সদস্যসকল । শুকুৰবাৰে অভিনেত্ৰীগৰাকী ডেৰাডুনৰ জলিগ্ৰাণ্ট বিমানবন্দৰত উপস্থিত হয় । তাৰপাছতে জলিগ্ৰাণ্ট হেলিপেডৰ পৰা ২০ গৰাকী যাত্ৰীসহ হেলিকপ্টাৰেৰে ৰাওনা হয় কেদাৰনাথলৈ । ৰুদ্ৰক্ষ এভিয়েচনৰ এম আই ১৭ হেলিকপ্তাৰৰে কেদাৰনাথ ধামত উপস্থিত হয় পৰিয়াল সহ অভিনেত্ৰীগৰাকী ।

ৰুদ্ৰাক্ষ এভিয়েচনৰ মেনেজাৰ পিকে ছাবৰীয়ে কয় যে, শুকুৰবাৰে ৰুদ্ৰাক্ষ এভিয়েচনৰ প্ৰথমখন বিমানৰে ২০ গৰাকী যাত্ৰী কেদাৰনাথ দৰ্শনলৈ গৈছিল । ৰুদ্ৰাক্ষ এভিয়েচনে যাত্ৰীসকলৰ সুবিধাৰ বাবে বদ্ৰীনাথ ধাম আৰু কেদাৰনাথ ধামকে ধৰি দুটা ধামৰ দৰ্শনৰ যাত্ৰা মুকলি কৰিছে ।

বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি হোৱাৰ পিছত তীৰ্থযাত্ৰীসকলে একেদিনাই দুয়োখন ধাম দৰ্শন কৰিবলৈ সক্ষম হ'ব । দুয়ো ধামলৈ যাতায়াতৰ খৰচ ১.১১ লাখ টকা ৷ যাত্ৰীসকলে ৰুদ্ৰাক্ষ এভিয়েচনৰ ৱেবছাইট আৰু ম'বাইল নম্বৰৰ পৰা অফলাইন আসন বুক কৰিব পাৰিব বুলিও ছাবৰীয়ে সদৰি কৰে ।

উল্লেখ্য যে, বদ্ৰীনাথ ধামৰ দুৱাৰ ১২ মে'ত মুকলি হ'ব । শুকুৰবাৰে গংগোত্ৰী-যমুনোত্ৰী আৰু কেদাৰনাথ ধামৰ সৈতে ভক্তসকলৰ বাবে তুংনাথ মন্দিৰৰ দুৱাৰো মুকলি কৰা হৈছে । মুকলিৰ পাছতে ভক্তৰ ব্যাপক ভিৰ দেখা গৈছে আটাইকেইখন ধামত ।

লগতে পঢ়ক: বৈদিক ৰীতি-নীতিৰে মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ - Chardham Yatra 2024

মাতৃৰ সৈতে কামাখ্যা দৰ্শন বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ - Shilpa Shetty

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.