ETV Bharat / entertainment

ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় ন্যাসলৈ পৰিগণিত হ’ল ভূপেন হাজৰিকা ফাউণ্ডেশ্যন

Bhupen Hazarika International Foundation: পূৰ্বৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যন এতিয়াৰে পৰা ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় ন্যাস নামেৰে পৰিচিত হ’ব ৷ এই কথা সংবাদমেলযোগে সদৰী কৰিছে ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় ন্যাসৰ সচিবে ৷

Bhupen Hazarika Foundation will henceforth be known as Bhupen Hazarika International Foundation
স্পেনিছ ভাষাত বাণীবদ্ধ হ’ল সুধাকণ্ঠৰ গীত
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 5:34 PM IST

2 Min Read
Choose ETV Bharat
স্পেনিছ ভাষাত বাণীবদ্ধ হ’ল সুধাকণ্ঠৰ গীত

যোৰহাট, ২৭ ফেব্ৰুৱাৰী: বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু দৰ্শন বিশ্বজুৰি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ভূপেন হাজৰিকা ফাউণ্ডেশ্যন এতিয়াৰে পৰা ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় ন্যাস ৰূপে চিহ্নিত হ’ব । ২০১১ চনত আৰম্ভ হোৱা ভূপেন হাজৰিকা ফাউণ্ডেশ্যনটো আন্তঃৰাষ্ট্ৰীয় ন্যাস নামেৰে পঞ্জীয়ন কৰা হৈছে ৷

উল্লেখ্য যে, এই বৰ্ষৰ জানুৱাৰী মাহত এই ন্যাস পঞ্জীয়ন কৰা হৈছে । এই ন্যাসৰ মুখ্য কাৰ্যালয়ৰ বাবে যোৰহাট আৱৰ্ত ভৱনৰ সমীপৰ শিক্ষা ভৱনৰ চৌহদত অসম চৰকাৰে ডেৰ কঠা ভূমি আবণ্টন দিছে ৷ এই চৌহদৰ ভূমিতে ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু ডিজিটেল ভৱন থাকিব ।

মঙলবাৰে যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা সদৰী কৰে ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় ন্যাসৰ সচিব ৰঞ্জন কুমাৰ দত্তই । আনহাতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নিৰ্বাচিত বিভিন্ন গীত ইংৰাজী ভাষাৰ লগতে ভাৰতৰ বিভিন্ন ভাষা আৰু বিদেশী ভাষাত উপলব্ধ হৈছে । ইয়াৰ ভিতৰত মাৰাঠী ভাষাত ১০টা, উৰিয়া ভাষাত ১০টা গীত বাণীবদ্ধ কৰাৰ লগতে ২টা গীত স্পেনিছ ভাষাত বাণীবদ্ধ কৰা হৈছে আৰু ইয়াৰ এটা গীতৰ ৰেকৰ্ডিঙৰ কাম সম্পূৰ্ণ হৈছে ।

আন এক গুৰুত্বপূৰ্ণ কথা মাৰঠী ভাষালৈ অনুবাদ হোৱা গীতত লতা মংগেশকাৰৰ পৰিয়ালৰ লোকে কণ্ঠদান কৰিছে । আনহাতে আমেৰিকা চিকাগ’ চহৰৰ পৰা ভূপেন হাজৰিকাই সেই সময়ত লিখা বিভিন্ন ডায়েৰী আৰু বিভিন্ন অপ্ৰকাশিত গীত এই ন্যাসলৈ সুধাকণ্ঠৰ ভগ্নীয়ে হস্তান্তৰ কৰিব বুলি সংবাদমেল যোগে নতুনকৈ গঠন হোৱা ন্যাসে সদৰী কৰে ।

প্ৰতিষ্ঠাপক নৃপেন হাজৰিকা, পূৰ্নাগ তেজ হাজৰিকা, সভাপতি প্ৰণীতা বৰুৱা, উপদেষ্টা গায়ত্ৰী বৰগোঁহাই, ছেজ আকাশ হাজৰিকা, সচিব ৰঞ্জন কুমাৰ দত্ত, সাংস্কৃতিক সম্পাদক জয়ন্ত নাথ, সাংগঠনিক সম্পাদক পৰশমণি মহন্ত, আইনী উপদেষ্টা মানসী মহন্ত আৰু মিডিয়া সমন্বয়ক নিয়ৰ হাজৰিকাক লৈ উক্ত ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় ন্যাস গঠন কৰা হয় ।

লগতে পঢ়ক: চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত অসমৰ তথ্যচিত্ৰ চেলেঞ্জলৈ জুৰীৰ বিশেষ সন্মান