ETV Bharat / entertainment

ভক্ষকত উৎকৃষ্ট অভিনয়ৰ বাবে মাতৃয়ে ভূমিক দিলে এক বিশেষ উপহাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:28 AM IST

Bhumi Pednekar Mother on Bhakshak: শেহতীয়াকৈ মুক্তি পোৱা ভূমি পেডনেকাৰৰ ছবি ভক্ষকে দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে ৷ এতিয়া ভক্ষকত ভূমিৰ অভিনয়ত আপ্লুত হৈ মাতৃ সুমিত্ৰাই দিলে এক বিশেষ উপহাৰ ৷

Bhumi Pednekar's mother gave her special gift for her excellent performance in Bhakshak
মাতৃয়ে ভূমিক দিলে এক বিশেষ উপহাৰ

চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী: শেহতীয়াকৈ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি লাভ কৰিছে বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰৰ ছবি ‘ভক্ষক’ ৷ ‘ভক্ষক’ত কৰা উৎকৃষ্ট অভিনয়ৰ বাবে বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰে এতিয়া সকলোৰে পৰা লাভ কৰিছে প্ৰশংসা । অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ দক্ষতাৰ বাবে সমালোচক আৰু দৰ্শকে এই ছবিখনক অতিশয় শলাগ লৈছে ।

কেৱল ইমানেই নহয়, ভূমিয়ে তেওঁৰ আটাইতকৈ ডাঙৰ সমালোচকৰ পৰাও প্ৰশংসা আৰু উপহাৰ দুয়োটা লাভ কৰিছে । এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে দিছে অভিনেত্ৰীগৰাকীয়ে । ভূমিয়ে কয় যে তেওঁৰ বাবে এগৰাকী বিশেষ ব্যক্তিৰ প্ৰতিক্ৰিয়া সবাতোকৈ ওপৰত আৰু সেয়া হ’ল তেওঁৰ মাতৃ সুমিত্ৰা পেডনেকাৰৰ প্ৰতিক্ৰিয়া । চোৰাংচোৱা থ্ৰিলাৰ ‘ভক্ষক’ত ভূমিৰ উৎকৃষ্ট অভিনয় দেখি আবেগিক হৈ পৰিছিল ভূমিৰ মাতৃ । সেয়েহে, ভূমিৰ অভিনয়ত আপ্লুত হৈ কন্যাক সুমিত্ৰাই দিলে এক বিশেষ উপহাৰ ৷ প্ৰশংসাৰ চিন স্বৰূপে তেওঁ কন্যাক দিছিল সোণৰ মুদ্ৰা । ভূমিয়ে কয় যে এয়া তেওঁৰ ঘৰৰ পৰম্পৰা । যেতিয়া মাকে অভিনেত্ৰীগৰাকীৰ যিকোনো প্ৰজেক্ট ভাল পায়, তেতিয়া আশীৰ্বাদ স্বৰূপে জীয়েকক সোণৰ মুদ্ৰা এটা দিয়ে ।

ভূমিয়ে শ্বেয়াৰ কৰিলে হৃদয়স্পৰ্শী ছবি

ভূমি পেডনেকাৰে ইনষ্টাগ্ৰামত এটা মৰমলগা পোষ্ট শ্বেয়াৰ কৰিছে । য’ত তেওঁক মাতৃৰ সৈতে দেখা গৈছে । মাকে জীয়েক ভূমিক মৰমেৰে চুমা খাই থকা পৰিলক্ষিত হৈছে, লগতে হাতত সোণৰ মুদ্ৰা এটাও দেখা গৈছে । ভূমিয়ে লগতে প্ৰকাশ কৰিছে যে ছবিখন প্ৰদৰ্শনীৰ পিচত কান্দিবলৈ আৰম্ভ কৰিছিল তেওঁৰ ভগ্নী সমীক্ষা ।

ভূমি পেডনেকাৰে পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, “মায়ে প্ৰতিবাৰেই মোক এটা সোণৰ মুদ্ৰা দিয়ে যেতিয়া তেওঁ ভাৱে যে মই অভিনেত্ৰী হিচাপে ভাল অভিনয় কৰিছো । ভক্ষক চোৱাৰ পিচত মনত পৰে মা কিমান আপ্লুত হৈছিল আৰু ক’ৰবাত গম পাইছিলোঁ যে মোৰ ওচৰলৈ আৰু এটা আহি আছে । ঘৰলৈ উভতি অহা যাত্ৰাটো মনত পৰে । কোনেও একো কোৱা নাছিল । এবাৰ আমি ঘৰত থকাৰ সময়ত সমীক্ষা মোৰ লগত কথা পাতিবলৈ ধৰিলে আৰু তাইৰ চকুলো বৈ আহিছিল । এই ছবিখনে আপোনাৰ বাবে কি কৰে তাতকৈ বেছি, সেই ল’ৰা-ছোৱালীবোৰৰ বাবে কি কৰে সেই বিষয়েহে । আমি তেওঁলোকক আকৌ বিফল কৰিব নোৱাৰো । আজি মোৰ হাতত মাৰ পৰা পোৱা ৭ টা মুদ্ৰা আছে । পৰিয়ালৰ পৰা পোৱা বঁটাতকৈ ডাঙৰ বঁটা নাই । @sumitrapednekar @samikshepnekar মোৰ আটাইতকৈ ডাঙৰ চিয়াৰলিডাৰ আৰু মোৰ আটাইতকৈ ডাঙৰ সমালোচক হোৱাৰ বাবে ধন্যবাদ ।”

এই পোষ্টটোৰ উত্তৰত ভূমি পেডনেকাৰৰ মাতৃ সুমিত্ৰাই লিখিছে, "মোৰ গোল্ডেন গাৰ্ল, তোমাক ভাল পাওঁ আৰু তোমাক লৈ গৌৰৱ কৰিছো কন্যা ।"

লগতে পঢ়ক: পৰম্পৰাগত সাজ-পোছাকত আবুধাবিত মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ অক্ষয় কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.