ETV Bharat / entertainment

আজি মিছ ৱৰ্ল্ড ২০২৪ৰ গ্ৰেণ্ড ফিনালে, কেতিয়া, ক’ত লাইভ চাব পাৰিব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 6:16 PM IST

71st Miss World 2024 Check when and where to watch the grand finale List of former miss world From India
মিছ ৱৰ্ল্ড ২০২৪

Miss World 2024 Grand Finale: ৯ মাৰ্চৰ নিশা মুম্বাইত অনুষ্ঠিত হ’ব ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতা । মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত আয়োজন কৰা এই অনুষ্ঠানত বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিব ।

চিটাৰা ডেস্ক, ৯ মাৰ্চ: ২০২৪ বৰ্ষৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতা অতি বিশেষ ৷ ৯ মাৰ্চৰ নিশা অৰ্থাৎ আজি নিশা মিছ ৱৰ্ল্ড ২০২৪ৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হ’ব । এই বৰ্ষৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতা এইকাৰণেই বিশেষ, কাৰণ ২৮ বছৰৰ পাচত ভাৰতত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড প্ৰতিযোগিতা । সেয়েহে, এই অনুষ্ঠানটোক গ্ৰেণ্ড কৰি তুলিবলৈ মুম্বাইৰ শ্ৰেষ্ঠ স্থান বুকিং কৰা হৈছে । মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত আয়োজন কৰা হৈছে মিছ ৱৰ্ল্ড ২০২৪ৰ গ্ৰেণ্ড ফিনালে, য’ত ভাৰত আৰু বিদেশৰ বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিব ।

২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতা । এতিয়া ইয়াৰ চূড়ান্ত প্ৰতিযোগিতা ৯ মাৰ্চত অৰ্থাৎ আজি নিশা অনুষ্ঠিত হ’ব । মিছ ইণ্ডিয়া ২০২২ বিজয়ী ছিনি শ্বেট্টীয়ে এইবাৰৰ এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে । এতিয়া সকলোৱে জানিব বিচাৰিছে ২০২৪ চনৰ মিছ ৱৰ্ল্ডৰ ফিনালে কেতিয়া আৰু ক’ত হ’ব ৷ গতিকে এই প্ৰতিবেদনত জানো আহক ।

মিছ ৱৰ্ল্ড ২০২৪ৰ গ্ৰেণ্ড ফিনালে কেতিয়া আৰু ক’ত লাইভ চাব পাৰিব ?

এই তথ্য মিছ ৱৰ্ল্ডৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা হৈছে । ইয়াৰ কেপচনত লিখা আছে, ‘‘এটা দিন যেতিয়া ৭১ সংখ্যক মিছ ৱৰ্ল্ডৰ মুকুট এটা মূৰত পৰিধান কৰিব । এইটো হ’ব এক ঐতিহাসিক মুহূৰ্ত যিটো আপুনি মিছ কৰিব নালাগে । ৯ মাৰ্চৰ সন্ধিয়া ৭ বজাত জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত ৰখা হৈছে ৭১ সংখ্যক মিছ ৱৰ্ল্ড ফিনালে ।’’

উল্লেখ্য যে, ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ লাইভ টেলিকাষ্ট চনী লিভত সন্ধিয়া ৭.৩০ বজাত IST ত চাব পাৰিব । ইয়াক ভাৰতৰ পৰা প্ৰতিনিধিত্ব কৰিছে ২০২২ চনৰ মিছ ইণ্ডিয়া বিজয়ী ছিনি শ্বেট্টীয়ে । এই অনুষ্ঠানটোৰ আঁত ধৰোতাৰ ৰূপত থাকিব কৰণ জোহৰ । এই অনুষ্ঠানত নেহা কক্কৰ, শ্বান আৰু টনি কক্কৰেও অংশগ্ৰহণ কৰিব ।

২৮ বছৰৰ পাচত ভাৰতত আয়োজন কৰা হৈছে মিছ ৱৰ্ল্ডৰ এক গ্ৰেণ্ড ইভেণ্ট । ২৭ বছৰ পূৰ্বে ভাৰতৰ বেংগালুৰুত আয়োজন কৰা এই প্ৰতিযোগিতা এতিয়া আকৌ এবাৰ ভাৰতত অনুষ্ঠিত হ’বলৈ গৈ আছে ।

লগতে পঢ়ক: CAAৰ বিৰোধিতা কৰাৰ বাবে নিশাটোৰ ভিতৰতে শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হৈছিল এইগৰাকী অভিনেতাগৰাকীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.