ETV Bharat / entertainment

CAAৰ বিৰোধিতা কৰাৰ বাবে নিশাটোৰ ভিতৰতে শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হৈছিল এইগৰাকী অভিনেতাগৰাকীক

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 1:45 PM IST

Sushant singh Birthday Special, Know unknown facts of  Sushant singh
সুশান্ত সিং জন্মদিন

Sushant singh Birthday Special: CAAৰ বিৰোধিতা কৰি বিপদত পৰিছিল এগৰাকী অভিনেতা । জনপ্ৰিয় শ্ব’ ‘সাৱধান ইণ্ডিয়া’ৰ পৰা নিশাটোৰ ভিতৰতে বাহিৰ কৰি দিয়া হৈছিল অভিনেতাগৰাকীক ।

চিটাৰা ডেস্ক, ৯ মাৰ্চ: আজি আমি আপোনালোকক ক’ম এনে এজন শিল্পীৰ বিষয়ে যিজন শিল্পী নিজৰ বিপ্লৱী স্বভাৱৰ বাবে পৰিচিত । সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দালৈকে অভিনয়ৰ দক্ষতা প্ৰমাণ কৰা এইগৰাকী অভিনেতাই বহু স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছে ।

'সাৱধান ইণ্ডিয়া'ৰ পৰা তেওঁ এক সুকীয়া পৰিচয় লাভ কৰিছিল

তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল 'সত্য' ছবিৰে । তাৰ পিচত তেওঁ ‘সাৱধান ইণ্ডিয়া’ টিভি শ্ব’ৰ আঁত ধৰোতাৰ ৰূপত মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় । এতিয়ালৈকে হয়তো গমেই পাইছে আমি কাৰ কথা কৈছো, আমি কৈছো অভিনেতা সুশান্ত সিঙৰ কথা । আজি অভিনেতাগৰাকীৰ জন্মদিন । গতিকে, তেওঁৰ জন্মদিন উপলক্ষে তেওঁৰ সৈতে জড়িত কিছুমান নজনা কাহিনী জানো আহক ৷

CAAৰ বিৰোধিতা কৰিছিল সুশান্তে

চলচ্চিত্ৰৰ উপৰিও বহু টিভি ধাৰাবাহিকতো কাম কৰি আহিছে সুশান্তে । কিন্তু তেওঁ প্ৰকৃত স্বীকৃতি লাভ কৰিছিল টিভি শ্ব’ ‘সাৱধান ইণ্ডিয়া’ৰ পৰা । এই শ্ব’টো সুশান্তৰ কেৰিয়াৰৰ এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ল । এই শ্ব’টোৰ জৰিয়তে তেওঁ ঘৰে ঘৰে নিজৰ পৰিচয় বনাবলৈ সক্ষম হৈছে ।

সকলো ঠিকেই চলি আছিল, কিন্তু হঠাৎ এদিন যেন সকলো সলনি হৈ গ’ল সুশান্তৰ জীৱনত ৷ হঠাৎ তেওঁৰ কেৰিয়াৰ সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিল । নিশাটোৰ ভিতৰতে তেওঁক শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হৈছিল । এয়া ২০১৯ বৰ্ষৰ কথা যেতিয়া অভিনেতাজনে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ বিৰোধিতা কৰিছিল । তেতিয়া তেওঁ CAA ৰ বিৰুদ্ধে মাত মাতিছিল । সেইদিনাই তেওঁক শ্ব’ৰ পৰা বাহিৰ কৰি দিবলৈ জাননী পঠিওৱা হৈছিল ।

এই বিষয়ে সুশান্তক সোধাত তেওঁ পিটিআইক দিয়া সাক্ষাৎকাৰত কৈছিল, ‘‘মই প্ৰতিবাদলৈ গৈছিলোঁ আৰু তাৰ পিচত সেইদিনা নিশা এটা বাৰ্তা আহিছিল যে আজি মোৰ শ্ব’টোৰ শেষ দিন হ’ব । এইটো সুপৰিকল্পিত পৰিকল্পনা হ’ব পাৰে ।’’

উল্লেখ্য যে, সুশান্তে নিজৰ দীঘলীয়া কেৰিয়াৰত ‘কৌন’, ‘জোশ’, ‘জংগল’, ‘দৰ্ণা মানা হে’, ‘লক্ষ্য’ আদি ছবিত নিজৰ উজ্জ্বল অভিনয়েৰে মানুহক মনোৰঞ্জন দিছিল । অজয় দেৱগনৰ ছবি ‘দ্য লিজেণ্ড অফ ভগত সিং’ত তেওঁৰ কামৰ প্ৰশংসা কৰা হৈছিল । সুশান্তে ছবিখনত অভিনয় কৰিছিল এজন মহান বিপ্লৱী ‘সুখদেৱ’ৰ চৰিত্ৰত ।

টিভি উদ্যোগৰ বিৰুদ্ধে মাত মাতিছিল

প্ৰতিটো বিষয়তে নিজৰ মতামত আগবঢ়োৱা সুশান্তে টিভি উদ্যোগৰ অন্ধকাৰ সত্য উদঙাই দিছিল । তেওঁ কৈছিল যে ইয়াত শিশুক অবৈধভাৱে কাম কৰোৱা হয় । ধাৰাবাহিকৰ শ্বুটিঙৰ বাবে শিশুৰ পৰীক্ষা বাদ পৰে । ১৮-২০ ঘণ্টা কাম কৰোৱা হয়, আনহাতে চুক্তিত লিখা আছে যে মাত্ৰ ৫ ঘণ্টাৰ অধিক কাম কৰিব নোৱাৰিব কোনো শিশুৱে ।

লগতে পঢ়ক: সুশান্ত সিং ৰাজপুতৰ গোচৰত ৰিয়া চক্ৰৱৰ্তীক আদালতৰ সকাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.