ETV Bharat / entertainment

বিগ বছ শেষ হোৱাৰ ১ মাহ পিচত ছলমান খানৰ বিষয়ে কি ক’লে খানজাদীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 4:15 PM IST

1 month after the end of Bigg Boss, This is what Khanzaadi said about Salman Khan
ছলমান খানৰ বিষয়ে কি ক’লে খানজাদীয়ে

Bigg Boss 17: বিগ বছ ১৭ত অংশগ্ৰহণ কৰা ৰেপাৰ ফিৰোজা খান ওৰফে খানজাদীয়ে শ্ব’ শেষ হোৱাৰ এমাহৰ পাচত ছলমান খানৰ ওচৰত ক্ষমা বিচাৰিছে ।

চিটাৰা ডেস্ক, ২৮ ফেব্ৰুৱাৰী: বিগ বছ ১৭ শেষ হোৱাৰ এমাহ হ’ল । কিন্তু শ্ব’টোত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ বিষয়ে আলোচনা এতিয়াও শেষ হোৱা নাই । অসমৰ ৰেপাৰ ফিৰোজা খান ওৰফে খানজাদীয়েও বিগ বছ ১৭ত অংশগ্ৰহণ কৰিছিল । শ্ব’টোত তেওঁ যথেষ্ট লাইমলাইট লাভ কৰিছিল । খানজাদী আছিল এগৰাকী শক্তিশালী প্ৰতিযোগী । কিন্তু শ্ব’ৰ সময়ত তেওঁ ছলমান খানৰ বিষয়ে বহু কথাই কৈছিল । যাৰ ফলাফল এনেকুৱা হ’ল যে তেওঁক শ্ব’টোৰ ফাইনেলত দেখা পোৱা নগ’ল ।

খানজাদীয়ে বিগ বছৰ পৰা ওলাই আহি ইউটিউবাৰ অনুৰাগৰ সৈতে মিউজিক ভিডিঅ’ত কাম কৰিছিল । অৱশ্যে এই মিউজিক ভিডিঅ’ই নাপালে বৰ বিশেষ সফলতা ৷

এতিয়া খানজাদীয়ে ছলমান খানৰ ওচৰত ক্ষমা বিচাৰিছে । ৰেপাৰগৰাকীয়ে ছলমান খানৰ পৰা ক্ষমা বিচাৰিছে আৰু কামৰ বাবে অনুৰোধ জনাইছে । উল্লেখ্য যে, শ্ব’ৰ সময়ত খানজাদীক ছলমানে কেইবাবাৰো ধমক দিবলগীয়া হৈছিল । ছলমানে তেওঁক শ্ব’টোত মনোনিৱেশ কৰিবলৈ কৈছিল । কিন্তু ৰেপাৰগৰাকীয়ে নিজৰ মতেই শ্ব’টোত খেলিছিল ।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰৰ সময়ত খানজাদীক সোধা হৈছিল যে তেওঁ ছলমান খানক পক্ষপাতদুষ্ট বুলি বিবেচনা কৰে নেকি ? যাৰ উত্তৰত তেওঁ ক’লে যে নাই, মোৰ তেনেকুৱা অনুভৱ হোৱা নাছিল । পৰৱৰ্তী প্ৰশ্নটো সোধা হৈছিল ছলমানৰ সৈতে তেওঁৰ সাক্ষাৎকাৰৰ বিষয়ে । যাৰ ওপৰত খানজাদীয়ে কয় যে তেওঁ ছলমান খানক লগ কৰিব বিচাৰে আৰু তেওঁ বিচাৰে যে তেওঁক ছলমান খানে ক্ষমা কৰি দিয়ক । খানজাদীয়ে ছলমানৰ সৈতে কাম কৰিব বিচাৰে ।

নিজৰ ভুল স্বীকাৰ কৰি খানজাদীয়ে ক’লে যে মোৰ মাজত শিশুসুলভ স্বভাৱ আছে । মই খান আৰু তেওঁও খান । অন্ততঃ অলপ বুজিব পাৰে । ৰেপাৰগৰাকীয়ে আৰু কয় যে ছলমান খানক তেওঁ ভয় কৰে যদিও তেওঁক বহুত সন্মানো কৰে । উল্লেখ্য যে শ্ব’টোৰ সময়ত ছলমান আৰু খানজাদীৰ মাজত হোৱা বিভাজনৰ বাবে তেওঁ ‘বিগ বছ ১৭’ৰ ফাইনেললৈও যোৱা নাছিল ।

লগতে পঢ়ক: বিবাহ বচাবলৈ ছলমান খানে অংকিতাক কি পৰামৰ্শ দিছিল ? প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.