ETV Bharat / entertainment

বিবাহ বচাবলৈ ছলমান খানে অংকিতাক কি পৰামৰ্শ দিছিল ? প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 8:29 PM IST

Ankita Lokhande: অংকিতা লোখাণ্ডে স্বামী বিকি জৈনৰ সৈতে ছলমান খানৰ ৰিয়েলিটি শ্ব’ বিগ বছ ১৭ৰ অংশ আছিল । এতিয়া অংকিতাই প্ৰকাশ কৰিলে শ্ব’ শেষ হোৱাৰ পাচত ছলমান খানে তেওঁক কি পৰামৰ্শ দিছিল ৷

What advice did Salman Khan give Ankita Lokhande on marriage ?
অংকিতা লোখাণ্ডেলৈ ছলমান খানৰ পৰামৰ্শ

চিটাৰা ডেস্ক, ২৭ ফেব্ৰুৱাৰী: বিগ বছৰ ১৭ সংখ্যক ছিজনত অংকিতা লোখাণ্ডে আৰু বিকি জৈনে একেলগে প্ৰৱেশ কৰিছিল । কিন্তু শ্ব’টোত অংকিতা আৰু বিকিৰ মাজত প্ৰায়ে দেখা গৈছিল মতবিৰোধ । দুয়োৰে মাজত ইমানেই মনোমালিন্য দেখা গৈছিল যে, অনুৰাগীয়ে ভাবিছিল শ্ব’ৰ পৰা ওলাই অহাৰ লগে লগে তেওঁলোকৰ সম্পৰ্কৰ বিচ্ছেদ ঘটিব ৷

এতিয়া শেহতীয়াকৈ অংকিতাই প্ৰকাশ কৰিছে যে ছলমান খানে তেওঁলোকৰ বিবাহ বচাবলৈ পৰামৰ্শ দিছিল । শেহতীয়াকৈ অংকিতা ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াৰ vlog ৰ অংশ হৈছিল । য’ত তেওঁ বিগ বছ ১৭ৰ গ্ৰেণ্ড ফিনালেৰ পিচত ছলমান খানে তেওঁক কোৱা কথাখিনি উল্লেখ কৰিছিল ।

শ্ব’টোত ছলমান খানে অংকিতা আৰু বিকিক তেওঁলোকৰ ভুলবোৰ আঙুলিয়াই দিছিল ৷ আনকি বহুবাৰ তেওঁ বিকিক ধমকো দিছিল, কেৱল বিকিকে নহয়, অংকিতাকো ধমক দিছিল ভাইজানে । এতিয়া ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াৰ vlog ত অংকিতাই কৈছে যে ছলমান খানে তেওঁক এই সম্পৰ্ক বচাবলৈ পৰামৰ্শ দিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

অংকিতাই কি পৰামৰ্শ পাইছিল ছলমানৰ পৰা ?

অংকিতাই ক’লে, ‘‘ছলমান ছাৰে মোক এই পৰামৰ্শ দিছিল যেতিয়া মই তেওঁক লগ কৰিবলৈ গৈছিলো, ছিজন শেষ হোৱাৰ পিচত । তেওঁ মোক কৈছিল- মই মাত্ৰ এটা কথা কৈছো, সন্তানৰ পৰিকল্পনা কৰা । মই ক’লোঁ- ছাৰ, কি কৈছে ? তেতিয়া ছাৰে ক’লে - নাই, মই কৈছোঁ, সন্তানৰ জন্ম দিয়াৰ পৰিকল্পনা কৰা ।’’

অংকিতাই লগতে ক’লে, ‘‘তেওঁ বুজাব বিচাৰিছিল যে সন্তান জন্ম দিয়াৰ পিচত দম্পতীৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ পৰে ।’’ সেই vlog ত অংকিতা লোখাণ্ডেৰ সৈতে ভিকি জৈনেও অংশগ্ৰহণ কৰিছিল ।

অংকিতা লোখাণ্ডে আৰু বিকি জৈন বিগ বছৰ পৰা ওলাই অহাৰ পিচৰে পৰা এই দম্পতীয়ে স্পষ্টীকৰণ দি থাকে যে দুয়োগৰাকী একেলগেই আছে ।

লগতে পঢ়ক: বিমানবন্দৰত অনুৰাগীৰ প্ৰতি দেখা গ’ল ছলমান খানৰ মৰম, চাওক ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.