ETV Bharat / entertainment

বিমানবন্দৰত অনুৰাগীৰ প্ৰতি দেখা গ’ল ছলমান খানৰ মৰম, চাওক ফটো

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 10:50 AM IST

Salman Khan Airport Video: ভাইৰেল হৈ পৰিছে ছলমান খানৰ এটা ভিডিঅ’ । য’ত তেওঁক শিশুৰ সৈতে মত বিনিময় কৰা দেখা গৈছে ৷

Salman Khan shared a special moment with his two little fans on Mumbai airport
ছলমান খানৰ এটা ভিডিঅ’

চিটাৰা ডেস্ক, ২৭ ফেব্ৰুৱাৰী: বলীউডৰ ভাইজান ছলমান খানক নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই ৷ কেৱল দেশতেই নহয়, গোটেই বিশ্বত আছে ছুপাৰষ্টাৰগৰাকীৰ অনুৰাগী ৷ সেয়েহে, ছলমান খান য’তেই যায় তাতেই তেওঁৰ অনুৰাগীয়ে এবাৰ ওচৰৰ পৰা চাবলৈ ভিৰ কৰে ৷ অৱশ্যে ছলমান খানেও নিজৰ অনুৰাগীক নিৰাশ নকৰে । সেয়া লাগিলে য’তেই নহওক কিয় ৷ শেহতীয়াকৈ দুবাইৰ পৰা মুম্বাইলৈ উভতি অহা ছলমানক বিমানবন্দৰত দেখা গৈছিল ।

এইখিনিতে উল্লেখ কৰিব লাগিব, কিছুদিন ধৰি দুবাইত আছিল ছলমান খান । চেলিব্ৰিটি ক্ৰিকেট লীগত নিজৰ ভাতৃ চোহেইল খানৰ দলটোক সমৰ্থন কৰিবলৈ দুবাইৰ শ্বাৰজাহত উপস্থিত হৈছিল ভাইজান । এতিয়া ভাৰতলৈ উভতি আহিছে ছলমান খান । ভাৰতলৈ উভতি অহাৰ সময়চোৱাত বিমানবন্দৰত তেওঁ নিজৰ কিছু কণ কণ মৰমলগা অনুৰাগীক সাক্ষাৎ কৰে ।

বিমানবন্দৰত কণ কণ অনুৰাগীক সাক্ষাৎ কৰা ছলমান খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত দেখা গৈছে বিমানবন্দৰৰ পৰা ওলাই গৈছে ভাইজান । ওলাই যোৱাৰ সময়তে কিছুমান কণ কণ অনুৰাগীয়ে তেওঁক লগ কৰিবলৈ চেষ্টা কৰে । ছলমানেও শিশু অনুৰাগীক দেখি হাঁহি মাৰে আৰু লগতে হেণ্ডশ্বেক কৰে । ইফালে ছলমানক লগ পোৱাৰ পিচত বৰ সুখী যেন দেখা যায় শিশুসকলক ।

ভাইৰেল হ’ল এই ছলমান এয়াৰপ’ৰ্ট লুক

ছলমান খানৰ এয়াৰপ’ৰ্ট লুক ব্যতিক্ৰম আছিল । ডেনিমৰ সৈতে অলিভ ৰঙৰ চাৰ্ট আৰু ক’লা টি-চাৰ্ট পৰিধান কৰিছিল ভাইজানে । লগতে মূৰত পৰিধান কৰিছিল কেপ ।

অনুৰাগীৰ প্ৰতিক্ৰিয়া-

ছলমান খানৰ এই ভিডিঅ’টোত অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এজনে লিখিছে– সঁচা অন্তৰৰ ছল্লু । আনহাতে আন এজনে লিখিছে – ছল্লু ভাই সঁচাকৈয়ে সকলোৰে ভাই ৷

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ছলমানক শেষবাৰৰ বাবে দেখা গৈছিল টাইগাৰ ৩ত । এই ছবিখন দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰিছিল । ছবিখনত ছলমানৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছিল কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীক ৷

লগতে পঢ়ক: কিয় অচিনাকী ব্যক্তিয়ে পৰিশোধ কৰিলে চনু ছুদৰ ৰেষ্টুৰেণ্টৰ বিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.