ETV Bharat / bharat

পশ্চিবংগৰ ৰাজভৱনৰ চিচিটিভি ফুটেজ মুকলি, কি আছে ভিডিঅ’ত ? - Raj Bhavan CCTV footage

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 4:54 PM IST

Raj Bhavan CCTV footage: ৰাজ্যপাল চি ভি আনন্দ বসুৰ বিৰুদ্ধে এগৰাকী মহিলাই উৎপীড়নৰ অভিযোগ কৰিছিল । সত্যৰ সন্মুখীন হ'বলৈ অৱশেষ ৰাজ্যপালৰ নিৰ্দেশত মুকলি হ'ল ২ মে'ৰ প্ৰায় ১ ঘণ্টা ২০ মিনিটৰ চিচিটিভি ফুটেজৰ তিনিটা ক্লিপ ।

Raj Bhavan CCTV footage
পশ্চিবংগৰ ৰাজভৱনৰ চিচিটিভি ফুটেজ মুকলি (ETV Bharat)

নেশ্যনেল ডেস্ক,৯ মে': ৰাজ্যপাল চি ভি আনন্দ বসুৰ নিৰ্দেশত অৱশেষত মুকলি কৰা হ'ল ৰাজভৱনৰ চিচিটিভি ফুটেজ । সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হ'ল ২ মে'ৰ চিচিটিভি ফুটেজ । কিন্তু ভিডিঅ' ফুটেজৰ পৰা বিশেষ একোৱে পোৱা নগ'ল । ৰাজভৱনৰ উত্তৰ দিশৰ গেটৰ ভিডিঅ' ফুটেজ দেখুওৱা হৈছিল । ফুটেজবোৰত সেইদিনাৰ ঘটনা বা অভিযোগ সম্পৰ্কে কোনো তথ্য পোৱা নগ'ল । অৱশ্যে, অভিযোগকাৰীয়ে আৰক্ষী থানলৈ অহা-যোৱা কৰা দৃশ্যবোৰ কেমেৰাত বন্দী আছিল ।

চিচিটিভি ফুটেজত, অভিযোগকাৰীগৰাকীক ২ তাৰিখে সন্ধিয়া ৫.৩৩ বজাত দেখা গৈছে । গোটেই ফুটেজটোত বিভিন্ন স্তৰৰ আৰক্ষী কৰ্মীসকলকো দেখা গৈছে । অগ্নি নিৰ্বাপক বাহিনীৰ বাহনো একে সময়তে দেখা গৈছে । অৱশ্যে, ফুটেজটোত অভিযোগকাৰীগৰাকী ওলাই যোৱা দৃশ্য দেখা নগ'ল । ৰাজভৱনে প্ৰায় ১ ঘণ্টা ২০ মিনিটৰ চিচিটিভি ফুটেজৰ তিনিটা ক্লিপ মুকলি কৰিছে ।

ৰাজনৈতিক ক্ষেত্ৰত আলোচনা হৈছে যে সত্যৰ মুখামুখি হোৱাৰ বাবে ৰাজ্যপালে তেওঁৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছে । কিন্তু এতিয়াও বিষয়টোক লৈ চাঞ্চল্য অব্যাহত আছে । সূত্ৰৰ মতে ৰাজ্যপালৰ চেম্বাৰ বা ওপৰৰ বাৰাণ্ডা বা ৰাজভৱনৰ আন কিছুমান ঠাইত কোনো কেমেৰা নাই । ফলস্বৰূপে, দৃশ্যবোৰ স্পষ্ট হোৱা নাই ।

আছানচোলৰ ৰাণীগঞ্জ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড০ তুচাৰকান্তি বন্দোপাধ্যায়ে এই সন্দৰ্ভত কয় যে তেওঁ চিচিটিভি ফুটেজ দেখিছে । কিন্তু এইটো স্পষ্ট নহয় । এইটো দুখজনক আৰু ৰাজ্যখনৰ বাবে এক কলঙ্ক বুলি তেওঁ উল্লেখ কৰে ।

ৰাজভৱনৰ চিচিটিভি ফুটেজ চোৱাৰ বাবে শ শ লোকে আবেদন কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৭৫ জনতকৈও অধিক সাধাৰণ লোকে ৰাজভৱনলৈ ফোনযোগে আবেদন জনাইছে । বহুলোকে ই-মেইলযোগেও আবেদন কৰিছে । আবেদনকাৰীৰ তালিকাত আলিপুৰদুৱাৰ, বেহাৰ, জলপাইগুৰি, শিলিগুৰি আৰু দক্ষিণ বংগৰ অন্যান্য জিলাৰ লোক অন্তৰ্ভুক্ত আছে । কিন্তু কেৱল কলকাতা আৰু কাষৰীয়া উপনগৰৰ সাধাৰণ লোকসকলক হে এই সত্যৰ মুখামুখি কাৰ্যসূচীলৈ আহিবলৈ কোৱা হৈছে । কাৰণ দূৰৈৰ পৰা অহা মানুহে এদিনতে ৰাজভৱনত উপস্থিত হোৱাটো সম্ভৱ নহয় ।

লগতে পঢ়ক:উৎপীড়নৰ অভিযোগ সন্দৰ্ভত অহা চমন উপেক্ষাৰ নিৰ্দেশ ৰাজ্যপালৰ - C V ANANDA BOSE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.