ETV Bharat / bharat

উৎপীড়নৰ অভিযোগ সন্দৰ্ভত অহা চমন উপেক্ষাৰ নিৰ্দেশ ৰাজ্যপালৰ - C V ANANDA BOSE

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 8:51 PM IST

মহিলা কৰ্মচাৰীৰ নিৰ্যাতনৰ অভিযোগে কঁপাইছে ৰাজভৱন ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰে কোনো ধৰণৰ যোগাযোগ নকৰাৰ আহ্বান ৰাজ্যপালৰ ৷ ভাৰতীয় সংবিধানৰ ৩৬১(২) আৰু (৩) নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো অপৰাধমূলক কাৰ্যবিধি আৰম্ভ কৰিব নোৱাৰে ৷ ঘটনাটোনো আচলতে কি চাওক এই প্ৰতিবেদনত ৷

পশ্চিমবংগৰ ৰাজ্যপাল
মহিলা কৰ্মচাৰীৰ নিৰ্যাতনৰ অভিযোগ (ইটিভি ভাৰত নেশ্যনেল ডেস্ক)

নেশ্যনেল ডেস্ক, 5 মে’: এইবাৰ উত্থাপিত হৈছে মহিলা নিৰ্যাতনৰ অভিযোগ ৷ ঘটনাৰ স্থান ৰাজভৱন ৷ এগৰাকী মহিলা কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত এই উৎপীড়নৰ গোচৰ সম্পৰ্কত ৰাজভৱনৰ কৰ্মচাৰীসকলক আৰক্ষীৰে কোনো ধৰণৰ যোগাযোগ নৰখাৰ আহ্বান খোদ ৰাজ্যপালৰ ৷ সম্প্ৰতি এই ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য ৷

জানিব পৰা মতে, মহিলাগৰাকীয়ে এই গুৰুতৰ অভিযোগ স্বয়ং ৰাজ্যপালৰ বিৰুদ্ধে উত্থাপন কৰিছে ৷ এই অভিযোগমৰ্মে আৰক্ষীয়ে গঠন কৰে এটা তদন্তকাৰী দল ৷ এই দল গঠনৰ খবৰ পোৱা মাত্ৰকে ৰাজভৱনত জাৰি কৰা হৈছে ওপৰোক্ত নিৰ্দেশনা ৷

আচলতে এই ঘটনা অসমৰ নহয় ৷ এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগত ৷ পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে জাৰি কৰিছে এই নিৰ্দেশনা ৷

বসুৱে সামাজিক মাধ্যম X ত প্ৰকাশ কৰা এটা পোষ্ট অনুসৰি, "এয়া স্পষ্ট যে, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৬১ (২) আৰু (৩) নং ৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কোনো ৰাজ্যৰ ৰাজ্যপালৰ বিৰুদ্ধে কোনো অনুসন্ধান/তদন্ত কৰাৰ বাবে যিকোনো ধৰণৰ কাম কৰিব নোৱাৰে" ৷

তেওঁ লগতে কয় যে, এগৰাকী ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ কাৰ্যকালত কোনো আদালতত সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে কোনো অপৰাধমূলক প্ৰক্ৰিয়া আৰম্ভ কৰিব অথবা অব্যাহত ৰাখিব নোৱাৰে ৷

সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত কৰাৰ বাবে এটা দল গঠন কৰিছে ৷ এই দলটোৱে ৰাজভৱনৰ কৰ্মচাৰীসকলক বিভিন্ন ধৰণে সোধ-পোছ কৰিব ৷ তদুপৰি তদন্তৰ স্বাৰ্থতে অনুসন্ধানকাৰী দলটোৱে ৰাজভৱনৰ পৰা চিচিটিভি ফুটেজ সংগ্ৰহ কৰিব ৷

আৰক্ষীৰ দলটোৱে তদন্তৰ অংশ হিচাপে পৰৱৰ্তী সময়ত সাক্ষীসকলৰ সৈতে কথা-বতৰা পাতিব বুলি জানিবলৈ দিয়ে কলকাতা আৰক্ষীৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াই ৷

ৰাজ্যপালক সোধ-পোছ কৰাটো অসাংবিধানিক বুলি জনাৰ পিছতো ই কেনেদৰে সম্ভৱ বুলি উত্থাপন হোৱাৰ প্ৰশ্নৰ উত্তৰত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, এগৰাকী মহিলাৰ পৰা অভিযোগ পোৱাৰ পিছত প্ৰাথমিক তদন্তৰ খাতিৰত এয়া কৰাটো স্বাভাৱিক কথা ৷

উল্লেখ্য যে, পূৰ্বে ৰাজভৱনত নিয়োজিত তিনিগৰাকী ৰাজপত্ৰিত বিষয়া আৰু এগৰাকী আৰক্ষীক ঘটনাটোৰ তদন্তৰ সন্দৰ্ভত হেৰ ষ্ট্ৰীট থানাৰ বিষয়াসকলে মাতি পঠিয়াইছিল ৷ কিন্তু কোনো এগৰাকী বিষয়াই থানাত উপস্থিত হোৱা নাছিল ৷ সেয়ে পুনৰ তেওঁলোকক সোমবাৰে থানালৈ তদন্তৰ খাতিৰত মতা হ’ব বুলি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ৰাজভৱনৰ এগৰাকী ঠিকাভিত্তিক মহিলা কৰ্মচাৰীয়ে শুকুৰবাৰে কলকাতা আৰক্ষীক ৰাজ্যপালৰ দ্বাৰা উৎপীড়নৰ অভিযোগ উত্থাপন কৰি দাখিল কৰিছিল লিখিত অভিযোগ ৷

পিছে ৰাজ্যপাল বসুৱে এই অভিযোগক একেমুখে নসাৎ কৰে ৷ তদুপৰি তেওঁ ৰাজভৱনত আৰক্ষী কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰি নিৰ্দেশনা জাৰি কৰে ৷ ৰাজ্যপাল গৰাকীয়ে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক বিষয়াসকলক প্ৰৰোচনা কৰাৰ বাবে অনুমোদিতভাৱে আৰক্ষীয়ে তদন্তৰ এই নাটক কৰা বুলি দাবী কৰে ৷

লগতে পঢ়ক: ৰাজ্যপালৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ৰাজভৱনৰ কৰ্মীৰ - WEST BENGAL GOVERNOR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.