ETV Bharat / bharat

কাশ্মীৰ উপত্যকাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুটা সন্ত্ৰাসবাদী - Two terrorists killed in encounter

author img

By ANI

Published : May 7, 2024, 10:03 PM IST

Updated : May 8, 2024, 12:30 PM IST

TERRORISTS KILLED IN ENCOUNTER
Operation against Terrorist (ANI)

Operation against Terrorist: জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুটা সন্ত্ৰাসবাদী । পুঞ্চৰ বায়ু সেনাৰ কনভয়ৰ সৈতে সন্ত্ৰাসবাদী দুটা জড়িত থকাৰ সন্দেহ ।

নিউজ ডেস্ক, ৭ মে': মঙলবাৰে জম্মু-কাশ্মীৰৰ কুলগামৰ ৰেডৱানী পায়েন অঞ্চলত নিৰাপত্তা বাহিনীয়ে চলোৱা সন্ত্ৰাস বিৰোধী অভিযানত দুটা সন্ত্ৰাসবাদী নিহত হয় । কাশ্মীৰ মণ্ডল আৰক্ষীয়ে নিশ্চিত কৰিছে যে সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কাশ্মীৰ মণ্ডল আৰক্ষীয়ে এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয় যে, "এতিয়ালৈকে সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিহত ২ টা সন্ত্রাসবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে । পৰিচয় আৰু সংযোগ নিৰ্ণয় কৰা হৈছে । সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলি আছে । অধিক তথ্য পৰৱৰ্তী সময়ত জনোৱা হ'ব ।"

ইয়াৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ কুলগামৰ ৰেডৱানী পায়েন অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্ৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় । কিন্তু নিৰাপত্তা বাহিনীৰ সৈতে গুলীচালনাত লিপ্ত হোৱা সন্ত্ৰাসবাদীয়েই পুঞ্চ আক্ৰমণৰ আঁৰত আছিল নেকি সেয়া আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই ।

যোৱা ৪ মে’ত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সীমান্তৰ সিপাৰৰ পৰা সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে এটা কনভয়ক লক্ষ্য কৰি আক্ৰমণ চলাইছিল । এই আক্ৰমণত ভাৰতীয় বায়ুসেনাৰ এজন বিষয়া নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয় ।

ইয়াৰ পূৰ্বে এজন বিষয়াই কয় যে পুঞ্চ জিলাত ভাৰতীয় বায়ুসেনাৰ কনভয়ৰ এখন বাহনত সন্ত্রাসবাদীয়ে আক্রমণ কৰে ৷ আহত জোৱানকেইজনক ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰত চিকিৎসাৰ বাবে উধামপুৰলৈ লৈ যোৱা হয়, তাতেই এজনৰ মৃত্যু হয় ।

ইফালে, ৪ মে’ৰ পুঞ্চ আক্ৰমণৰ পিচতে নিৰাপত্তা বাহিনীয়ে সুৰণকোটেৰ পৰা জাৰাণ ৱালি গালি অঞ্চললৈকে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে । বায়ুসেনাৰ কনভয়ত আক্ৰমণৰ পিছত সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলত ব্যাপক নিৰাপত্তাৰক্ষীৰ নিয়োগ দেখা গৈছিল ।

লগতে পঢ়ক: বায়ু সেনাৰ কনভয়ত আক্ৰমণৰ পিচতে পুঞ্চত তীব্ৰ তালাচী - IAF convoy attack

বায়ু সেনাৰ কনভয় আক্ৰমণ: পুঞ্চত সন্ত্ৰাসবাদীৰ সন্ধান, সোধা-পোছাৰ বাবে কেইবাজনো লোকক আটক - Air Force convoy attack

সন্ত্ৰাসবাদীৰ আক্ৰমণত বায়ু সেনা জোৱানৰ মৃত্যু, আহত 4 - Terrorist attack in poonch

Last Updated :May 8, 2024, 12:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.