ETV Bharat / bharat

স্বদেশলৈ অনা হ'ল ৰাছিয়াত নিহত হামিলৰ নশ্বৰদেহ

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 7:05 PM IST

Russia Ukraine war
স্বদেশলৈ অনা হ'ল ৰাছিয়াত নিহত হামিলৰ নশ্বৰদেহ

Russia Ukraine war: এজেণ্টে প্ৰৱঞ্চনাৰে ৰাছিয়াৰ সেনা বাহিনীত নিযুক্তি দিছিল চুৰাটৰ হামিল মংগুকিয়াক । ২১ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ সীমান্তত ড্ৰোণ মিছাইল আক্ৰমণত নিহত হৈছিল যুৱকজন । পৰিয়ালটোৱে তেতিয়াৰে পৰা পুত্ৰৰ নশ্বৰদেহৰ বাবে অপেক্ষাত আছিল । দেওবাৰে পৰিয়ালৰ উপস্থিতিত হামিলৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন ।

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : অৱশেষত স্বদেশলৈ অনা হ'ল হামিল মংগুকিয়াৰ মৃতদেহ । ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষৰ সময়ত নিহত হৈছিল ২৩ বছৰীয়া হামিল মংগুকিয়া । ৰাছিয়া সেনাৰ সহায়ক হিচাপে যোগদান কৰিছিল মংগুকিয়াই । ২৩ ডিচেম্বৰত ভাৱনগৰৰ বাসিন্দা মংগুকিয়াই ৰাছিয়াৰ সেনা বাহিনীত সহায়ক হিচাপে যোগদান কৰিছিল । কিন্তু ২১ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত সীমান্তৰ সমীপত ড্ৰোণ মিছাইল আক্ৰমণত তেওঁ নিহত হৈছিল । তেওঁৰ পৰিয়ালে পুত্ৰক শেষ শ্ৰদ্ধা জনাবলৈ অপেক্ষা কৰি আছিল । আনকি মংগুকিয়াৰ পিতৃ আৰু খুৰাক মৃতদেহ সংগ্ৰহ কৰিবলৈ ৰাছিয়াৰ মস্কোত উপস্থিত হৈছিল ।

পুত্ৰৰ নশ্বৰদেহৰ বাবে পৰিয়ালটোৱে ২৫ দিন অপেক্ষা কৰিবলগীয়া হয় । জানিব পৰা মতে তেওঁলোকে পুত্ৰ হামিলক বিদেশলৈ পঠিয়াইছিল আৰু কেতিয়াও ভবা নাছিল যে পুত্ৰৰ মৃতদেহ এনেদৰে ঘৰলৈ আনিবলগীয়া হ'ব । অৱশেষত হামিলৰ মৃতদেহ দিল্লী হৈ চুৰাট বিমানবন্দৰত উপস্থিত হয় । শনিবাৰে হামিলৰ নশ্বৰদেহ চুৰাটত উপস্থিত হোৱাৰ লগে লগে অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰে । মৃতদেহটো স্মিমাৰ চিকিৎসালয়ৰ শীতল কোঠাত ৰখা হয় । দেওবাৰে পুৱাই হামিলৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । বহু সংখ্যক লোকে অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে ।

পৰিয়ালটোৱে অভিযোগ কৰা মতে হামিলক এজন এজেণ্টে বিদেশলৈ নিযুক্তিৰ প্ৰলোভনেৰে লৈ গৈছিল । হামিলক প্ৰৱঞ্চনাৰে ৰাছিয়াৰ সেনা বাহিনীত নিযুক্তি দিয়া হৈছিল বুলিও পৰিয়ালটোৱে অভিযোগ কৰে ।

হামিলে পূৰ্বে কানাডা আৰু পোলেণ্ডৰ বাবে ভিছা আবেদন কৰিছিল । কিন্তু তেওঁ সফল হ'ব নোৱাৰিলে । কিন্তু হামিলক যেন মৃত্যুৱে তালৈ টানি লৈ গৈছিল আৰু ২৩ ডিচেম্বৰত তেওঁ এজন এজেণ্টৰ সহায়ত ৰাছিয়াত সেনাৰ সহায়ক হিচাপে যোগদান কৰিছিল ।

লগতে পঢ়ক :ৰাছিয়া-ইউক্ৰেইন যুদ্ধত হায়দৰাবাদৰ যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.