ETV Bharat / bharat

কৃষকৰ প্ৰতিবাদৰ বাবে কেইবাখনো ৰে'ল বাতিল - FARMERS PROTEST

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 2:21 PM IST

Farmers protest at Shambhu Railway Station: কৃষকৰ প্ৰতিবাদৰ ফলত দিল্লীৰ শম্ভূ ৰে'ল ষ্টেচনত যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হৈছে । বহুতো ৰে'ল নিৰ্ধাৰিত সময়ৰ পৰা ১৫-২০ ঘণ্টা পলমকৈ চলিছে ।

Farmers protest at Shambhu Railway Station
দিল্লীত কৃষকৰ প্ৰতিবাদ (ETV BHARAT)

নেশ্য়নেল ডেস্ক, ৮ মে': উত্তৰ ৰে'লৱেৰ আম্বালা মণ্ডলৰ শম্ভূ ৰে'ল ষ্টেচনত কৃষকসকলে চলাই থকা প্ৰতিবাদৰ বাবে বাতিল কৰিবলগীয়া হৈছে কেইবাখনো ৰে'লৰ সেৱা । কৃষকসকলে তিনি সপ্তাহ ধৰি ৰে'লপথত বহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ ফলত এইদৰে ৰে'ল সেৱা বাতিল কৰা হৈছে ।

ৰে'ল চলাচলত ব্য়াঘাত জন্মাৰ ফলত দিল্লীকে ধৰি অন্যান্য ৰাজ্যতো ইয়াৰ প্ৰভাৱ পৰিছে । বহুতো ৰে'ল বাতিল কৰাৰ লগতে সময়সূচীৰ পৰিৱৰ্তন কৰা বা চমুকৈ সমাপ্ত কৰা হৈছে । এইদৰে সেৱা বাতিল আৰু সময়সূচীৰ পৰিৱৰ্তন কৰা বা চমুকৈ সমাপ্ত কৰাত লাখ লাখ নিয়মীয়া যাত্ৰীয়ে ভীষণ সমস্যাৰ সন্মুখীন হৈছে । আনকি বহুতো ৰে'ল নিৰ্ধাৰিত সময়ৰ পৰা ১৫ ৰ পৰা ২০ ঘণ্টা পলমকৈ চলি আছে ।

এই প্ৰসংগত উত্তৰ ৰে'লৱেৰ আম্বালা মণ্ডলৰ বিষয়াসকলে উল্লেখ কৰিছে যে শম্ভূ ৰে'ল ষ্টেচনত কৃষকৰ আন্দোলন প্ৰায় তিনি সপ্তাহ ধৰি চলাই আছে । এই প্ৰতিবাদে ৰে'লপথক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে । শম্ভূ ৰে'ল ষ্টেচন হৈ পঞ্জাৱ আৰু জম্মু-কাশ্মীৰলৈ যোৱা ৰে'লৰ যাত্ৰা প্ৰভাৱিত হৈছে ।

এই মণ্ডলৰ বেছিভাগ ৰে'ল প্ৰভাৱিত হোৱাত যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হয় । কৃষক আন্দোলনে দিল্লী, হাৰিয়ানা, পঞ্জাৱ, জম্মু আৰু কাশ্মীৰ, উত্তৰ প্ৰদেশ আৰু অন্যান্য ৰাজ্যক প্ৰভাৱিত কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত এই পথৰ পৰা চলি থকা ৰে'লমূহ বাতিলৰ লগতে পৰিৱৰ্তন বা চমুকৈ সমাপ্ত কৰা হৈছে । দিল্লীৰ পৰা বহুসংখ্যক যাত্ৰীয়ে এই পথেৰে ভ্ৰমণ কৰে ।

দিল্লী-শ্ৰীমাতা বৈষ্ণো দেৱী কাটৰা এক্সপ্ৰেছ, দিল্লী ছাৰাই ৰোহিল্লা-মুম্বাই চেণ্ট্ৰেল, দিল্লী-ফাজিলকা এক্সপ্ৰেছ, ঋষিকেশ-শ্ৰীগংগানগৰ এক্সপ্ৰেছ, নতুন দিল্লী-অমৃতসৰ এক্সপ্ৰেছ, দিল্লী-পাঠানকোট এক্সপ্ৰেছ, নতুন দিল্লী-জলন্ধৰ কেণ্ট এক্সপ্ৰেছ আৰু অন্যান্য ৰাজ্যৰ পৰা শম্ভূ ৰে'ল ষ্টেচনলৈ যোৱা অন্যান্য ৰে'ল সমূহ বাতিল কৰা হৈছে ।

দিল্লীৰ পৰা পঞ্জাৱ, জম্মুলৈ কিছুমান ৰে'লৰ পথ সলনি কৰা হৈছে । ইয়াৰ বাবে অধিক সময় লাগিব । বিষয়াসকলে উল্লেখ কৰা মতে, ৰে'লসমূহ চাৰি ঘণ্টাৰ পৰিৱৰ্তে ১০ ঘণ্টাৰ ভিতৰত গন্তব্যস্থানত উপনীত হৈছে । নতুন দিল্লী-জম্মু তাৱী, নতুন দিল্লী-কাটৰা এক্সপ্ৰেছ, দিল্লী ছাৰাই ৰোহিল্লা-জম্মু তাৱী এক্সপ্ৰেছ জাখাল-ধুৰী-লুধিয়ানা হৈ চলি আছে ।

দিল্লী-অমৃতসৰ এক্সপ্ৰেছ, নতুন দিল্লী-অমৃতসৰ শতাব্দী এক্সপ্ৰেছ, নতুন দিল্লী-কাটৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লসমূহ আম্বালা কেণ্ট-চণ্ডীগড়-চিৰহিন্দ-চানেহৱাল ৰে'ল ষ্টেচনৰ মাজেৰে চলিব । তদুপৰি আম্বালা বিভাগৰ বহুতো ৰে'ল গন্তব্য সময়ৰ আগতে চলোৱা হৈছে ।

লগতে পঢ়ক: শ্বহীদ কৃষকৰ চিতাভস্ম লৈ বিভিন্ন ৰাজ্যলৈ কৃষকৰ যাত্ৰা

দিল্লীৰ সীমান্তৰ লগতে ৰে’লৱে ষ্টেচনত কঠোৰ নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.