ETV Bharat / bharat

কৃষকৰ দিল্লী যাত্ৰা : সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা; দিল্লীত তীব্ৰ যানজঁট

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 3:01 PM IST

Farmers Protest : কৃষকসকলৰ 'দিল্লী চলো' কাৰ্যসূচী ঘোষণাৰ পিচত দিল্লীৰ সীমান্তত সতৰ্কতা বৃদ্ধি পাইছে । লগতে 12 মাৰ্চলৈকে দিল্লীত 144 ধাৰা জাৰি কৰা হৈছে । ইয়াৰ উপৰি দিল্লীৰ সকলো সীমান্তত আৰক্ষী সষ্টম হৈ আছে ।

কৃষকৰ দিল্লী যাত্ৰাক লৈ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
কৃষকৰ দিল্লী যাত্ৰাক লৈ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

কৃষকৰ দিল্লী যাত্ৰাক লৈ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : সমগ্ৰ দেশৰ বিভিন্ন কৃষক সংগঠনক প্ৰতিনিধিত্ব কৰা কৃষক নেতাসকল আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ মাজত সোমবাৰে নিশা অনুষ্ঠিত বৈঠকত কৃষকৰ সমস্যাবোৰৰ সমাধান সূত্ৰ উলিওৱাত ব্যৰ্থ হয় । ইয়াৰ পিছত কৃষকসকলে ঘোষণা কৰে যে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ মঙলবাৰে পুৱা ১০ বজাত দিল্লী অভিমুখে যাত্ৰা কৰাৰ পৰিকল্পনাত অটল আছে । তাৰেই পৰিপ্ৰেক্ষিতত কৃষকসকলে শম্ভু সীমান্তৰ পৰা তেওঁলোকৰ 'দিল্লী চলো' পদযাত্ৰা আৰম্ভ কৰে ।

আনহাতে, কৃষকসকলৰ দিল্লী যাত্ৰা ঘোষণা কৰাৰ পিছত সীমান্তত সতৰ্কতা বৃদ্ধি কৰা হৈছে । লগতে যিকোনো অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ দিল্লীত ১২ মাৰ্চলৈকে ১৪৪ ধাৰা জাৰি কৰা হৈছে । আন ৰাজ্যৰ সৈতে দিল্লীৰ সীমান্তত নিৰাপত্তা ব্যৱস্থাও কঠোৰ কৰা হৈছে । দিল্লীৰ সীমান্ত বদৰপুৰ সীমান্তত হাৰিয়ানাৰ ফৰিদাবাদৰ সৈতে মিলিত হয় । ইয়াৰ উপৰি দিল্লীৰ সকলো সীমা কেণ্টনমেণ্টলৈ ৰূপান্তৰিত কৰা হৈছে । তাত কেইবাস্তৰীয় বেৰিকেড স্থাপন কৰা হৈছে । লগতে সমগ্ৰ পথটো কাঁইটীয়া তাঁৰেৰে অৱৰোধ কৰা হৈছে ।

ইফালে দিল্লীত কৃষকৰ পদযাত্ৰাৰ মাজতে দিল্লীৰ চিল্লা সীমান্তত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে । পথত বাহনৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে । যানজঁটৰ ফলত বাহনৰ গতি স্তব্ধ হৈ পৰিছে ।

গাজীপুৰ সীমান্ত : কৃষক সংগঠনসমূহে আহ্বান জনোৱা 'দিল্লী চলো' প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি গাজীপুৰ সীমান্তত বেৰিকেড স্থাপন কৰা হয় । গাজীপুৰ সীমান্তৰ পৰা গাজিয়াবাদলৈ যোৱা বাহনসমূহে অক্ষৰধাম মন্দিৰৰ সন্মুখত পুস্তা ৰোড বা পাটপাৰগঞ্জ ৰোড/মাদাৰ ডেইৰী ৰোড বা চৌধুৰী চৰণ সিং মাৰ্গ, আইএছবিটি আনন্দ বিহাৰ আৰু মহাৰাজপুৰ বা অপ্সৰা সীমাৰে যাব পাৰিব ।

সিংঘু সীমান্তত কটকটীয়া সুৰক্ষা ব্যৱস্থা : কৃষক সংগঠনসমূহে আহ্বান জনোৱা 'দিল্লী চলো' প্ৰতিবাদী সমদলৰ প্ৰতি লক্ষ্য ৰাখি সিংঘু সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে । হাৰিয়ানাৰ পৰা অহা বাহনসমূহ সিংঘু সীমান্তত পৰীক্ষা কৰা হৈছে । সীমান্তত ৩ আৰু ৪ টা স্তৰৰ বেৰিকেডিং কৰা হৈছে । কাঁইটীয়া তাঁৰ আৰু ডাঙৰ কংক্ৰীটৰ বেৰিকেড স্থাপন কৰা হৈছে । দিল্লী আৰক্ষীয়েও এক বেৰিকেডৰ পৰিকল্পনা প্ৰস্তুত কৰিছে যাতে কৃষকসকলক দিল্লীত প্ৰৱেশত বাধা দিব পাৰি ।

কালিন্দী কুঞ্জ সীমান্ত : দিল্লীৰ সীমান্ত কালিন্দী কুঞ্জ সীমান্তত নয়ডাৰ সৈতে মিলিত হয় । তাৰবাবেই কৃষকসকলৰ দিল্লী যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি কালিন্দী কুঞ্জ সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । সোমবাৰে সন্ধিয়াৰ পৰা তাত বৃহৎসংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । লগতে বাহনবোৰ পৰীক্ষা কৰা হৈছে । যাৰ ফলত তাত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে । আনহাতে, যান-জঁটৰ বাবে জনসাধাৰণ বিৰক্ত হৈ পৰা দেখা গৈছে । ইয়াৰ উপৰি দিল্লীৰ চিল্লা সীমান্ততো তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে । পথত বাহনৰ দীঘলীয়া শাৰীৰ সৃষ্টি হৈছে ।

টিক্ৰি সীমান্ত : যান-বাহন বিভাগৰ পৰামৰ্শ অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ হৈ সোণিপথ, পাণিপথ, কৰ্ণাল আদি অভিমুখে যোৱা আন্তঃৰাজ্যিক বাছসমূহ আইএছবিটিৰ পৰা মাজনু কা তিলালৈ খাজুৰী চক হৈ লনি সীমান্তৰ পৰা খেক্ৰা হৈ মধ্যপ্ৰদেশলৈ যাব । আৰক্ষীয়ে দিল্লীৰ অন্যতম গুৰুত্বপূৰ্ণ সীমা টিক্ৰি সীমান্ততো কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে । স্থানীয় আৰক্ষীতকৈ তাত অধিক মাত্ৰাত অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে । লগতে বহুসংখ্যক মহিলা আৰক্ষী কৰ্মীও মজুত কৰা হৈছে । ইয়াৰ উপৰি ড্ৰোণেৰেও পৰিস্থিতি পুনৰীক্ষণ কৰা হৈছে, যাতে যিকোনো সন্দেহজনক কাৰ্যকলাপ তৎক্ষণাৎ অনুসৰণ কৰিব পাৰি । টিক্ৰি সীমান্তৰ এফালে দিল্লীৰ মুণ্ডকা অঞ্চল আছে, আনফালে হাৰিয়ানাৰ বাহাদুৰগড় অঞ্চল আছে । প্ৰতিদিনে লাখ লাখ লোক এই সীমান্তৰে অহা-যোৱা কৰে ।

লগতে পঢ়ক :কৃষকৰ প্ৰতিবাদৰ বাবে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই জাৰি কৰিলে বিশেষ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.