ETV Bharat / bharat

কৃষকৰ প্ৰতিবাদৰ বাবে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই জাৰি কৰিলে বিশেষ নিৰ্দেশনা

author img

By ANI

Published : Feb 13, 2024, 1:20 PM IST

Farmers protest: Delhi airport issues advisory for passengers
Farmers protest: Delhi airport issues advisory for passengers

Farmers protest 2024: দিল্লীৰ বিভিন্ন সীমান্তত আৰম্ভ হোৱা কৃষকৰ প্ৰতিবাদৰ বাবে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকললৈ জাৰি কৰে পৰামৰ্শ ৷ কৰ্তৃপক্ষই যাত্ৰীসকলক অহা-যোৱাৰ বাবে দিল্লী মেট্ৰ’ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে ।

নেশ্যনেল ডেস্ক, 13 ফেব্ৰুৱাৰী: 13 ফেব্ৰুৱাৰীৰ পৰা দিল্লীৰ বিভিন্ন সীমান্তত আৰম্ভ হোৱা কৃষকৰ প্ৰতিবাদৰ বাবে সোমবাৰে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকললৈ এক পৰামৰ্শ জাৰি কৰে ৷ কৰ্তৃপক্ষই যাত্ৰীসকলক অহা-যোৱাৰ বাবে দিল্লী মেট্ৰ’ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে । কৰ্তৃপক্ষই কয়, " আমি ভ্ৰমণকাৰীসকলক সুবিধাজনক পৰিবহণ বিকল্পৰ বাবে টাৰ্মিনেল 1 (T1) ৰ বাবে মাজেন্টা লাইন বা টাৰ্মিনেল 3 (T3)ৰ বাবে বিমানবন্দৰৰ মেট্ৰ' ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছো ।"

কৃষকৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত গাজীপুৰ সীমান্ত আৰু দিল্লী-নয়দা চিল্লা সীমান্তত যান-বাহন আৰোহীয়ে গ্ৰীডলকৰ সন্মুখীন হ’বলগীয়া হয় । এই কাৰ্যসূচীৰ বাবে সোমবাৰে দিল্লী যান-বাহন আৰক্ষীয়ে যান-বাহন সম্বন্ধীয় পৰামৰ্শ জাৰি কৰি যাতায়তকাৰীসকলক দিল্লী-হাৰিয়ানাৰ সিংঘু সীমান্তৰ আশে-পাশে বিকল্প পথ ওলাইছে বুলি জনায় ৷

যান-বাহন আৰক্ষীয়ে কয়, "বাণিজ্যিক বাহনৰ বাবে 12 ফেব্ৰুৱাৰীৰ পৰা সিংঘু সীমান্তত আৰু 13 ফেব্ৰুৱাৰীৰ পৰা সকলো ধৰণৰ যান-বাহনৰ বাবে যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰু বিকল্প পথ সন্দৰ্ভত নিৰ্দেশনা আৰোপ কৰা হ’ব ।"

কৃষকসকলে কৃষিজাত সামগ্ৰীৰ নূন্যতম সমৰ্থন মূল্য নিশ্চিত কৰা আইন আৰু ঋণ ৰেহাই দিয়াৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰিছে । চলিত বৰ্ষৰ মে’-এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে গ্ৰহণ কৰা এই প্ৰতিবাদ কাৰ্যসূচীয়ে নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে । ৰাষ্ট্ৰীয় ৰাজধানীৰ সীমান্তত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । আইন-শৃংখলা সুনিশ্চিত কৰিবলৈ দিল্লী আৰক্ষীয়ে ইতিমধ্যে 144 ধাৰা বলবৎ কৰি ট্ৰেক্টৰ ট্ৰলী আৰু বৃহৎ সমাবেশৰ প্ৰৱেশত বাধা আৰোপ কৰিছে ।

চিএপিএফ, অপৰাধ শাখাৰ কৰ্মচাৰী আৰু বেটেলিয়নকে ধৰি 2000 ৰো অধিক জোৱানৰ এটা শক্তিশালী বাহিনী উক্ত অঞ্চলত মোতায়েন কৰা হৈছে বুলি আৰক্ষীয়ে জনায় । ইফালে কৃষক সংঘৰ নেতা আৰু চৰকাৰৰ বৈঠকত কোনো উমৈহতীয়া স্থিতিত ুপনীত হোৱা পৰিলক্ষিত হোৱা নাছিল ।

লগতে পঢ়ক: কৃষকৰ পদযাত্ৰা ভেটিবলৈ সষ্টম আৰক্ষী; সীমান্তত স্থাপন কৰা হৈছে চিমেণ্টযুক্ত বেৰিকেড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.