ETV Bharat / bharat

হাৰিয়ানাৰ স্পেয়াৰ পাৰ্টছ নিৰ্মাণ কোম্পানীৰ বয়লাৰ ফাটি ৫০ জনতকৈ অধিক কৰ্মচাৰী অগ্নিদগ্ধ

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 10:17 PM IST

Rewari Boiler Explosion: হাৰিয়ানাৰ ঔদ্যোগিক চহৰ ৰেৱাৰী ধৰুহেৰাত স্পেয়াৰ পাৰ্টছ প্ৰস্তুত কৰা এটা ফেক্টৰীত বয়লাৰ বিস্ফোৰণৰ ফলত প্ৰায় ৫০ জনতকৈ অধিক কৰ্মচাৰী অগ্নিদগ্ধ । আহতসকলৰ ৪০ জনৰ অৱস্থাত সংকটজনক বুলি জানিব পৰা হৈছে ৷

Rewari Boiler Explosion
হাৰিয়ানাৰ স্পেয়াৰ পাৰ্টছ নিৰ্মাণ কোম্পানীৰ বয়লাৰ ফাটি ৫০ জনতকৈ অধিক কৰ্মচাৰী অগ্নিদগ্ধ

নিউজ ডেস্ক, 16 মাৰ্চ: হাৰিয়ানাৰ ৰেৱাৰীৰ এটা স্পেয়াৰ পাৰ্টছ নিৰ্মাণ কোম্পানীত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা । স্পেয়াৰ পাৰ্টছ নিৰ্মাণ কোম্পানী এটাৰ কাৰখানা চৌহদত এটা বয়লাৰ ফাটি যায় ৷ এই ঘটনাত কোম্পানীটোত কৰ্মৰত প্ৰায় ৫০ জনতকৈ অধিক কৰ্মচাৰী অগ্নিদগ্ধ হয় । ঘটনাৰ সম্ভেদ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনৰ লগতে কেইবাখনো এম্বুলেন্স উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আহতসকলক ততাতৈয়াকৈ ৰেৱাৰী চহৰৰ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰা হয় ।

জানিব পৰা মতে, ৰেৱাৰী জিলাৰ ঔদ্যোগিক চহৰ ধৰুহেৰাত অতিৰিক্ত অংশ নিৰ্মাণ কৰা লাইফ লং ফেক্টৰীত হঠাৎ বয়লাৰ ফাটি যোৱাৰ ফলত এই বৃহৎ দুৰ্ঘটনা সংঘটিত হয় । আহতসকলৰ ৪০ জনৰ অৱস্থাত সংকটজনক বুলি জানিব পৰা হৈছে ৷ ৰেৱাৰী জিলাৰ অসামৰিক চিকিৎসালয়ৰ চিভিল চাৰ্জন ডাঃ সুৰেন্দ্ৰ যাদৱে জানিবলৈ দিয়া মতে, কৰ্মচাৰীসকল জুয়ে পোৰাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে । একাংশ কৰ্মচাৰীক ধৰুহেৰাৰ ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । চহৰখনত ইমান ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত আন চিকিৎসালয়সমূহকো সতৰ্ক কৰি দিয়া হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ডাঃ সুৰেন্দ্ৰ যাদৱে লগতে উল্লেখ কৰা মতে, ৰেৱাৰী অসামৰিক চিকিৎসালয়ত বৰ্তমান ২৩ জন কৰ্মচাৰীক ভৰ্তি কৰা হৈছে । এজন গুৰুতৰ ৰোগীক ৰোহটক পিজিআইলৈ প্ৰেৰণ কৰা হৈছে বুলিও চিকিৎসকজনে জানিবলৈ দিয়ে । ইফালে এই ঘটনা তথ্য লাভ কৰাৰ লগে লগে জিলা স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী বিভাগৰ বহু উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হয় ।

ইফালে এই শোকাবহ ঘটনা সন্দৰ্ভত সাংসদ দীপেন্দ্ৰ সিং হুডাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত পোষ্ট কৰি কয়, "লাইফ লং ফেক্টৰীত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত বৃহৎ সংখ্যক লোক জ্বলি যোৱাৰ খবৰটো অতি দুখজনক । আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো । এই দুৰ্ঘটনাত পতিত হোৱা সকলোকে চৰকাৰে উন্নত চিকিৎসা আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াব লাগে ।

লগতে পঢ়ক: দিল্লীৰ সাপ্তাহিক বজাৰত অনিয়ন্ত্ৰিত বাহনে মহটিয়ালে কেইবাজনক: নিহত ১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.