ETV Bharat / bharat

CAA বিৰোধী আবেদন প্ৰত্যাহাৰ কৰিব ৰাজস্থান চৰকাৰে: ভজনলাল শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 8:42 AM IST

Updated : Mar 21, 2024, 9:56 AM IST

CAA বিৰোধী আৱেদন প্ৰত্যাহাৰ কৰিব ৰাজস্থান চৰকাৰে : ভজনলাল শৰ্মা
CAA বিৰোধী আৱেদন প্ৰত্যাহাৰ কৰিব ৰাজস্থান চৰকাৰে : ভজনলাল শৰ্মা

Challenge to CAA : ৰাজস্থান চৰকাৰে নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ CAAক প্ৰত্যাহাৰ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰে পূৰ্বৰ ৰাজ্য চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰাৰ অনুমতি বিচাৰি আবেদন দাখিল কৰিছে ।

নেশ্যনেল ডেস্ক, ২১ মাৰ্চ : ভাৰতত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বলৱৎ কৰাৰ লগে লগে দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ 'কা'ৰ বিধি আৰু নিয়মাৱলীৰ স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত কৰা আবেদন সন্দৰ্ভত ১৯ মাৰ্চৰ দিনা ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে ৷

এইবোৰৰ মাজতে এইবাৰ ৰাজস্থানৰ বিজেপি চৰকাৰে CAA ক প্ৰত্যাহাৰ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৰাজ্য চৰকাৰৰ হৈ অতিৰিক্ত অধিবক্তা শিৱমংগল শৰ্মাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে । আবেদনখনত উল্লেখ কৰা হৈছে- ‘‘আবেদন দাখিল কৰাৰ পিচত পৰিস্থিতি সলনি হৈছে আৰু ৰাজ্য চৰকাৰে এতিয়া CAA ক প্ৰত্যাহ্বান জনাব নিবিচাৰে । গতিকে আবেদন প্ৰত্যাহাৰ কৰিবলৈ অনুমতি দিব লাগে’’ ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ সংশোধনৰ বাবে ২০১৬ চনত সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰিছিল । সংসদত গৃহীত হোৱাৰ পিচত ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতিয়ে বিধেয়কখন অনুমোদন জনায় ।

ইয়াৰ পিচতে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰা হয় । এই সন্দৰ্ভত ২০২০ চনত তেতিয়াৰ গেহলট চৰকাৰে উচ্চতম ন্যায়ালয়ত CAA ক প্ৰত্যাহ্বান জনাইছিল । এইখিনিতে জনাও যে মাত্ৰ কেইদিনমানৰ আগতে কেন্দ্ৰৰ মোদী চৰকাৰে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ অধিসূচনা জাৰি কৰিছিল ।

মুখ্যমন্ত্ৰী ভজনলালে অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল:

নাগৰিকত্ব সংশোধনী আইনৰ অধিসূচনা দেশত কাৰ্যকৰী হোৱাৰ পিচত মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । ৰাজ্যত CAA অধিসূচনা জাৰি হোৱাৰ দিনা অযোধ্যাৰ পৰা উভতি আহিছিল ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কসকল । সেই সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ভজনলাল শৰ্মাই কৈছিল যে এই আইনখন বহুদিনৰ পৰাই প্ৰয়োজন হৈ আছে ।

তেওঁ কয়, ‘‘স্বাধীনতাৰ পাচত আমাৰ ভাইসকল অত্যাচাৰৰ সন্মুখীন হৈ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশলৈ আহিছিল । হিন্দু, শিখ, জৈন বা খ্ৰীষ্টান হওক - এই আইনৰ সহায়ত তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ৷ তেওঁলোকে লগতে সকলো সা-সুবিধা লাভ কৰিব’’ ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে তেওঁ কংগ্ৰেছকে ধৰি একাংশ বিৰোধী দলে এই আইনৰ বিৰোধিতা কৰি আহিছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক : ভাৰতত 'কা' বলৱৎ হোৱাৰ পিচত বাংলাদেশত কি পৰিৱেশ ?

Last Updated :Mar 21, 2024, 9:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.