ETV Bharat / bharat

প্ৰশাসনে ধ্বংস কৰিলে ৯ একৰ ভূমিৰ পপী খেতি, পপী খেতিৰ লগত সম্পৰ্ক মণিপুৰৰ হিংসাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 9:49 PM IST

Poppy destruction drive in Manipur
মণিপুৰৰ হিংসা

Manipur Violence: মণিপুৰৰ সেনাপতি জিলাত প্ৰশাসনে ধ্বংস কৰিলে ৯ একৰ ভূমিৰ পপী খেতি ৷ পপী খেতিৰ লগত সম্পৰ্ক মণিপুৰৰ হিংসা ৷ ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ।

তেজপুৰ, 27 ফেব্ৰুৱাৰী : মণিপুৰৰ সেনাপতি জিলাত জিলা প্ৰশাসনৰ লগতে নিৰাপত্তা বাহিনীয়ে সেনাপতি জিলাৰ সাদিম পাহাৰীয়া অঞ্চলত পপী গছ ধ্বংসৰ এক বৃহৎ অভিযান চলায় । আৰক্ষীয়ে জনোৱা মতে প্ৰায় ৯ একৰ পপী খেতিৰ বাগিচা ধ্বংস হয় এই অভিযানত । এই ঘটনাৰ অধিক তদন্তৰ বাবে সেনাপতি আৰক্ষীত এক গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

Manipur Violence
ম্যানমাৰৰ পৰা অহা কুকি শৰণাৰ্থীক পুনৰ সংস্থাপনৰ নিৰ্দেশ

ৰাজ্যখনৰ পাহাৰীয়া এঢলীয়া অঞ্চলত কুকি জনগোষ্ঠীৰ লোকসকলৰ মাজত এই পপী খেতিৰ প্ৰচলন আছে । মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ পূৰ্বে ২০২২ চনত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠনৰ পিচতে চৰকাৰে ৰাজ্যখনত ভয়ানক ৰূপ ধাৰণ কৰা মাৰাত্মক ড্ৰাগছ আৰু পাহাৰীয়া অঞ্চলত প্ৰচলিত পপী খেতিৰ সম্পূৰ্ণৰূপে বন্ধ কৰে ।

বহু হাজাৰ পপী খেতি উচ্ছেদৰ লগতে ড্ৰাগছো ধ্বংস কৰে । মণিপুৰত সীমান্তৱৰ্তী ম্যানমাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ ভাণ্ডাৰ সৰবৰাহ হয় । এই ড্ৰাগছ অবৈধ অনুপ্ৰৱেশৰ লগতে উগ্ৰপন্থী সংগঠনৰ পুঁজি টনকিয়াল কৰাৰ এক বিশেষ আহিলা । মণিপুৰ চৰকাৰে বৰ্তমানলৈকে ২০২২ বৰ্ষত মুঠ ১৮,৬৬৪ একৰ ভূমিত পপী খেতি ধ্বংস কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তথ্য অনুসৰি, ১৯৮৫ চনৰ মাদক দ্ৰব্য আৰু মনোৰোগী পদাৰ্থ (এন ডি পি এছ) আইনৰ অধীনত বিগত পাঁচ বছৰত ৰাজ্যখনত কমেও ২৫১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰে ৩৮১ জন মেইটেই, ১০৮৩ জন মুছলমান, ৮৭৩ জন কুকি-চিন আৰু ১৮১ জন অন্য লোক । ২০২২ চনত সৰ্বাধিক গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা আছিল ৬৫৮ জন । এনডিপিএছ আইনৰ অধীনত ২০২৩ বৰ্ষৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে আশীজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

মণিপুৰৰ ভৌগোলিকভাৱে সান্নিধ্য আছে আন্তঃৰাষ্ট্ৰীয়ভাৱে আৰু সেই বাবেই ইয়াক “সোণালী ত্ৰিভুজ” (Golden Trangle) অঞ্চলৰ অন্তৰ্গত বুলি কোৱা হয়, য’ত লাওছ, থাইলেণ্ড আৰু ম্যানমাৰ অন্তৰ্ভুক্ত- ড্ৰাগছ সৰবৰাহৰ কেন্দ্ৰবিন্দু আৰু ড্ৰাগছৰ এটা প্ৰধান পথ । মণিপুৰৰ মুঠ ২৮ লাখ জনসংখ্যাৰ ভিতৰত প্ৰায় ১.৪ লাখ যুৱক মাৰাত্মক ড্ৰাগছৰ আসক্ত, এই পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰে এই পপী খেতি ৰাজ্যখনৰ পৰা নিষিদ্ধ ঘোষিত কৰিছে ।

উল্লেখযোগ্য যে যেতিয়াই পপী খেতি ধ্বংস কৰা হয় তাৰ ঠিক সমান্তৰালভাৱে মণিপুৰত হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয় । বিশেষ সূত্ৰৰ মতে এই হিংসাৰ প্ৰধান কাৰণ হৈছে মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু তেওঁৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ মণিপুৰ চৰকাৰে নিচাজাতীয় দ্ৰব্যৰ ওপৰত বিশেষকৈ ৰাজ্যখনত পপী খেতি বন্ধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । এই পপী খেতি কৰিবলৈ সীমান্তৱৰ্তী ম্যানমাৰৰ অনুপ্ৰৱেশৰ দ্বাৰা সুবিধা প্ৰদান কৰে স্থানীয় লোকক ফলস্বৰূপে উগ্ৰপন্থী গোটসমূহে ইয়াৰ পৰা লাভান্বিত হয় । যেতিয়াই ড্ৰাগছ বিৰুদ্ধে অভিযান আৰম্ভ হয় উগ্ৰপন্থী গোটৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰে আৰু ইয়াৰ বিৰোধিতা আৰম্ভ হয় কাৰণ অনুপ্ৰৱেশৰ বাবে মণিপুৰ আজিও অশান্ত হৈ আছে ।

মণিপুৰৰ হিংসাত্মক ঘটনাৰ সূত্ৰপাত : তথ্য অনুসৰি মণিপুৰত ২০২১ চনত ৮১ জনীয়া শৰণাৰ্থীৰ এটা দলে ম্যানমাৰৰ পৰা মণিপুৰলৈ সীমান্ত পাৰ হৈ আহিছিল, ম্যানমাৰৰ সামৰিক বাহিনীৰ অভ্যুত্থানে তেওঁলোকৰ চৰকাৰখনৰ পতন ঘটাৰ পিছত নিৰাপত্তাৰ বিচাৰিছিল । কিন্তু ইয়াৰ দুই বছৰ পিছত তেওঁলোক আন এক সংঘাতত আবদ্ধ হৈ পৰে যোৱা মে’ মাহত মণিপুৰত কুকি আৰু মেইটেইৰ মাজত আৰম্ভ হয় গোষ্ঠীগত সংঘৰ্ষৰ ।

আনহাতে যোৱা জানুৱাৰী মাহত ১০ টা শিশুকে ধৰি ৮১ জনৰ আটাইকেইজনকে বৈধ নথি-পত্ৰ নথকাৰ বাবে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । কিন্তু স্থানীয় আদালতে তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী নহয়, শৰণাৰ্থী হিচাপে স্বীকৃতি দিছিল । ইয়াৰ পিছত তেওঁলোকক ডিটেইনিং কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে তেওঁলোকক আইনী পদ্ধতি আৰু নথিপত্ৰৰ ক্ষেত্ৰত সহায় লাভ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত আৰু অন্যান্য সংস্থাসমূহৰ ওচৰলৈ যোৱাৰ সুবিধা প্ৰদান কৰা হয় ।

কিন্তু এই প্ৰায় ১০ মাহৰ পিছতো সমগ্ৰ মণিপুৰত জনগোষ্ঠীয় হিংসা অব্যাহত থকাৰ সময়তে ইয়াৰে প্ৰায় ৫২ জন শৰণাৰ্থী ইম্ফলৰ সাজিৱা কাৰাগাৰৰ বাহিৰৰ এটা ডিটেনচন চেণ্টাৰত আছে । যোৱা বছৰ ফেব্ৰুৱাৰী মাহত ইয়াৰে এজনৰ মৃত্যু হৈছিল । বাকীকেইজন ১০টা শিশুকে ধৰি প্ৰায় ২৮ জনক মুকলি কৰি দিয়া হৈছিল আৰু এতিয়া তেওঁলোক কুকি গাঁৱৰ সমীপত অস্থায়ী বাসস্থানত আছে । চৰকাৰে এনেদৰে ম্যানমাৰৰ পৰা আশ্ৰয় বিচাৰি অহা লোকক শৰণাৰ্থীৰ আশ্ৰয় প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে নিগাজীকৈ থাকিবলৈ লয় ।

পুনৰ সংস্থাপন: ১৯৬৮ চনত যেতিয়া কুকি জনগোষ্ঠীৰ লোকসকলে মণিপুৰৰ পাহাৰীয়া অঞ্চলত শৰণাৰ্থী হিচাবে আশ্ৰয় লৈছিল তেতিয়া চৰকাৰে তেওঁলোকক সংস্থাপনৰ বাবে নিৰ্দেশ জাৰি কৰিছিল । মণিপুৰৰ উপায়ুক্ত এছ চি ভিশ (S.C.VAISH ) উখৰুলৰ মহকুমা বিষয়া বীৰেন্দ্ৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ ইটিভি ভাৰতৰ হাতত থকা এই পত্ৰৰ ৮জুন ১৯৬৮ চনত (Letter No.B-R/67/DC/874-5 ) ৰ জৰিয়তে নিৰ্দেশ দিছিল যে বাৰ্মা অৰ্থাৎ বৰ্তমানৰ ম্যানমাৰৰ পৰা অহা কুকি শৰণাৰ্থীসকলক পুনৰ সংস্থাপন দিব লাগে । কাৰণ উখৰুলৰ মহকুমা বিষয়া বীৰেন্দ্ৰ সিংহই ৬ এপ্ৰিল ১৯৬৮ চনত এই শৰণাৰ্থীৰ আশ্ৰয়ৰ বাবে আবেদন কৰিছিল ।

গোষ্ঠীগত সংঘৰ্ষ : মণিপুৰত ৩টা প্ৰধান জনগোষ্ঠী আছে: মেইটেই , নগা আৰু কুকি । মেইটেইসকলৰ বেছিভাগেই হিন্দু আনহাতে নগা আৰু কুকি সকলে খ্ৰীষ্টান ধৰ্মৰ ৷ বৰ্তমান মণিপুৰত চলি থকা হিংসা হিন্দু মেইটেইৰ বিৰুদ্ধে খ্ৰীষ্টান নগা আৰু কুকিৰ । ১৯৪৯ চনত মণিপুৰত মেইটেই ৬৪% আছিল।

ধৰ্মীয় জনসংখ্যা: হিন্দু ৫০ শতাংশ আৰু খ্ৰীষ্টান ৩৫-৪০ শতাংশ । কিন্তু এই হিংসাত্মক ঘটনাত নগাসকলে কাকো সহযোগ কৰা নাছিল কিন্তু শেহতীয়াকৈ দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ হিংসাত্মক ঘাটনাৰ মাজত সোমাই পৰিছে টাংখুল নগা লং (টিএনএল)-এ । এক বিবৃত্তিত তেওঁলোকে তীব্ৰ নিন্দা প্ৰকাশ কৰি কয় যে সম্পূৰ্ণ অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীৰ কথিত অপ্ৰত্যাশিত আৰু অযুক্তিকৰ কাৰ্য্যৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী পুনৰ প্ৰকাশ কৰিছে ।

মণিপুৰত পূব আৰু উত্তৰ দিশে পাহাৰীয়া অঞ্চলত নগাসকলে বসতি কৰে । এক বিশেষ সূত্ৰত জানিব পৰা গৈছে যে নগাসকলে বৃহত্তৰ নাগালেণ্ডৰ স্বাৰ্থত এই বিষয়ে স্থৱিৰ হৈ আছে মণিপুৰৰ চাৰিখন জিলা এই গ্ৰেটাৰ নাগালেণ্ডৰ অধীনত সামৰি লৈছে যিধৰণে অসমৰ কেবাখনো জিলা তেওঁলোকে দাবী কৰি আহিছে ।

লগতে পঢ়ক: মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ দাবীত অনশনত বহিল এক ট্ৰান্সজেণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.