ইউক্ৰেইনলৈ নিক্ষেপ কৰা মিছাইলৰ পোলেণ্ডত আঘাত; ৰাছিয়াৰ পৰা ব্যাখ্যা বিচাৰিলে পোলেণ্ডে - Russia Ukraine war
Russian Missile Enters Poland : ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ সময়ত ৰাছিয়াৰ এটা মিছাইল পোলেণ্ডৰ আকাশ সীমাত প্ৰৱেশ কৰে । তাৰ পিচত পোলেণ্ডে ৰাছিয়াৰ পৰা ইয়াৰ ব্যাখ্যা দাবী কৰে ।

By PTI
Published : March 25, 2024 at 9:05 AM IST
ইণ্টাৰনেচনেল ডেস্ক, ২৫ মাৰ্চ : দেওবাৰে ৰাছিয়াই নিক্ষেপ কৰা এটা মিছাইল পোলেণ্ডৰ ভূ-ভাগত প্ৰৱেশ কৰে ।ইউক্ৰেইনৰ ওপৰত চলোৱা এক ডাঙৰ মিছাইল আক্ৰমণৰ সময়ত ই পোলেণ্ডৰ আকাশ সীমাত অলপ সময়ৰ বাবে প্ৰৱেশ কৰে । যাৰ ফলত নাটো সদস্যই এফ-১৬ যুঁজাৰু বিমান সক্ৰিয় কৰে । ইয়াৰ পিচতে পোলেণ্ডে ইয়াৰ ব্যাখ্যা দাবী কৰে ।
উল্লেখ্য যে, এইটো বিগত চাৰি দিনত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই সংঘটিত কৰা এইটো আছিল তৃতীয় ডাঙৰ মিছাইল আক্ৰমণ । আনহাতে, ৰাজধানী কিয়েভক লক্ষ্য কৰি লোৱা এইটো দ্বিতীয় আক্ৰমণ আছিল । লভিভ অঞ্চলৰ ৰাজ্যপাল মাকচিম কোজিটস্কিয়ে টেলিগ্ৰাম প্লেটফৰ্মত কয় যে ইয়াৰ ফলত গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হয় ৷ কিন্তু ক'ত আঘাত ককৰিছিল সেয়া তেওঁ নিৰ্দিষ্টভাৱে উল্লেখ কৰা নাই । লগতে কোনো মৃত্যু বা আঘাতৰ খবৰো পোৱা হোৱা নাই ।
পিচত কৰ্তৃপক্ষই কয় যে উদ্ধাৰকাৰীসকলে মাত্ৰ লভিভ অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি কেন্দ্ৰত জুই নুমুৱায় ৷ যাৰ ওপৰত নিশা আৰু পুৱা মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰা হৈছিল । কিয়েভৰ সামৰিক প্ৰশাসনৰ মুৰব্বী চেৰহি পপকোৱে কয় যে ৰাছিয়াই টু-৯৫এমএছ কৌশলগত বোমাৰু বিমানৰ পৰা উৎক্ষেপণ কৰা ক্ৰুজ মিছাইল ব্যৱহাৰ কৰিছিল ।
ৰাজধানীত এক আকাশী সতৰ্কতা দুঘণ্টাতকৈও অধিক সময় ধৰি চলিছিল৷ কিয়নো ৰকেটবোৰ উত্তৰৰ পৰা দলবদ্ধভাৱে কিয়েভত প্ৰৱেশ কৰিছিল । তেওঁ কয় যে এই আক্ৰমণবোৰ ৰাছিয়াৰ চাৰাটভ অঞ্চলৰ এংগেলছ জিলাৰ পৰা আৰম্ভ কৰা হৈছিল ।
প্ৰাথমিক তথ্য অনুসৰি, ইউক্ৰেইনৰ ৰাজধানীত এই আক্ৰমণৰ ফলত কোনো লোক হতাহত বা ক্ষতি হোৱা নাই বুলি তেওঁ উল্লেখ কৰে । আনহাতে, নাটোৰ এগৰাকী সদস্য তথা পোলেণ্ডৰ সশস্ত্ৰ বাহিনীৰ অপাৰেচনেল কমাণ্ডে এক বিবৃতিত কয় যে পশ্চিম ইউক্ৰেইনৰ চহৰসমূহৰ বিৰুদ্ধে ৰাছিয়াই উৎক্ষেপণ কৰা এটা ক্ৰুজ মিছাইলৰ দ্বাৰা পুৱা ৪.২৩ বজাত (০৩.২৩ জিএমটি) পোলেণ্ডৰ আকাশসীমা উলংঘন কৰা হৈছে ।
লগতে পঢ়ক : কিয়েভত ৰাছিয়াৰ বৃহৎ মিছাইল আক্ৰমণত আহত কেইবাজনো - Russia Attack On Kyiv

