ETV Bharat / bharat

ধৰ্মৰ ভিত্তিত মুছলমানক কোনো সংৰক্ষণ প্ৰদান কৰা নহয়; প্ৰধানমন্ত্ৰী মোদী - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 12:00 PM IST

PM Modi Says No Reservation To Muslims On The Basis Of Religion, At The Cost Of SC, ST And OBCs
PM Modi Says No Reservation To Muslims On The Basis Of Religion, At The Cost Of SC, ST And OBCs

PM Modi on Reservation To Muslims: তেলেংগানাৰ মেদক জিলাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিৰোধীক কঠোৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অবিচিৰ মূল্যৰ বিনিময়ত কেৱল ধৰ্মৰ ভিত্তিত মুছলমানক কোনো সংৰক্ষণ প্ৰদান কৰা নহয় বুলি উল্লেখ প্ৰধানমন্ত্ৰী মোদীৰ ৷

নেশ্যনেল ডেস্ক, 1 মে’: চলিত লোকসভা নিৰ্বাচন 2024 ত বিজেপি নিৰ্বাচিত হ’লে সংৰক্ষণ আৰু সংবিধান দুয়োটাকে ক্ষতিগ্ৰস্ত কৰিব বুলি ইণ্ডি মিত্ৰজোঁটে সমালোচনা কৰি আহিছিল কেন্দ্ৰীয় চৰকাৰখনক ৷ মঙলবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমানৰ বাবে ধৰ্মৰ ওপৰত ভিত্তি কৰি সংৰক্ষণৰ অনুমতি প্ৰদান কৰা নহয় বুলি প্ৰতিক্ৰিয়া আগবঢ়ায় ৷

তেলেংগানাৰ মেদক জিলাত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মোৰ শাসনকালত যোৱা দহ বছৰত দেশৰ কিমান উন্নতি হৈছে সেয়া ৰাইজে দেখিছে । কংগ্ৰেছে ভাৰতক দুৰ্নীতিৰ বোকাত ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰে যি সময়ত বিশ্বৰ বাকী দেশবোৰৰ উন্নয়ন হৈ থকাৰ সময়ত ।

মেদক জিলাৰ আল্লাদুৰগামত এখন বিশাল জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কংগ্ৰেছ য’তেই ক্ষমতাত থাকিব তাতেই পঞ্চসূত্ৰৰ সৈতে শাসন কৰিব । দুৰ্নীতি, মিছা কথা, ভোট বেংকৰ ৰাজনীতি, মাফিয়া আৰু পাৰিবাৰিক ৰাজনীতি । মোদীয়ে সমালোচনা কৰি কয় যে কংগ্ৰেছে দেশৰ পুৰণি দিনবোৰ ঘূৰাই আনিবলৈ চেষ্টা চলাইছে । এই পঞ্চসূত্ৰৰ শাসনে কোনো ধৰণৰ লাভৰ সৃষ্টি কৰিব বুলি ভ্ৰমত নপৰিবলৈ ৰাইজক সকীয়াই দিয়ে ।

তেলেংগানা কংগ্ৰেছৰ নেতাসকলে এটা ভুৱা ভিডিঅ’ তৈয়াৰ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সেই ভুৱা ভিডিঅ’ মুকলি কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব । লগতে প্ৰধানমন্ত্ৰীয়ে এইবাৰ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে বিৰোধীৰ মৰ্যাদাও নাপায় বুলি দাবী কৰাৰ উপৰিও কংগ্ৰেছে কম আসন লাভেৰে ইতিহাস ৰচিব বুলিও ভৱিষ্যদ্বাণী কৰে ।

তেলেংগানা ডাবল আৰ টেক্স: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেলেংগানাত ‘ডাবল আৰ’ টেক্স সংগ্ৰহ কৰা হৈছে আৰু ইয়াৰ অধীনত সংগ্ৰহ কৰা ধন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে । তেওঁ ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰক ডাবল আৰ টেক্স শীঘ্ৰে বন্ধ কৰিবলৈ সকীয়াই দিয়ে । তেওঁ কয় যে যদি ভুলতে কংগ্ৰেছ দল কেন্দ্ৰত ক্ষমতা লাভ কৰে তেন্তে কংগ্ৰেছ দলে আমাৰ ধন-সম্পত্তি লুটি নিব । ইয়াৰে 55 শতাংশ কংগ্ৰেছে ল’ব বুলি মোদীয়ে সকীয়াই দিয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বি আৰ এছ দলৰ পাচত কংগ্ৰেছে তেলেংগানাত লুটপাত চলাইছে । মোদীয়ে অভিযোগ কৰে যে কালেশ্বৰম আছিল আটাইতকৈ ডাঙৰ কেলেংকাৰী আৰু কংগ্ৰেছে বিৰোধী হৈ থকাৰ সময়ত এই কেলেংকাৰিৰ কথা কৈছিল, কিন্তু এতিয়া ক্ষমতালৈ অহাৰ পিছত এই কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছে মৌন হৈ আছে । মোদীয়ে কয়, "কংগ্ৰেছ আৰু বি আৰ এছ দুয়োটা চোৰ । কংগ্ৰেছ আৰু বি আৰ এছৰ নেতাসকলে ইজনে সিজনক সহযোগিতা আগবঢ়াইছে ৷"

কেৱল ভোটৰ বাবে মুছলমানৰ বাবে সংৰক্ষণ: কংগ্ৰেছক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘2004-2009 চনত কংগ্ৰেছে অন্ধ্ৰপ্ৰদেশত সৰ্বাধিক সংখ্যক সাংসদ লাভ কৰিছিল । কংগ্ৰেছে অনুসূচিত জাতি, অনুসূচিত জাতি আৰু অবিচিৰ অধিকাৰৰ ক্ষতি কৰিছে । কংগ্ৰেছে মুছলমানক অ’বিচি ৰিজাৰ্ভেশ্যন দিলে । কংগ্ৰেছে কেৱল ভোটৰ বাবে মুছলমানক সংৰক্ষণ দিছিল । কংগ্ৰেছ মুছলমান সংৰক্ষণৰ পক্ষত । কংগ্ৰেছে সংৰক্ষণ আৰু সংবিধানৰ নামত মিছা অপপ্ৰচাৰ চলায় । মই মাডিগালুৰ কাষত থিয় দিম । মই অনুসূচিত জাতি শ্ৰেণীবিভাজনৰ পক্ষত । সংবিধান আৰু আম্বেদকাৰৰ প্ৰতি কংগ্ৰেছৰ কোনো সন্মান নাই । প্ৰথম প্ৰধানমন্ত্ৰী নেহৰুৱে সংবিধানক উপহাস কৰিলে ৷ ইন্দিৰাই ৰাজনৈতিক উদ্দেশ্যত সংবিধানক ভেঙুচালি কৰিছিল ।"

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰাটো ভাৰতীয়সকলৰ 500 বছৰীয়া সপোন । "অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সম্ভৱ হ'ল মোদীৰ বাবে নহয়, আপোনাৰ ভোটৰ বাবে । আপুনি উপলব্ধি কৰিছে যে চৰকাৰ শক্তিশালী হ'লে আমি কেনেকৈ নতুন ইতিহাস সৃষ্টি কৰিব পাৰো । হায়দৰাবাদত উৎসৱ পালনৰ ক্ষেত্ৰত বহু বাধা আছে । আপুনি দিয়া প্ৰতিটো ভোটৰ সহায়ত আপোনাৰ সপোন বাস্তৱায়িত কৰা হ’ব ।"

লগতে পঢ়ক: দেশত কেতিয়া কাৰ্যকৰী হ'ব ইউনিফৰ্ম চিভিল কোড ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.