ETV Bharat / bharat

কংগ্ৰেছৰ সভাপতি খাৰ্গে আৰু জয়ৰাম ৰমেশলৈ আইনী জাননী নীতিন গাডকাৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 1:10 PM IST

Nitin Gadkari legal notice: কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাধাৰণ সম্পাদক জয়ৰাম ৰমেশলৈ নীতিন গাডকাৰীয়ে আইনী জাননী প্ৰেৰণ কৰিছে । দুয়োগৰাকী নেতাক ক্ষমা বিচাৰিবলৈ আহ্বান জনোৱা হৈছে । কিন্তু কংগ্ৰেছ নেতাকেইগৰাকীয়ে কি অপৰাধ কৰিলে ?

Nitin Gadkari legal notice
কংগ্ৰেছৰ সভাপতি খাৰ্গে আৰু জয়ৰাম ৰমেশলৈ আইনী জাননী নীতিন গাডকাৰীৰ

নেশ্যনেল ডেস্ক, ২ মাৰ্চ : কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাধাৰণ সম্পাদক জয়ৰাম ৰমেশলৈ সামাজিক মাধ্যমত বিপথে পৰিচালিত কৰা ভিডিঅ' শ্বেয়াৰ কৰাৰ বাবে আইনী জাননী প্ৰেৰণ কৰিছে । মল্লিকাৰ্জুন খাৰ্গে আৰু সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে মন্ত্ৰী নীতিন গাডকাৰীৰ ভিডিঅ'ৰ সৈতে খেলিমেলি কৰি মানুহক বিপথে পৰিচালিত কৰাৰ অভিযোগ কৰা হৈছে । জাননীখনৰ জৰিয়তে দুয়োগৰাকী কংগ্ৰেছ নেতাক ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

নীতিন গাডকাৰীয়ে অভিযোগ কৰিছে যে মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ তেওঁৰ ভিডিঅ'টো ইচ্ছাকৃতভাৱে টেম্পাৰিং কৰা হৈছিল । ভিডিঅ'টো কংগ্ৰেছ দলৰ সামাজিক মাধ্যমৰ একাউণ্টত প্ৰকাশ কৰা হৈছে । ১৯ ছেকেণ্ডৰ ক্লিপটোত নীতিন গাডকাৰীক দেখুওৱা হৈছে যে গাওঁখনৰ দৰিদ্ৰ, কৃষক আৰু শ্ৰমিকসকল অসন্তুষ্ট । কংগ্ৰেছৰ পোষ্টটোত উল্লেখ কৰা হৈছে যে গাওঁখনত এতিয়াও ভাল ৰাস্তা নাই, পৰিষ্কাৰ খোৱা পানী নাই, চিকিৎসালয় নাই আৰু কোনো উন্নত বিদ্যালয় নাই ।

অৱশ্যে, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু সাধাৰণ সম্পাদক জয়ৰাম ৰমেশলৈ আইনী ব্যৱস্থা গ্ৰহণৰ জাননী প্ৰেৰণ কৰি দাবী কৰিছে যে ভিডিঅ'টো টেম্পাৰিং কৰা হৈছে ।

Nitin Gadkari legal notice
কংগ্ৰেছৰ সভাপতি খাৰ্গে আৰু জয়ৰাম ৰমেশলৈ আইনী জাননী নীতিন গাডকাৰীৰ

নীতিন গাডকাৰীয়ে উল্লেখ কৰা মতে ভিডিঅ'টো এনেধৰণৰ আছিল- মহাত্মা গান্ধীজীৰ সময়ত, মুঠ জনসংখ্যাৰ ৯০ শতাংশ লোক গ্ৰামাঞ্চলত বাস কৰিছিল । তাৰ পিচত লাহে লাহে ৩০ শতাংশ লোক প্ৰব্ৰজন কৰিছিল আৰু চহৰলৈ আহিছিল । গাঁৱত ভাল ৰাস্তা নাছিল, বিশুদ্ধ খোৱাপানী নাছিল, ভাল চিকিৎসালয় নাছিল, ভাল বিদ্যালয় নাছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ পিচত বহুতো কাম কৰা হৈছে । নীতিন গাডকাৰীয়ে প্ৰেৰণ কৰা আইনী জাননীত দাবী কৰা হৈছে যে প্ৰকৃত ভিডিঅ'টোৰ পৰা তেওঁলোকে বিচৰাখিনি কাটি ৰাইজক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যৰে ভাইৰেল কৰিছে ।

লগতে পঢ়ক :ৰামেশ্বৰম কেফে বিস্ফোৰণৰ অভিযুক্তক চিনাক্ত, গৃহ বিভাগৰ বিষয়াৰে দুপৰীয়া মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.