ETV Bharat / bharat

ৰামেশ্বৰম কেফে বিস্ফোৰণৰ অভিযুক্তক চিনাক্ত, গৃহ বিভাগৰ বিষয়াৰে দুপৰীয়া মুখ্যমন্ত্ৰীৰ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 11:11 AM IST

Rameswaram cafe blast case : বেংগালুৰুৰ ৰামেশ্বৰম কেফে বিস্ফোৰণ ঘটনাৰ অভিযুক্তক চিনাক্ত ৷ বৰ্তমান আৰক্ষীয়ে ব্যক্তিজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । ঘটনাটোৰ পূৰ্বে আৰু পিছত অভিযুক্তক হোৱাইট ফিল্ডৰ মাৰাঠ গাঁও অঞ্চলত ঘূৰি ফুৰা দেখা গৈছিল বুলি সূত্ৰত প্ৰকাশ ।

ৰামেশ্বৰম কেফে বিস্ফোৰণৰ অভিযুক্তক চিনাক্ত
ৰামেশ্বৰম কেফে বিস্ফোৰণৰ অভিযুক্তক চিনাক্ত

নিউজ ডেস্ক, ২ মাৰ্চ : বেংগালুৰুৰ ৰামেশ্বৰম কেফে বিস্ফোৰণ ঘটনাৰ অভিযুক্তক চিনাক্ত কৰা হৈছে । আৰক্ষী সূত্ৰই জনোৱা মতে, মুখত মাস্ক, চকুত ক'লা চছমা আৰু মূৰত টুপী পিন্ধি এখন বেগ লৈ অহা এগৰাকী ব্যক্তিয়ে শুকুৰবাৰে বিস্ফোৰক সামগ্ৰীৰে বেগটো তাত ৰাখিছিল । এইটোও জানিব পৰা গৈছে যে অভিযুক্তই কেফেখনত ৰাৱা ইডলি খাইছিল আৰু বেগটো এৰি গুচি গৈছিল ।

বৰ্তমান আৰক্ষীয়ে এই ব্যক্তিজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । উল্লেখ্য যে ঘটনাটোৰ পূৰ্বে আৰু পিছত অভিযুক্তক হোৱাইট ফিল্ডৰ মাৰাঠ গাঁও অঞ্চলত ঘূৰি ফুৰা দেখা গৈছিল । আৰক্ষীয়ে পুৱা 3 বজালৈকে অভিযুক্তৰ সন্ধানত তালাচী চলায় ।

আনহাতে, ঘটনাটো সন্দৰ্ভত অভিযুক্তৰ সন্ধান আন ৰাজ্যতো আৰম্ভ কৰা হৈছে । আৰক্ষীৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, অভিযানকাৰী দল চুবুৰীয়া কেৰালা আৰু তামিলনাডুলৈও গৈছে । চিচিবিৰ বিশেষ দলে অভিযুক্তৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰু কেফেৰ চিচিটিভি ফুটেজত সন্দেহজনক ব্যক্তিজনৰ সৈতে সাদৃশ্য থকা কিছু লোকক আটক কৰি জেৰা কৰা হৈছে ।

ইফালে শুকুৰবাৰে চহৰখনৰ বিখ্যাত ৰামেশ্বৰম কেফেত সংঘটিত বোমা বিস্ফোৰণৰ সন্দৰ্ভত এইচএএল আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে । মহানগৰ আৰক্ষীয়ে এক বিজ্ঞপ্তিত কয় যে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন আৰু বিস্ফোৰক পদাৰ্থ আইনৰ (ইউএপিএ) অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । উল্লেখ্য যে এই ঘটনাটোত কেফেৰ কৰ্মচাৰী আৰু গ্ৰাহকসহ মুঠ 10 জন লোক আহত হয় ।

ৰামেশ্বৰম কেফেৰ সহ-প্ৰতিষ্ঠাপক তথা পৰিচালনা সঞ্চালক দিব্যা ৰাঘৱেন্দ্ৰ ৰাৱে ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে । "আমাৰ ব্ৰুকফিল্ড শাখাত সংঘটিত শোকাৱহ ঘটনাটোত আমি গভীৰভাৱে দুখিত । তদন্ত চলি আছে আৰু আমি কৰ্তৃপক্ষৰ সৈতে তেওঁলোকৰ অনুসন্ধানত সহযোগিতা কৰি আছোঁ । আমি আহতসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছোঁ । আমি তেওঁলোকক প্ৰয়োজনীয় সকলো সমৰ্থন, সহায় আৰু যত্ন প্ৰদান কৰি আছোঁ । আমি আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।" তেওঁ কয় ।

উল্লেখ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই শনিবাৰে গৃহ বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ এখন বৈঠক আহ্বান কৰিছে । জ্যেষ্ঠ বিষয়াসকলৰ এই বৈঠকখন দুপৰীয়া প্ৰায় ১ বজাত গৃহ কাৰ্যালয় কৃষ্ণাত অনুষ্ঠিত হ'ব ।

গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰ, ৰাজ্যিক আৰক্ষী সঞ্চালক প্ৰধান আলোক মোহন আৰু বেংগালুৰু মহানগৰ আৰক্ষী আয়ুক্ত দয়ানন্দকে ধৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব ।

ডিজিপি আলোক মোহন আৰু আৰক্ষী আয়ুক্ত দয়ানন্দই ৰামেশ্বৰম কেফে বিস্ফোৰণ গোচৰৰ সম্পূৰ্ণ প্ৰতিবেদন বৈঠকত প্ৰদান কৰিব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই বৈঠকত চিচিটিভি ৰেকৰ্ড, অভিযুক্তৰ গতিবিধি, বিস্ফোৰণৰ উদ্দেশ্য, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্দেহ আদিৰ বিষয়ে তথ্য লাভ কৰিব ।

গোচৰটোৰ তদন্ত চিচিবিক অৰ্পণ কৰা হৈছে আৰু ৮ টা আৰক্ষী দলে বিভিন্ন মাত্ৰাত তদন্ত চলাই আছে । ঘটনাটো ফৰেনচিক পৰীক্ষাগাৰৰ প্ৰতিবেদন, বিস্ফোৰণত ব্যৱহৃত সামগ্ৰী আৰু ঘটনাটোত আহতসকলৰ চিকিৎসাৰ বিষয়েও বৈঠকত আলোচনা কৰা হ'ব ।

লগতে পঢ়ক :হালদ্বাণী হিংসাৰ সৈতে জড়িত পাঁচগৰাকী মহিলাক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.