ETV Bharat / bharat

বিমানবন্দৰত বোমাৰ আতংক, এজন গ্ৰেপ্তাৰ - Bomb threat email

author img

By ANI

Published : Apr 30, 2024, 9:21 AM IST

Threat email to Raja Bhoj Airpor t: অজ্ঞাত সূত্ৰৰ পৰা বোমা বিস্ফোৰণৰ ভাবুকি বিমানবন্দৰ কৰ্তৃপক্ষলৈ ৷ মধ্যপ্ৰদেশৰ ভূপালৰ ৰাজা ভোজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ প্ৰেৰণ কৰা হৈছে এই ভাবুকি ৷ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ এজন ৷

MP: Bomb threat at Bhopal airport, police launch probe
MP: Bomb threat at Bhopal airport, police launch probe

নেশ্যনেল ডেস্ক, 30 এপ্ৰিল : বিমান বন্দৰত বোমাৰ আতংক ৷ মধ্যপ্ৰদেশৰ ভূপালৰ ৰাজা ভোজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ নাম উল্লেখ নকৰাকৈ বোমাৰ ভাবুকি ভৰা ই-মেইল প্ৰেৰণ কৰিছে বুলি বুলি আৰক্ষীয়ে জনায় ৷ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোত বোমাতংকৰ বিষয়ে সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

এই ভাবুকি ভৰা ই-মেইলৰ পাচতে বিমানবন্দৰৰ মুখ্য নিৰাপত্তা বিষয়া বিশাল কুমাৰ শৰ্মাই এক অভিযোগ দাখিল কৰে গান্ধী নগৰ থানাত ৷ এই অভিযোগৰ ভিত্তিত গান্ধী নগৰ থানাত এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

আৰক্ষী উপ আয়ুক্ত (ডিচিপি, জ’ন ৪) সুন্দৰ সিং কানেশে সংবাদ সংস্থা এএনআইক ফোনযোগে কয়, "বিমানবন্দৰ কৰ্তৃপক্ষই অভিযোগ দাখিল কৰিছে যে তেওঁলোকে বোমাৰ ভাবুকি তথা বিমানবন্দৰটো বিস্ফোৰণত উৰুৱাই দিয়াৰ এক ই-মেইল লাভ কৰিছে । ই-মেইলটোত লগতে উল্লেখ কৰা হৈছে যে বিমানখনত বোমা ৰখা হৈছে, যাৰ ফলত বিমানবন্দৰটো বিস্ফোৰিত কৰাৰ ভাবুকি আহিছে ।"

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তৎপৰতাৰে তদন্ত আৰম্ভ কৰিছে । তথ্য আৰু তদন্তৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে ।

ইফালে, গোৱাৰ ডাবোলিম বিমানবন্দৰতো সোমবাৰে ই-মেইলযোগে বোমাৰ ভাবুকি পোৱাৰ ফলত নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰি তোলা হৈছে । অৱশ্যে বিমান চলাচলৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পৰিবলৈ দিয়া নাই কৰ্তৃপক্ষই ।

ডাবোলিমে বিমানবন্দৰৰ সঞ্চালক এছ ভি টি ধনমজয়া ৰাৱে এই সন্দৰ্ভত কয়, "আমি ই-মেইল পাইছো । আমি আমাৰ নিৰাপত্তা সংস্থা আৰু বিমান সংস্থাসমূহক সতৰ্ক কৰি দিছো । আমি এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছো । এতিয়া কোনো আতংক নাই ।"

লগতে পঢ়ক: নীতিশ কুমাৰক হত্যাৰ ভাবুকি, আৰক্ষীৰ জালত অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.