ETV Bharat / bharat

নীতিশ কুমাৰক হত্যাৰ ভাবুকি, আৰক্ষীৰ জালত অভিযুক্ত

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 3:59 PM IST

Nitish Kumar death threat: শেহতীয়াকৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক হত্যাৰ কেইবাটাও ভাবুকি লাভ কৰা গৈছিল । তাৰ অনুসন্ধান কৰি বিহাৰৰ অৰ্থনৈতিক অপৰাধ গোটে কৰ্ণাটকৰ পৰা চনু পাছৱান নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে । একেদৰে মুজাফ্ফৰপুৰৰ ইউটিউবাৰ আফতাব খান আৰু বক্সাৰৰ আমিৰ খান নামৰ আন দুজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

Nitish Kumar death threat
নীতিশ কুমাৰক হত্যাৰ ভাবুকি

নেশ্যনেল ডেস্ক,১৫ ফেব্ৰুৱাৰী : বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক হত্যাৰ ভাবুকি প্ৰদান কৰা অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰা হয় । বোমা বিস্ফোৰণৰ জৰিয়তে নীতিশ কুমাৰক হত্যাৰ ভাবুকি দিছিল অভিযুক্তজনে । অৰ্থনৈতিক অপৰাধ গোটে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰি অভিযুক্তজনক কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰে । অভিযুক্তজন বিহাৰৰ সমস্তিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে । অভিযুক্তজনৰ নাম হৈছে চনু পাছৱান । তেওঁ সমস্তিপুৰ জিলাৰ হাচনুপুৰ দয়ানগৰৰ বাসিন্দা । অভিযুক্ত যুৱকজনে বিএনএম হাইটেক এগ্ৰ' উদ্যোগ ৰাইচ মিলত বস্তা চিলাইকাৰী হিচাপে কাম কৰে ।

অভিযুক্ত চনুৱে জেৰাৰ সময়ত মুখ্যমন্ত্ৰীক ভাবুকি দিয়াৰ কথা স্বীকাৰ কৰিছে । অভিযুক্তজনৰ মতে বিহাৰত বৰ্ধিত দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাক লৈ তেওঁ মুখ্যমন্ত্ৰীৰ ওপৰত অসন্তুষ্ট আছিল । যাৰ বাবে তেওঁ ভাবুকিপূৰ্ণ অডিঅ' ক্লিপটো প্ৰেৰণ কৰিছিল । অৱশ্যে তেওঁ আৰক্ষীক কৈছে যে তেওঁৰ কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক নাই ।

অভিযুক্তজনে হোৱাটছএপৰ জৰিয়তে অডিঅ' ক্লিপটো বিহাৰৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ এছ ভাট্টিৰ মোবাইললৈ প্ৰেৰণ কৰিছিল । অডিঅ' ক্লিপটোত অভিযুক্তজনে কৈছিল, "মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিজেপিৰ পৰা আঁতৰি যাবলৈ কওঁক নহ'লে আমি বোমা নিক্ষেপ কৰিম ।" অডিঅ' ক্লিপটো আৰক্ষী সঞ্চালক প্ৰধানে ৩০ জানুৱাৰীৰ নিশা প্ৰায় ৮ বজাত লাভ কৰিছিল । অভিযুক্তজনে ৫ টা ভাবুকিপূৰ্ণ ক্লিপ প্ৰেৰণ কৰিছিল । লগে লগে আৰক্ষী বিভাগত এক আলোড়ন সৃষ্টি হৈছিল আৰু তদন্ত প্ৰক্ৰিয়াও আৰম্ভ হৈছিল ।

ভাবুকি পোৱাৰ পিচতে ঘটনাটোৰ অনুসন্ধানৰ দায়িত্ব বিহাৰ অৰ্থনৈতিক অপৰাধ গোটক দিয়া হৈছিল । অভিযুক্তজনৰ অৱস্থিতি কৰ্ণাটকত ধৰা পৰে । লগে লগে অনুসন্ধানকাৰী দল কৰ্ণাটকলৈ ৰাওনা হয় আৰু অভিযুক্ত চনুক গ্ৰেপ্তাৰ কৰি পাটনালৈ লৈ আহে ।

মুখ্যমন্ত্ৰীক ভাবুকি দিয়া আন এটা ঘটনাত পাটনা আৰক্ষীৰ বিশেষ কোষে পাটনা জংচনৰ গোলামবৰৰ পৰা দুজন যুৱককো গ্ৰেপ্তাৰ কৰিছে । তাৰ ভিতৰত আছে মুজাফ্ফৰপুৰৰ ইউটিউবাৰ আফতাব খান আৰু বক্সাৰৰ আমিৰ খান ।

লগতে পঢ়ক :অবৈধ প্ৰব্ৰজনে মণিপুৰৰ উগ্ৰপন্থী গোটক সহায় কৰিছে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.