ETV Bharat / bharat

মণিপুৰত বিবস্ত্ৰ মহিলাৰ সমদল: সংঘৰ্ষকাৰী গোটৰ মাজলৈ ঠেলি দিয়াৰ অভিযোগ মণিপুৰ আৰক্ষীৰ বিৰুদ্ধে - Manipur Women Naked Protest

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 1:55 PM IST

Manipur Police Personnel Drove 2 Kuki Women To Mob That Paraded Them Naked, Says CBI Charge Sheet
Manipur Police Personnel Drove 2 Kuki Women To Mob That Paraded Them Naked, Says CBI Charge Sheet

Manipur Women Naked Protest :সংঘৰ্ষকাৰী গোটৰ মাজলৈ মণিপুৰৰ কুকি-জোমি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক ঠেলি দিয়াৰ অভিযোগ মণিপুৰ আৰক্ষীৰ বিৰুদ্ধে । চিবিআয়ে অভিযোগনামাত উল্লেখ কৰিছে এই বিস্ফোৰক তথ্য ৷ আৰু কি কি উল্লেখ আছে চিবিআইৰ অভিযোগনামাত---

নেশ্যনেল ডেস্ক, 1 মে’: বিগত বৰ্ষৰ 4 মে’ৰ দিনা অশান্ত মণিপুৰত সংঘটিত হৈছিল মানৱতাক ভুলুণ্ঠিত কৰা এক ঘটনা ৷ জাতিগত হিংসাৰ ফলত অশান্ত হৈ পৰা উঃপূৱৰ ৰাজ্যখনত দুগৰাকীকৈ মহিলাক উলংগ কৰি সমদল কৰোৱা হৈছিল ৷ এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল চিবিআইক ৷ ঘটনা সন্দৰ্ভত চিবিআইৰ অভিযোগনামাত উল্লেখ কৰা হৈছে যে মণিপুৰ আৰক্ষীৰ জোৱানে তেওঁলোকৰ চৰকাৰী বাহনত আশ্ৰয় লোৱা কুকি-জোমি সম্প্ৰদায়ৰ ভুক্তভোগী মহিলা দুগৰাকীক কাংপকপি জিলাত প্ৰায় 1000 মেইটি লোক থকা এটা ভিৰলৈ খেদি পঠিয়াইছিল ।

আনকি মহিলা দুগৰাকীক উলংগ কৰি পেৰেড কৰাৰ পূৰ্বে যৌন নিৰ্যাতন চলোৱা হৈছিল বুলিও অভিযোগনামাত উল্লেখ আছে । মহিলাকেইগৰাকীৰ এগৰাকী কাৰ্গিল যুদ্ধৰ সৈনিকৰ পত্নী ৷ মহিলা দুগৰাকীক নিৰাপদ স্থানলৈ লৈ যাবলৈ আৰক্ষীক আহ্বান জনোৱা হৈছিল যদিও অভিযোগ অনুসৰি আৰক্ষীয়ে তেওঁলোকে "চাবি নাই" (বাহনখনৰ) বুলি উল্লেখ কৰাৰ লগতে কোনো সহায়ও আগবঢ়োৱা নাছিল বুলি অভিযোগনামাৰ সবিশেষ দি বিষয়াসকলে কয় ।

ৰাজ্যখনত জাতিগত হিংসা আৰম্ভ হোৱাৰ 2 মাহৰ পাচতে এই বৰ্বৰ ঘটনাটো সংঘটিত হৈছিল আৰু সমগ্ৰ বিশ্বজুৰি এই ঘটনাৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷

বিগত বৰ্ষৰ 16 অক্টোবৰত চিবিআইয়ে গুৱাহাটীস্থিত চিবিআই আদালতৰ বিশেষ ন্যায়াধীশৰ সন্মুখত ছয়জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা আৰু এজন কিশোৰৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰে । ইয়াত অভিযোগ কৰা হৈছে এ কে ৰাইফল, এছ এল আৰ, ইনছাছ আৰু .303 ৰাইফলৰ দৰে অত্যাধুনিক অস্ত্ৰ লৈ থকা প্ৰায় 900-1000 লোকৰ এটা গোটৰ পৰা মহিলা দুগৰাকী পলাইছিল ।

ছৈকুল আৰক্ষী থানাৰ পৰা প্ৰায় 68 কিলোমিটাৰ দক্ষিণে থকা কাংপকপি জিলাৰ নিজৰ গাঁৱত বলপূৰ্বকভাৱে প্ৰৱেশ কৰিছিল এই দলটোৱে । আন আন ভুক্তভোগীৰ লগতে মহিলাকেইগৰাকীয়ে ভিৰৰ পৰা পলায়নৰ বাবে হাবিলৈ দৌৰি যায় যদিও সংঘৰ্ষকাৰী গোটটোৱে দেখা পায় ।

সংঘৰ্ষকাৰী গোটটোৰ একাংশ সদস্যই মহিলাসকলক সহায় বিচাৰি পথৰ কাষত ৰখাই থোৱা আৰক্ষীৰ বাহনখনৰ ওচৰলৈ যাবলৈ কয় বুলি জনায় বিষয়াসকলে । মহিলা দুগৰাকী কোনোমতে গাড়ীখনৰ ভিতৰলৈ সোমাই যায়, য’ত দুজন আৰক্ষী জোৱান আৰু চালকজন বহি আছিল । গাড়ীখনৰ বাহিৰত আছিল তিনিৰ পৰা চাৰিজন জোৱান ।

গাড়ীৰ ভিতৰত সোমোৱা ভুক্তভোগী এজন পুৰুষে চালকজনক নিৰাপদ স্থানলৈ লৈ যাবলৈ অনুৰোধ জনায় যদিও তেওঁক কোৱা হয় যে "চাবি নাই" । ভুক্তভোগী এগৰাকী মহিলাৰ স্বামী ভাৰতীয় সেনাবাহিনীত অসম ৰেজিমেণ্টৰ চুবেদাৰ হিচাপে সেৱা আগবঢ়াইছিল । বাহনখনত বহি থকা লোকজনৰ পিতৃকো জনসাধাৰণৰ আক্ৰমণৰ পৰা আৰক্ষীয়ে সহায় কৰা নাছিল বুলি চিবিআইয়ে অভিযোগ তুলিছে ।

পৰৱৰ্তী সময়ত আৰক্ষীৰ বাহনখনৰ চালকজনে গাড়ীখন প্ৰায় এহেজাৰ লোকৰ ভিৰৰ ফালে লৈ যায় আৰু তেওঁলোকৰ সন্মুখত ৰখাই দিয়ে । আৰক্ষী জোৱানসকলক গাড়ীৰে তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যাবলৈ অনুৰোধ জনায় যদিও কোনো সহায় আগনবঢ়ালে ।

সংস্থাটোৱে জনোৱা মতে, ইতিমধ্যে এই গোটটোৱে মহিলা দুগৰাকীৰ সৈতে আৰক্ষীৰ বাহনখনত বহি থকা এজন পুৰুষ ভুক্তভোগীৰ পিতৃক হত্যা কৰিছিল । ভুক্তভোগীক ৰাইজৰ মাজত এৰি থৈ আৰক্ষীৰ জোৱানসকলে স্থানৰ পৰা আঁতৰি যোৱাত সংঘৰ্ষকাৰী গোটটো বাহনখনৰ ফালে চোঁচা লৈছিল ।

অভিযোগনামাত কোৱা হৈছে যে সংঘৰ্ষকাৰী য়ে মহিলাকেইগৰাকীক বাহনৰ পৰা টানি উলিয়াই আনি নগ্ন কৰিছিল আৰু তাৰপাচত সমদল উলিয়াইছিল বুলি অভিযোগনামাত উল্লেখ কৰা হৈছে ।

জুলাই মাহত মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হুইৰেম হেৰ’দাস মেইটেই আৰু আন পাঁচজনক চিবিআইয়ে অভিযোগনামা দাখিল কৰাৰ লগতে এজন কিশোৰৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰা হৈছে । ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত অভিযুক্তসকলৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ, হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে বুলি চিবিআইয়ে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Manipur Viral Video Case : ভুক্তভোগীৰ বিবৃতি গ্ৰহণৰ পূৰ্বে শুনানিৰ ফলাফলৰ বাবে অপেক্ষা কৰক; চিবিআইলৈ ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.