ETV Bharat / bharat

JEE Main ৰ মূল পৰীক্ষাৰ পঞ্জীয়নৰ তাৰিখ 4 মাৰ্চলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 9:21 PM IST

JEE main session 2
4 মাৰ্চলৈ বৃদ্ধি জে ই ইৰ মূল পৰীক্ষাৰ পঞ্জীয়নৰ তাৰিখ

JEE main session 2 : ২০২৪ চনৰ জে ই ইৰ মূল পৰীক্ষাৰ দ্বিতীয় ছেশ্যনৰ বাবে আৱেদনৰ সময়সীমা বৃদ্ধি কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই । এতিয়া যোগ্য পৰীক্ষাৰ্থীয়ে ৪ মাৰ্চলৈকে পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব ।

নিউজ ডেস্ক, 3 মাৰ্চ : ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (National Testing Agency) দেওবাৰে অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা জে ই ইৰ (JEE Main 2024) মূল পৰীক্ষাৰ দ্বিতীয় ছেশ্যনৰ বাবে পঞ্জীয়নৰ তাৰিখ 2 মাৰ্চৰ পৰা 4 মাৰ্চলৈ বৃদ্ধি কৰিছে ৷ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ বিষয়ববীয়া সকলে কয়- "শিক্ষাৰ্থীসকলক সমৰ্থন কৰিবলৈ, জে ই ই 2024 ৰ মূল পৰীক্ষাৰ দ্বিতীয় ছেশ্যনৰ বাবে অনলাইন আবেদন প্ৰ-পত্ৰ প্ৰাপ্ত কৰাৰ বাবে পঞ্জীয়নৰ তাৰিখ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷"

প্ৰাৰ্থীসকলে এতিয়া jeemain.nta.ac.in ৱেবছাইট যোগে 4 মাৰ্চলৈকে এই পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰে ৷ এপ্লিকেচন উইণ্ডোট নিশা 10.50 বজাত আৰু মাচুল পৰিশোধ উইণ্ডো 4 মাৰ্চৰ নিশা 11.50 বজাত বন্ধ হ'ব বুলি জনাইছে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ৷ 1 এপ্ৰিলৰ পৰা 15 এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হ'ব জে ই ই 2024 ৰ মূল পৰীক্ষাৰ দ্বিতীয় ছেশ্যন ৷

কোটাৰ শিক্ষা বিশেষজ্ঞ দেৱ শৰ্মাই কয়, "ছাত্ৰ-ছাত্ৰী সকলে 4 মাৰ্চৰ নিশা 10.50 বজালৈকে আবেদন কৰিব পাৰিব ৷ একে সময়তে ডেবিট-ক্ৰেডিট কাৰ্ডৰ জৰিয়তে অনলাইন পদ্ধতিৰে নিশা 11.50 বজালৈকে মাচুল জমা কৰিব পাৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলে 6 আৰু 7 মাৰ্চত তেওঁলোকৰ অনলাইন আবেদনত কৰা ভুলসমূহ শুধৰণি কৰিব পাৰিব ৷ ইয়াৰ বাবে সংশোধনৰ উইণ্ড' খোল খাব ৷"

ইফালে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই শিক্ষাৰ্থীসকলক পৰামৰ্শ দিছে যে যিকোনো অসুবিধাৰ ক্ষেত্ৰত, তেওঁলোকে +91-11-40759000 নম্বৰত কল কৰিব পাৰে বা ইমেইল (jeemain@nta.ac.in) কৰিব পাৰে আৰু ৱেবছাইট www.nta.ac.in বা https://jeemain.nta চাব পাৰে ৷ শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে, তেওঁলোকে ইয়াত পুনৰ প্ৰস্তুত কৰা তিনি পৃষ্ঠাৰ চৰকাৰী অধিসূচনাৰ মাজেৰে যাব পাৰে ৷

লগতে পঢ়ক : জিলা ন্যায়পালিকাৰ ন্যায়াধীশ ভাষা ব্যৱহাৰৰ প্ৰতি সচেতন হ’ব লাগিব; মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.