ETV Bharat / bharat

খহি পৰিল ভাৰতৰ দীৰ্ঘতম দলং, এজন শ্ৰমিকৰ মৃত্যু - Bakour Bridge Collapsed

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:03 AM IST

Bakour Bridge Collapsed
খহি পৰিল ভাৰতৰ দীৰ্ঘতম দলং

Bakour Bridge Collapsed: বিহাৰৰ চুপলত নিৰ্মাণ হৈ থকা দেশৰ আটাইতকৈ দীঘল দলংখনৰ এটা অংশ খহি পৰে । দলংখনৰ তিনিটা খুটাৰ এটা অংশ খহি পৰাৰ ফলত এজন শ্ৰমিক নিহত হয় । কেইবাজনো শ্ৰমিক আহত ।

খহি পৰিল ভাৰতৰ দীৰ্ঘতম দলং, এজন শ্ৰমিকৰ মৃত্যু

নেশ্যনেল ডেস্ক, ২২ মাৰ্চ : বিহাৰত নিৰ্মাণ হৈ থকা দেশৰ আটাইতকৈ দীঘল দলঙত অঘটন । চুপলত নিৰ্মাণ হৈ থকা এই দলঙৰ এটা অংশ হঠাৎ খহি পৰে । ফলত অংশটোৰ বিস্তৰ ক্ষতি হয় । এজন শ্ৰমিক নিহত হোৱাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে, দলংখনৰ তিনিটা খুটাৰ অংশটো খহি পৰে । এই ঘটনাত বহু শ্ৰমিক আহত হোৱাৰ খবৰ পোৱা গৈছে । লোকসকলক উদ্ধাৰ কৰা হৈছে । দলংখন প্ৰায় ১২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে ।

জানিব পৰা মতে এই দলংখনত মুঠ ১৭১ টা খুটা থাকিব । ইতিমধ্যে ১৫০ৰো অধিক খুটাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । অৱশ্যে পথটোৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই । মধুবনী আৰু চুপলৰ মাজত এই বাকৌৰ দলং নিৰ্মাণ কৰা হৈছে । এইখন দেশৰ আটাইতকৈ দীঘল দলং হ'ব । ই অসমৰ ভূপেন হাজৰিকা সেতুতকৈও এক কিলোমিটাৰ দীঘল ।

খবৰ অনুসৰি ৫০, ৫১ আৰু ৫২ নম্বৰ খুটাকেইটা সম্পূৰ্ণৰূপে খহি পৰিছে । অঞ্চলটোত উদ্ধাৰ অভিযান এতিয়াও চলি আছে বুলি জানিব পৰা গৈছে । বিহাৰত দলং খহি পৰাৰ ঘটনা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও এনে ধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে ।

ইফালে কেন্দ্ৰীয় পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে এই দলংখন নিৰ্মাণ কৰি আছে । দলংখনৰ দৈৰ্ঘ প্ৰায় ১০.২ কিলোমিটাৰ হ'ব । এই দলংখন নিৰ্মাণৰ লগে লগে চুপল আৰু মধুবনীৰ মাজৰ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ হ্ৰাস হ'ব । এই দলংখন নোহোৱাৰ বাবে বাৰিষা দুয়োটা অঞ্চলৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে ।

লগতে পঢ়ক :সুমাত্ৰা দ্বীপত আকস্মিক বান : ভূমিস্খলনত নিহত কমেও ২৬, সন্ধানহীন ১১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.