ETV Bharat / bharat

কৃষকৰ প্ৰতিবাদ আৰু দিল্লী চলো পদযাত্ৰা; যন্তৰ-মন্তৰত পানী নসৰকা নিৰাপত্তা ব্যৱস্থা

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 10:18 PM IST

Farmer Protest in Delhi : প্ৰতিবাদী কৃষকসকলে দিল্লীলৈ যাত্ৰাৰ কথা ঘোষণা কৰাৰ পিছত যন্তৰ-মন্তৰত ১৪৪ ধাৰা জাৰি কৰা হৈছে । দিল্লী আৰক্ষীৰ জোৱান, মহিলা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে । যন্তৰ-মন্তৰৰ ওচৰে-পাজৰে কোনো ব্যক্তিক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই ।

যন্তৰ-মন্তৰত পানী নসৰকা নিৰাপত্তা ব্যৱস্থা
যন্তৰ-মন্তৰত পানী নসৰকা নিৰাপত্তা ব্যৱস্থা

যন্তৰ-মন্তৰত পানী নসৰকা নিৰাপত্তা ব্যৱস্থা

নিউজ ডেস্ক, ৬ মাৰ্চ : এমএছপি আইনৰ গেৰাণ্টি দিবলৈ শম্ভু সীমান্তত অৱস্থান কৰি থকা পঞ্জাবৰ কৃষকসকলে ৬ মাৰ্চত দিল্লী যাত্ৰা ঘোষণা কৰে । কৃষকসকলে কৈছে যে তেওঁলোকে যন্তৰ-মন্তৰত উপস্থিত হ'ব আৰু তেওঁলোকৰ দাবীসমূহ তাত উপস্থাপন কৰিব । কৃষকসকলৰ এই ঘোষণাৰ পিছতে এতিয়া দিল্লী আৰক্ষী সতৰ্ক হৈ পৰিছে । বিভিন্ন ৰাজ্যৰ সীমাৰ ওচৰত থকা দিল্লীৰ সকলো সীমান্তত দিল্লী আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, দিল্লীৰ যন্তৰ-মন্তৰত দিল্লী আৰক্ষীৰ জোৱান, মহিলা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে । সোনাবাহিনীকো সম্পূৰ্ণৰূপে সষ্টম হৈ থকা দেখা গৈছে । ইফালে যন্তৰ-মন্তৰৰ ওচৰে-পাজৰে কোনো ব্যক্তিক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই । তিনি তৰপীয়া বেৰিকেডিঙৰ ব্যৱস্থা কৰা হৈছে ।

যন্তৰ-মন্তৰত এটা ডাঙৰ তালাচী চকীও স্থাপন কৰা হৈছে । লগতে অঞ্চলটোত 144 ধাৰা জাৰি কৰা হৈছে । ইয়াৰ উপৰি অৰ্ধসামৰিক বাহিনী আৰু দিল্লী আৰক্ষীৰ জোৱানৰ দলে যিকোনো ঘটনাৰ তৎক্ষণাৎ সঁহাৰি দিবৰ বাবে সষ্টম হৈ আছে । অৱশ্যে যন্তৰ-মন্তৰৰ পৰিস্থিতি বৰ্তমান সম্পূৰ্ণ শান্ত । কিন্তু সমগ্ৰ যন্তৰ-মন্তৰ এটা সেনা ছাউনিলৈ ৰূপান্তৰিত হৈছে ।

আনহাতে, দিল্লী যাত্ৰাৰ পূৰ্বে কৃষক নেতাসকলে কৈছে যে দেশত যি লুণ্ঠন সংঘটিত হৈ আছে, তাৰ পৰা ৰক্ষা কৰিবলৈ কৃষকসকলে যুঁজ দি আছে । "আমাৰ মত প্ৰকাশৰ স্বাধীনতা কাঢ়ি লোৱা হৈছে । মানুহে আমাৰ বাবে চৰকাৰক প্ৰশ্ন কৰা উচিত ।" কৃষকসকলে কয় । তেওঁলোকে লগতে যে কেৱল পঞ্জাবেই নহয়, সমগ্ৰ দেশৰ কৃষকসকলে দিল্লীলৈ যাত্ৰা কৰিব আৰু যন্তৰ-মন্তৰত উপস্থিত হ'ব । তাৰবাবেই যন্তৰ-মন্তৰত নিৰাপত্তা বেষ্টনী বৃদ্ধি কৰা হৈছে । দিল্লীত বেৰিকেডিং স্থাপন কৰা হৈছে আৰু বাহনসমূহো পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক :ৰাজধানী দিল্লী অভিমুখে প্ৰতিবাদী কৃষক; 144 ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.