ETV Bharat / bharat

ব্লু ছেফায়াৰ মলত অঘটন : দুজন লোকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 7:15 PM IST

Blue Sapphire Mall incident : গ্ৰেটাৰ নয়ডাৰ ব্লু ছেফায়াৰ মলত দেওবাৰে এটা শোকাৱহ ঘটনা সংঘটিত হয় । মলটোৰ গ্ৰীল ভাঙি পৰাৰ ফলত পঞ্চম মহলাৰ পৰা পৰি দুজন লোকে মৃত্যুবৰণ কৰে ৷

Blue Sapphire Mall incident
ব্লু ছেফায়াৰ মলত অঘটন : দুজন লোকৰ মৃত্যু

নেশ্যনেল ডেস্ক, 3 মাৰ্চ : উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডা পশ্চিমৰ এটা শ্বপিং মলত অঘটন ৷ মলৰ গ্ৰীল ভাভি পৰাত পঞ্চম মহলাৰ পৰা পৰি দুজন লোকে কৰুণ মৃত্যুক সাৱটি লয় ৷ এই ঘটনাৰ পিচত মলটোত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ লগে লগে মলটোত থকা লোকসকলে দৌৰা-দৌৰি কৰি চিঞৰ-বাখৰ কৰে ৷

এই ঘটনা সংঘটিত হোৱাৰ পিচতে মলটোৰ কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত পৰে ৷ এই তথ্য পোৱাৰ পিচত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় পৰিস্থিতি নিৰীক্ষণ কৰে ৷ ইয়াৰ লগতে আৰক্ষীয়ে দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

অতিৰিক্ত ডিচিপিয়ে ঘটনা সন্দৰ্ভত কয় যে, দুয়োজন লোক মললৈ আহিছিল । লোক দুজনে মলটোত ঘূৰি ফুৰোঁতে গ্ৰীল ভাঙি পৰাত হঠাতে পঞ্চম মহলাৰ পৰা তললৈ পৰে । মৃত লোক দুজন গাজিয়াবাদৰ বিজয় নগৰ আৰক্ষী থানাৰ বাসিন্দা হৰেন্দ্ৰ ভাটি (35) আৰু চাকিল (35) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে সম্প্ৰতি দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

একে সময়তে, পৰিয়ালটোকো ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে। ঘটনাটোৰ পিছত, উচ্চ আৰক্ষী বিষয়াও ঘটনাস্থলীত উপস্থিত হৈছে।

আৰক্ষী ঘটনাৰ সন্দৰ্ভত কৰ্তৃপক্ষক সোধা পোছা কৰি দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ চেষ্টা কৰিছে ৷ মলটোৰ আন্তঃগাঁঠনিত কোনো সমস্যা থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি আৰক্ষী মলটোত থকা চিচিটিভি কেমেৰাৰ ফুটেজ নিৰীক্ষণ কৰিছে ৷ এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ পৰা তথ্য সংগ্ৰহ কৰি আছে । এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: নিয়ন্ত্ৰণ হেৰুৱাই থিতাতে মৃত্যু 3 জনৰ; 4 জনৰ অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.