ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 30th March

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 12:22 AM IST

Daily Horoscope For 30th March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 30th March 2024
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো শুভ ৷ নতুন পৰিকল্পনা হাতত লোৱাৰ উপযুক্ত সময় ৷ নিজ প্ৰচেষ্টাৰে সহজভাৱে কাম কৰিবলৈ চেষ্টা কৰক, সহজ কামবোৰ টান কৰিবলৈ চেষ্টা নকৰিব ৷ আপোনাৰ কৰ্মক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হ’ব পাৰে ৷ মহিলাসকলে তেওঁলোকৰ জিভাৰ ওপৰত কাবু ৰাখক, অযথা যি কোনো কথা কৈ বিপদ চপায় নল’ব ৷ ভ্ৰমনৰ যোগ কম ৷

বৃষ ৰাশি: শুভ দিন ৷ আপোনৰ কাৰ্যক্ষমতাৰ যোগেদি আপুনি আপোনাৰ কষ্টকৰ কামবোৰ সহজে পূৰণ কৰিব পাৰিব ৷ কামত যাতে কোনো ধৰণৰ লোকচান নহয় তাৰ প্ৰতি চকু ৰাখক ৷ কোনো নতুন কাম হাতত নোলোৱাই ভাল ৷

মিথুন ৰাশি: আপোনাৰ ভালপোৱা সকলৰ লগত কতাবলৈ অতি সুন্দৰ দিন ৷ বন্ধু সকলক নিমন্ত্ৰণ জনাওক আৰু ৰাতিৰ আহাৰ বা সৰু বনভোজৰ আয়োজন কৰক ৷ প্ৰচুৰ ধনাগমনৰ যোগ দেখা গৈছে ৷ আপোনাৰফালে অহা অপশক্তিবোৰ ৷ বন্ধু আৰু প্ৰেমীৰ পৰা উপহাৰ লাভ কৰিব ৷

কৰ্কট ৰাশি: আজি নিজকে খং আৰু চিন্তাৰে আবৰি থকা যেন অনুভব কৰিব ৷ শান্ত থাকক অন্যথা মানসিক অস্থিৰতাই আপোনাৰ কামৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব ৷ বিশেষকে আপুনি সঠিক সিদ্ধান্ত লোৱাত বিফল হ’ব ৷ যিমান পাৰি সিমান আপুনি বেয়া পোৱা বিষয়ত তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক নহলে পৰিস্থিতি আৰু বেয়ালৈ যাব ৷ গণেশৰ উপদেশ মতে সাধাৰন জীৱন যাপন কৰক ৷

সিংহ ৰাশি: এটি সুন্দৰ দিন ৷ পৰিবেশ আপোনাৰ সপক্ষে থাকিব কিন্তু যদিহে আপুনি মন নিদিয়ে তেন্তে সুযোগ গ্ৰহণত বিফল হ’ব ৷ যদিহে নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে কিচুদিন বাট চাওক ৷ বন্ধুসকলে আপোনাক লগ দিব আৰু কিছু ক্ষেত্ৰত তেওলোক আপোনাৰ সহায়ক হ’ব ৷ বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হ’ব ৷ ব্যৱসায় ভালদৰেই চলি থাকিব আৰু ধনাগমনৰ যোগ দেখা যায় ৷

কন্যা ৰাশি: গণেশৰ কৃপাত সকলোৰে বাবে ভাল দিন ৷ যদিহে নতুন কাম হাতত লোৱাৰ কথা ভাবিছে তেন্তে নিৰ্ভয়ে কৰক ৷ কাৰ্যক্ষেত্ৰত আপোনাৰ বাবে সথিক সময় , উন্নতিৰ যোগ দেখা যায় ৷ আৰু যদিহে আপুনি পদোন্নতিৰ যোগ্য তেন্তে এয়েই সময় ৷ পাৰিবাৰিক ক্ষেত্ৰতো সুগম সময় ৷ চৰকাৰৰ ফালৰ পৰাও পোৱাৰ যোগ আছে ৷ কামৰ ক্ষেত্ৰত আপুনি বেছি দৌৰা দৌৰি কৰি থকাৰ দৰকাৰ নাই সকলো কাম সহজে হৈ যাব ৷

তুলা ৰাশি: আপুনি যদিহে লিখামেলা বা কলাৰ সৈতে জড়িত লোক তেন্তে সময় অনুকূল ৷ নতুন কাম আৰম্ভ কৰাৰ আৰু নতুন সিদ্ধাত প্ৰয়োগৰ উপযুক্ত সময় ৷ আপোনাৰ সহকৰ্মী আৰু বচৰ সহযোগ সকলো ফালৰ পৰা লাভ কৰিব আৰু আপোনাৰ কামত অগ্ৰগতি হ’ব ৷

বৃশ্চিক ৰাশি: কাৰো পৰা দয়া বা কৃতগ্যতাৰ আশা নকৰিব ৷ প্ৰত্যেক ক্ষেত্ৰতে অতি সাবধানেৰে চলক ৷ নতুন একো কাম আৰম্ভ নকৰিব, বেছি লোকচানৰ আশংকা আছে ৷ খৰচৰ ক্ষেত্ৰত চকু ৰাখক অন্যথা অতি সোনকালে টকা-পইচা শেষ হ’ব ৷ বে-আইনী কাৰ পৰা আঁতৰি থাকক অথবা আদালত পাবগৈ লাগিব পাৰে ৷ আপোনাৰ বাবে আজিৰ প্ৰধান কাম যোগ চৰ্চা কৰক ধ্যান কৰক আৰু মনক স্থিৰ কৰি আগবাঢ়ক ৷

ধনু ৰাশি: আপোনাৰ দিনটো আজি আনন্দময় হ’ব ৷ গণেশৰ কৃপাত সূখ আৰু আনন্দই আপোনাক সকলো ফালৰ পৰা আগুৰি থাকিব ৷বিভিন্ন ক্ষেত্ৰত থকা লোকক লগ পাব আৰু সুফল লাভ কৰিব ৷ বন্ধুৰ লগত বা প্ৰেমিকৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ ভাগ্য তৰা উদয় হৈছে গতিকে আপুনি আপোনাৰ নতুন ভাবধাৰাৰে কামত সফলতা পাব ৷ ব্যবসায়ী সকলে সহযোগীৰ ফালৰ পৰা লাভৰ মুখ দেখিব ৷ আপুনি যথেষ্ট সন্মান অৰ্জনত সফল হ’ব ৷

মকৰ ৰাশি: সকলো ছবিতে বিভিন্ন ৰং থকাৰ দৰে আপোনাৰ জীৱনো বিভিন্ন ৰঙেৰে ৰঙীন হৈ থাকিব ৷ ব্যৱসায়ী , চাকৰিয়াল শিক্ষাৰ্থী বা মহিলাসকলৰ জীৱন শান্তভাৱে চলি থাকিব ৷ পৰিবাৰিক আৰু কৰ্মক্ষেত্ৰত আপোনাৰ নাও কোনো সোতঁত নপৰাকৈ সুগমকৈ চলি থাকিব ৷

কুম্ভ ৰাশি: আপোনাৰ বিপদৰ দিন আৰম্ভ হৈছে ৷ নতুন কাম হাতত নল’ব আৰু ভ্ৰমণ এৰি চলক ৷ সমগ্ৰ দিন উদ্দিগ্নতাৰ মাজেদি পাৰ হ’ব ৷ মহিলাসকলে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ আপোনাৰ চাৰিওকাষে থকা আপুনাক উৎসাহ জনোৱা ব্যক্তি সকলক লগ কৰক ৷ নিজকে শান্ত ৰাখিবলৈ কলাসূলভ কামত জড়িত থাকক, হঠাৎ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে ৷

মীন ৰাশি: সকলো সময়তে এক কথিন হেঁচাৰ মাজত থকাৰ সময় ৷বিভিন্ন ফালৰ পৰা বিপদ আহিব পাৰে ৷ ফলত আপোনাৰশৰীৰ আৰু সম্পতিৰ বেয়া অবস্থা হ’ব পাৰে ৷ বিশেষকৈ মহিলাৰ লগত কথা পাতোতে সাৱধান হওক ৷ চাকৰিয়াল সকলৰ বাবে অধিক বিপদৰ সময়৷ সম্পত্তি বেচা-কিনাৰ ক্ষেত্ৰত বা বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সাৱধান হোৱাৰ প্ৰয়োজন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.