ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল-কি কয় ৰাশিচক্ৰই - Daily Horoscope For 15th May

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 5:25 PM IST

Updated : May 15, 2024, 6:29 AM IST

Daily Horoscope For 15th May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 15th May 2024
আজিৰ দিনটোৰ ৰাশিফল (SOURCE: ETV BHARAT ASSAM DESK)

মেষ ৰাশি: পৰিয়ালৰ সদস্যৰ লগত হোৱা তৰ্ক-বিতৰ্কৰ বাবে মনটো চিন্তাৰে ভৰি পৰিব । বুকুৰ বিষ বা আন যিকোনো শাৰীৰিক সমস্যাৰ বাবে আপুনি দুৰ্বল অনুভৱ কৰিব। অপ্ৰয়োজনীয় আৰ্থিক খৰচৰ পৰা আঁতৰি থাকক । আজি ব্যৱসায় আৰু চাকৰিত সাৱধান হওক। কৰ্মস্থলীত সময়মতে কাম সম্পূৰ্ণ কৰিব পৰা অৱস্থাত নাথাকিব । যদি আপোনাৰ কোনো ধৰণৰ ভ্ৰমণ পৰিকল্পনা আছে তেন্তে আজিয়েই পিছুৱাই দিয়াটো ভাল হ’ব । যিকোনো বিতৰ্কিত আলোচনাৰ পৰা আঁতৰি থাকক । আজি আপোনাৰ পত্নীৰ লগত মতানৈক্যৰ সম্ভাৱনা থাকিব । স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ সময়খিনি মধ্যমীয়া ফলদায়ক ।

বৃষ ৰাশি: আজি প্ৰতিটো কামতে সফলতা লাভ কৰিব । কৰ্মক্ষেত্ৰত নিজৰ লক্ষ্য সম্পূৰ্ণ কৰিলে আপুনি আপোনাৰ উৰ্ধতন বিষয়াৰ প্ৰশংসাৰ যোগ্য হ’ব । প্ৰতিদ্বন্দ্বীক জয় কৰিবলৈ সক্ষম হ’ব । সামাজিক দৃষ্টিকোণৰ পৰা আপুনি সন্মান পাব । দুপৰীয়াৰ পিছত কাজিয়াৰ পৰিবেশ । আপোনাৰ শক্তি কমি যাব । এই সময়ছোৱাত পৰিয়ালৰ সদস্যৰ সৈতেও বিবাদ এৰাই চলিব লাগে। এলাহৰ পৰিবেশ পৰিব । বিবাদে মানহানিৰ সৃষ্টি কৰিব পাৰে, এই কথা মনত ৰাখিব । বেছিভাগ সময়তে মৌন হৈ থাকক ।


মিথুন ৰাশি: আজি আপুনি শাৰীৰিকভাৱে অসুস্থ আৰু মানসিকভাৱে উদ্বিগ্ন অনুভৱ কৰিব । ইয়াৰ বাবে আপোনাৰ মন কোনো কামত নিয়োজিত নহ’ব । অসাৰ টকা খৰচ হ’ব । ছাত্ৰ-ছাত্ৰীয়ে আশা কৰা ধৰণৰ ফলাফল নাপাবও পাৰে । দুপৰীয়াৰ পিছত আপোনাৰ আপোনজনক লগ পাব পাৰে । ইয়াৰ লগতে অৰ্থনৈতিক লাভো হ'ব । ভাই-ভনীৰ লগত প্ৰেম বাঢ়িব । সৌভাগ্য বৃদ্ধিৰ সুযোগ থাকিব । কৰ্মত সফলতাৰ বাবে আপোনাৰ উৎসাহ বাঢ়িব । স্বাস্থ্য ভাল হ’ব ।


কৰ্কট ৰাশি: আজি আপোনাৰ দিনটো সুখ আৰু আনন্দৰে পাৰ হ'ব । আপুনি অধিক সংবেদনশীল হ’ব । আপোনাৰ যিকোনো চিন্তা নাইকীয়া হ’ব পাৰে । আপোনজন আৰু বন্ধু-বান্ধৱীক লগ পালে ভাল লাগিব । প্ৰেম জীৱনত সন্তুষ্টি থাকিব । অৱশ্যে আপোনাৰ কথা-বতৰা নিয়ন্ত্ৰণ কৰা উচিত । কিবা এটা নেতিবাচক চিন্তাই আমনি কৰিব পাৰে । এই সময়ছোৱাত আপুনি ধ্যান বা প্ৰিয় সংগীতেৰে নিজকে সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰে । খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । স্বাস্থ্য ভাল হৈ থাকিব ।


সিংহ ৰাশি: সন্ধিয়াৰ সময়ত অপোনাৰ জীৱন সংগীৰ লগত কোনোবা চিনেমা ,থিয়েটাৰ আৰু ৰেস্তোৰাত সময় অতিবাহিত কৰিলে আপুনি বহুত সুখ অনুভৱ কৰিব লগতে সতেজ অনুভৱ কৰিব ৷ ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে ৷ পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহ’বও পাৰে ৷ আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হ’ব পাৰে এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব ৷ কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক ৷ যদি আপুনি যিকোনো বিবাদত সোমাই যায় তেন্তে মতামত দিয়াৰ পৰা বিৰত থাকক ৷ আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব ৷


কন্যা ৰাশি: আজি আপুনি বিভিন্ন ক্ষেত্ৰৰ পৰা সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে । ব্যৱসায়ৰ ক্ষেত্ৰত লাভ হ’ব । সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব । বন্ধুৰ বাবে টকা খৰচ কৰিব পাৰে । ভ্ৰমণ বা পৰ্যটন হ’ব পাৰে । দুপৰীয়াৰ পিছত আপোনাৰ মনটো বিভ্ৰান্ত হৈ থাকিব । এই সময়ছোৱাত আপোনাৰ কামৰ গতি লেহেমীয়া হ’ব । আত্মীয়ৰ লগত বৈষম্যৰ ঘটনাও হ’ব পাৰে । খঙৰ বাবে কাৰোবাৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা থাকিব । স্বাস্থ্য মৃদু আৰু উষ্ণ হৈ থাকিব ।


তুলা ৰাশি: আজি আপোনালোকৰ বাবে এক শুভ দিন । আপুনি ধৰ্মীয় কাৰ্যৰ প্ৰতি আগ্ৰহী হ’ব । বিভিন্ন ক্ষেত্ৰৰ পৰা সুবিধা লাভ কৰিব পাৰিব । চাকৰিত নিয়োজিত লোকসকলে বিষয়াসকলৰ পৰা উৎসাহ পাব । পদোন্নতিৰ সম্ভাৱনা আছে আৰু বহুদিন পূৰণ নোহোৱা ইচ্ছাও হয়তো পূৰণ হ’ব পাৰে । আপোনজন আৰু বন্ধু-বান্ধৱীৰ সৈতে কোনো আলোচনাত বহিব পাৰে । পৰ্যটনৰ আয়োজন কৰিব পাৰি । বিবাহযোগ্য ডেকা-গাভৰুৰ মাজৰ সম্পৰ্ক স্থায়ী হ’ব পাৰে । স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও সময় উপকাৰী ।


বৃশ্চিক ৰাশি: আজি আপোনাৰ বাবে এটা ভাল দিন । চাকৰিত নিয়োজিত লোকৰ লক্ষ্যত উপনীত হ’ব । ব্যৱসায়ত লাভ । অংশীদাৰিত্বৰ কাম সফল হ’ব । পিতৃৰ পৰাও আৰ্থিক লাভৰ সম্ভাৱনা আছে । আজি আপোনজন আৰু বন্ধু-বান্ধৱীৰ সৈতে ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে । শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হ’ব । প্ৰেম জীৱনৰ ইতিবাচক পৰিৱৰ্তনৰ বাবে মনত উদ্যম থাকিব । স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় ভাল, কিন্তু বাহিৰত খাদ্য খোৱা-বোৱা পৰিহাৰ কৰা উচিত ।


ধনু ৰাশি: আজিয়েই কোনো নতুন কাম আৰম্ভ নকৰিব । কোনো কাৰণত মনত অপৰাধবোধ হ’ব । খং নিয়ন্ত্ৰণ কৰক । পৰিয়ালৰ সদস্যৰ লগত তৰ্ক নকৰিব । দুপৰীয়াৰ পিছত আপোনাৰ শাৰীৰিক আৰু মানসিক অৱস্থা ভাল হোৱাৰ সম্ভাৱনা আছে । পাৰিবাৰিক অসুবিধাও কমি যাব । আপুনি হয়তো কোনোবা ধৰ্মীয় স্থানলৈ যাত্ৰা কৰিব পাৰে । ঈশ্বৰৰ নাম আৰু আধ্যাত্মিকতাক স্মৰণ কৰিলে আপোনাৰ মনলৈ শান্তি আহিব । স্বাস্থ্যৰ দৃষ্টিকোণৰ শুভ ।


মকৰ ৰাশি: আজি আপুনি যিকোনো কাম চিন্তা কৰিহে কৰা উচিত ৷ যদি আপুনি কোনো গুৰুত্বপূৰ্ণ তথ্য বাহিৰৰ কোনো লোকৰ লগত শ্বেয়াৰ কৰে তেন্তে তেওঁ তাৰ সুবিধা ল’ব পাৰে ৷ কিছুমান চিন্তা আপোনাৰ মনলৈ আহিব, যিবোৰ আপুনি তৎক্ষণাত কাৰ্যকৰী কৰা উচিত ৷ আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে কোনোবা শুভ উৎসৱত অংশগ্ৰহণ কৰিব পাৰে ৷ আপুনি কোৱা কথাবোৰত পৰিয়ালৰ কোনোবাই বেয়া অনুভৱ কৰিব পাৰে, গতিকে চিন্তাশীলভাৱে কথা কওক ৷ যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছে তেন্তে তেওঁলোকে আপোনাক ঘূৰাই বিচাৰিব পাৰে ৷ প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ সংগীৰ প্ৰেমত নিমগ্ন হোৱা দেখা যাব ৷


কুম্ভ ৰাশি: আজিৰ দিনটো কৰা দান-ধৰ্ম আদি কামে আপোনাক মানসিক শান্তি আৰু সন্তুষ্টি দিব ৷ ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল’ব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে ৷ নিজৰ উচ্চকাংক্ষাসমূহ মা-দেউতাক কোৱাৰ এয়াই সঠিক সময় ৷ আপোনাৰ ৰোমাণ্টিক ভাৱনাসমূহ আনক কৈ নুফুৰিব ৷ সহকৰ্মী আৰু জ্যেষ্ঠজনৰ পৰা পোৱা সহযোগে আপোনাক উৎসাহিত কৰিব ৷ আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণে সময় থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব ৷ আজি আপুনি জীৱনসংগীৰ লগত ৰোমাণ্টিক সময় কটাব পাৰে , এনেকৈ দুয়োজনৰে সম্বন্ধ অধিক শক্তিশালী হ’ব ৷


মীন ৰাশি: কিছু অশান্তি হ’ব । কিবা কাৰণত অভাৱনীয় ধন খৰচ হ’ব । শাৰীৰিক স্বাস্থ্যও ভাল নহ’ব । এই কাৰণে কৰ্মস্থলীত আজি পুৱাৰ ভাগত কোনো কামতে আপোনাৰ মন নবহিব । এই সময়ছোৱাত কাৰোবাৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা থাকিব । দুপৰীয়াৰ পিছত ঘৰখনত এক আনন্দ আৰু শান্তিৰ পৰিবেশে বিৰাজ কৰিব । আপুনি কৰ্মত খ্যাতি পাব । পৰিয়ালৰ সৈতে সুখেৰে সময় কটাব । ব্যৱসায়ত আৰ্থিক লাভ হ’ব । স্বাস্থ্যৰ দিশত শুভ ।

লগতে পঢ়ক: বৃষ ৰাশিত সূৰ্যৰ প্ৰৱেশ; সাৱধান হ’ব লাগিব এইকেইটা ৰাশিৰ জাতক-জাতিকা - SUN TRANSIT IN TAURUS 2024

Last Updated : May 15, 2024, 6:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.