ETV Bharat / bharat

আস্থা ভোটত জয়লাভ নীতিশ কুমাৰৰ চৰকাৰৰ; ১২৯ বিধায়কৰ সমৰ্থন

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 7:36 PM IST

আস্থা ভোটত জয়লাভ নীতিশ কুমাৰৰ চৰকাৰৰ
আস্থা ভোটত জয়লাভ নীতিশ কুমাৰৰ চৰকাৰৰ

Bihar Floor Test : নীতিশ কুমাৰ চৰকাৰে বিহাৰ বিধানসভাত আস্থা ভোটত জয়লাভ কৰিছে । চৰকাৰৰ সপক্ষে 129 টা ভোট লাভ কৰে । আনহাতে, এই ভোটদানৰ পূৰ্বে বিৰোধী সদস্যসকল সদনৰ পৰা ওলাই যায় । ইয়াৰ পূৰ্বে আৰজেডি শিবিৰৰ তিনিগৰাকী বিধায়ক চেতন আনন্দ, নীলম দেৱী আৰু প্ৰহ্লাদ যাদৱে নীতিশ কুমাৰক সমৰ্থন জনায় ।

আস্থা ভোটত জয়লাভ নীতিশ কুমাৰৰ চৰকাৰৰ

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী : বিহাৰত অব্যাহত থাকিব নীতিশৰাজ । সোমবাৰে আস্থা ভোটত জয়ী হয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰ । অৱশ্যে ভোটদানৰ পূৰ্বে বিৰোধী সদস্যসকলে সদন ত্যাগ কৰে । তথাপিও শাসকীয় দলে সদনত ভোটদানৰ দাবী জনায় । বিহাৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতাৰ যুঁজত সপক্ষে ১২৯ টা ভোট পৰে । আনহাতে, বিৰোধী পক্ষত এটাও ভোট দিয়া হোৱা নাছিল । ইয়াৰ পূৰ্বে সদনত আলোচনাৰ সময়ত যথেষ্ট হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

আনহাতে, সদনক সম্বোধন কৰি নীতিশ কুমাৰে কয় যে লালু-ৰাবৰিৰ চৰকাৰ বিহাৰত ১৫ বছৰ ধৰি শাসনত আছিল । সেই দিনবোৰত সন্ধিয়া কোনেও ঘৰৰ বাহিৰ ওলোৱা নাছিল । আমি ২০০৫ চনৰ পৰা কাম কৰাৰ সুযোগ পাইছো । যেতিয়া আৰজেডিয়ে আমাৰ চৰকাৰত শিক্ষা মন্ত্ৰালয় লাভ কৰিছিল, তেতিয়া এই লোকসকলে তাত খেলিমেলি কৰিবলৈ আৰম্ভ কৰিছিল । তেওঁৰ (তেজস্বী) পিতৃ-মাতৃয়ে 15 বছৰ কাম কৰাৰ সুযোগ পাইছিল । কিন্তু তেওঁলোকে কি কৰিলে ? আমি হিন্দু-মুছলমানৰ কাজিয়া বন্ধ কৰিলোঁ ।

ইফালে আস্থা ভোট সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয়, "যেতিয়া এই লোকসকল (কংগ্ৰেছ আৰু আৰজেডি) একেলগে আছিল, আমি আন সকলো লোকক একত্ৰিত কৰিবলৈ ইয়াত এখন বৈঠকো অনুষ্ঠিত কৰিছিলোঁ । মই ইমান দিন কষ্ট কৰিলোঁ আৰু সকলোকে একগোট কৰি আছিলোঁ । কিন্তু তাৰ পিছত কি হ'ল ? কংগ্ৰেছ দলে ভয় খাইছিল । আমি বাৰে বাৰে কৈ আছিলোঁ যে আন দলবোৰক একত্ৰিত কৰক । আমি পিছত গম পাইছিলোঁ যে তেওঁৰ (তেজস্বী যাদৱ) পিতৃও তেওঁলোকৰ (কংগ্ৰেছ) সৈতে আছে । তেতিয়া মই জানিব পাৰিছিলোঁ যে ইয়াৰ দ্বাৰা একো নহ'ব । তাৰ পিচত মই মোৰ পুৰণি ঠাইলৈ (এনডিএ) আহোঁ, য'ত মই বহু আগতে আছিলো ।"

আনহাতে, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে তেওঁৰ ভাষণত কয় যে তেওঁলোকক লৈ খেলা কৰি আছিল আৰু তেওঁলোকক খেলাৰ পুতলাটো বনাইছিল । লগতে চৌধুৰীয়ে লালু পৰিয়ালকো তীব্ৰ আক্ৰমণ কৰে । তেওঁ কয় যে লালুৰ চৰকাৰৰ দিনত তেওঁক লাঠিৰে প্ৰহাৰ কৰা হৈছিল । যেতিয়া তেওঁ (লালু) বিহাৰৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়া তেওঁ পশুখাদ্যও ভক্ষণ কৰিছিল । যেতিয়া ৰে'ল মন্ত্ৰী আছিল তেওঁ চাকৰি খাইছিল । লালুজীৰ অধ্যাদেশ ৰাহুল গান্ধীয়ে ছিঙি পেলাইছিল ।

লগতে পঢ়ক :মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.