ETV Bharat / bharat

পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ ৰামেশ্বৰম কেফে বিস্ফোৰণৰ দুই মাষ্টাৰমাইণ্ড - Rameshwaram Cafe blast

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 2:22 PM IST

Rameshwaram Cafe blast
পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ ৰামেশ্বৰম কেফে বিস্ফোৰণৰ দুই মাষ্টাৰমাইণ্ড

Rameshwaram Cafe blast : বেংগালুৰুৰ ৰামেশ্বৰম কেফেত যোৱা ১ মাৰ্চত ভয়ংকৰ বিস্ফোৰণ হৈছিল । য'ত প্ৰায় ১০ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছিল । এমাহৰো অধিক সময়ৰ অন্তত এই বিস্ফোৰণৰ দুই মাষ্টাৰমাইণ্ডক আৰক্ষীৰ সহযোগত এনআইএয়ে পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰে ।

নেশ্যনেল ডেস্ক, ১২ এপ্ৰিল : বেংগালুৰুৰ ৰামেশ্বৰম কেফে বিস্ফোৰণ গোচৰৰ তদন্ত কৰি থকা এনআইএৰ আন এক গুৰুত্বপূৰ্ণ সফলতা । তদন্তকাৰী সংস্থাটোৱে শুকুৰবাৰে পশ্চিমবংগৰ কনটাইৰ পূৰ্ণ মেদিনীপুৰৰ পৰা এই বিস্ফোৰণৰ মূল মাষ্টাৰমাইণ্ড দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

বেংগালুৰুৰ ৰামেশ্বৰম কেফে বিস্ফোৰণৰ পিচৰে পৰা পলাতক হৈ আছিল এই দুই অভিযুক্ত । তেওঁলোকক আব্দুল মাথীন তাহা আৰু মুছাভিৰ হুছেইন শাজেব বুলি চিনাক্ত কৰা হৈছে । এনআইএয়ে এক বিবৃতিত কয় যে বিস্ফোৰণৰ আঁৰৰ মাষ্টাৰমাইণ্ড আব্দুল মাথিন তাহা আৰু ৰামেশ্বৰম কেফেত আইইডি স্থাপন কৰা অভিযুক্তক আটক কৰা হৈছে ।

ইফালে পশ্চিমবংগৰ বিৰোধী নেতা সুভেন্দু অধিকাৰীয়ে ৰামেশ্বৰম কেফে বিস্ফোৰণ ঘটনাক লৈ বংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে । তেওঁ কয় যে পশ্চিমবংগ আন্তঃৰাষ্ট্ৰীয় অপৰাধীসকলৰ বাবে এক মুকলি অঞ্চল হৈ পৰিছে আৰু এইটো বাৰে বাৰে প্ৰমাণিত হৈছে । টিএমচি পৰিচালিত চৰকাৰে ৰাজ্যিক আৰক্ষীক দলীয় কৰ্মীলৈ পৰিৱৰ্তন কৰে আৰু তেওঁলোকক তেওঁলোকৰ নিজৰ কাম কৰাত বাধা দিয়ে বুলি তেওঁ অভিযোগ কৰে ।

জানিব পৰা মতে, ভুৱা পৰিচয়েৰে তেওঁলোকে কনটাইত আত্মগোপন কৰি আছিল । এনআইএয়ে উল্লেখ কৰা মতে এই অভিযানত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু পশ্চিমবংগৰ ৰাজ্যিক আৰক্ষী, তেলেংগানা, কৰ্ণাটক আৰু কেৰালা আৰক্ষীয়ে সহযোগ কৰিছে ।

উল্লেখ্য যে, ১ মাৰ্চত কেফেখনত আইইডি বিস্ফোৰণ হৈছিল । যাক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছিল । ৩ মাৰ্চত এনআইএয়ে এই গোচৰৰ তদন্তৰ দায়িত্ব লৈছিল । ঘটনাৰ মূল অভিযুক্তক বিচাৰি এনআইএয়ে দেশৰ বিভিন্ন প্ৰান্তত অভিযানো চলাইছিল । এই দুই অভিযুক্তৰ বিৰুদ্ধে এনআইএয়ে ১০ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক :ৰামেশ্বৰম কেফে বিস্ফোৰণৰ অভিযুক্তক চিনাক্ত, গৃহ বিভাগৰ বিষয়াৰে দুপৰীয়া মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.