ETV Bharat / bharat

প্ৰতিবাদৰ সময়তে আন এগৰাকী কৃষকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 1:02 PM IST

Farmers death: পাঞ্জাব-হাৰিয়ানা সীমান্তত প্ৰতিবাদ কৰি থকাৰ মাজতে ৫০ বছৰীয়া কৃষক কৰ্ণেল সিঙৰ স্বাস্থ্যৰ অৱনতি হৈছিল । চিকিৎসাধীন অৱস্থাত কৃষকজনৰ মৃত্যু হয় । ইফালে কৃষক সংগঠনসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ বাবে সাজু হৈছে ।

Farmers death
প্ৰতিবাদৰ সময়তে আন এগৰাকী কৃষকৰ মৃত্যু

নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৃষক সংগঠনসমূহৰ প্ৰতিবাদ অব্যাহত আছে । তাৰ মাজতে পাঞ্জাব-হাৰিয়ানা সীমান্তৰ পৰা আহিছে আন এক হতাশাজনক খবৰ । সীমান্তত কৃষকসকলৰ প্ৰতিবাদৰ মাজতে আন এগৰাকী কৃষকে সোমবাৰে নিশা প্ৰাণ হেৰুৱায় । খানৌৰী সীমান্তত কৃষকৰ আন্দোলনে ১৫ দিন অতিক্ৰম কৰাৰ সময়তে এগৰাকী ৫০ বছৰীয়া কৃষকৰ মৃত্যু হয় ।

মৃত কৃষকজনৰ নাম কাৰ্ণেল সিং বুলি জানিব পৰা গৈছে । তেওঁ পাটিয়ালাৰ ৰানো গাঁৱৰ বাসিন্দা আছিল । কৃষকসকলৰ মতে খানৌৰী সীমান্তত ধৰ্মঘট কৰি থকা নিহাল সিঙৰ পুত্ৰ ৫০ বছৰীয়া কৃষক কৰ্ণেল সিঙৰ স্বাস্থ্য হঠাতে অৱনতি ঘটিছিল । পিচত তেওঁক পাটিয়ালাৰ ৰজিন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয় ।

ইয়াৰ পূৰ্বে কেইবাৰগৰাকী কৃষক নেতাৰ মৃত্যু হৈছে । হৃদৰোগত আক্ৰান্ত হৈও কৃষকৰ মৃত্যু হৈছে আৰু কৃষক আন্দোলনৰ সময়ত হাৰিয়ানা আৰক্ষীৰ সৈতে সংঘৰ্ষৰ ফলতো কৃষকে প্ৰাণ হেৰুৱাইছে । ইয়াৰ পূৰ্বে ২৬ ফেব্ৰুৱাৰীত সংযুক্ত কিষাণ মৰ্চাই সমগ্ৰ দেশজুৰি ট্ৰেক্টৰ শোভাযাত্ৰা উলিয়াইছিল । আন্দোলনকাৰী সংগঠনবোৰে বিশ্ব বাণিজ্য সংস্থাৰ পুত্তলিকাও দাহ কৰিছে ।

দিল্লী চলো কাৰ্যসূচীও ২৯ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে । কিন্তু কৃষকসকলে পাঞ্জাব-হাৰিয়ানাৰ শম্ভু আৰু খানৌৰী সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে মঙলবাৰে আন্দোলনটোৰ নেতৃত্ব দিয়া কিষাণ মজদুৰ মৰ্চা আৰু সংযুক্ত কিষাণ মৰ্চাই (অ-ৰাজনৈতিক) ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব । য'ত দিল্লী চলো কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হ'ব । দিল্লী চলোৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত ২৮ ফেব্ৰুৱাৰীত লোৱা হ'ব ।

আনহাতে আন্দোলন আৰম্ভ হোৱাৰ পিচত হাৰিয়ানাৰ চৰকাৰে ৭ খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰিছিল । তাৰ ভিতৰত আছিল হিছাৰ, জিন্দ, কাইথাল, কুৰুক্ষেত্ৰ, আম্বালা, ফতেহাবাদ আৰু চিৰচা জিলা । অৱশ্যে, ২৪ ফেব্ৰুৱাৰীৰ নিশা এই নিষেধাজ্ঞা আঁতৰোৱা হয় । কেন্দ্ৰীয় চৰকাৰে পাঞ্জাবৰ ৭ খন জিলাৰ ১৯ টা অঞ্চলতো ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে ।

লগতে পঢ়ক :তেজস্বী যাদৱৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; ১ জন আৰক্ষী নিহত, কেইবাজনো আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.