ETV Bharat / bharat

নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীক শিলেৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ - AP CM Hurt in stone pelting

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 11:04 PM IST

Updated : Apr 14, 2024, 3:48 PM IST

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীক শিলেৰে আক্ৰমণ ৷ এই আক্ৰমণত মুখ্যমন্ত্ৰীজনে কপালত আঘাত পাইছে ৷

ANDHRA PRADESH CM
জগন মোহন ৰেড্ডীক শিলেৰে আক্ৰমণ

মুখ্যমন্ত্ৰীক শিলেৰে আক্ৰমণ

নিউজ ডেস্ক, 13 এপ্ৰিল : অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু ৱাই এছ আৰ চি পিৰ সভাপতি ৱাই এছ জগন মোহন ৰেড্ডীক শিলেৰে আক্ৰমণ ৷ শনিবাৰে নিশা বিজয়ৱাৰাৰ অজিত সিং নগৰত নিৰ্বাচনী প্ৰচাৰৰ সময়ত আক্ৰমণৰ সন্মুখীন হয় মুখ্যমন্ত্ৰীজন ৷

এই আক্ৰমণত মুখ্যমন্ত্ৰীজনে কপালত আঘাত পাইছে ৷ আনহাতে তেওঁৰ কাষতে থকা বিজয়ৱাৰা-পশ্চিমৰ বিধায়ক ভেল্লামপল্লী শ্ৰীনিবাসে বাওঁ চকুত আঘাত পাইছে বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷ ঘটনাৰ লগে লগে নিৰাপত্তাৰক্ষীসকল সতৰ্ক হয় ৷ চিকিৎসকে তেওঁক বাছখনতে প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰে ৷ তাৰ পিচত মুখ্যমন্ত্ৰীজনে পুনৰ তেওঁৰ প্ৰচাৰ অব্যাহত ৰাখে ৷ ইতিমধ্যে আৰক্ষীয়ে শিল নিক্ষেপকাৰীক সন্ধানত নামি পৰিছে ৷

13 মে’ত ৰাজ্যখনৰ 175 জনীয়া বিধানসভা আৰু 25খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণৰ পূৰ্বে ৰেড্ডীৰ 21 দিনীয়া নিৰ্বাচনী প্ৰচাৰৰ শনিবাৰে 14 সংখ্যক দিন আছিল ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ (CMO) এক বিবৃতিত কোৱা হৈছে, "বিজয়ৱাৰাৰ সিং নগৰৰ বিবেকানন্দ বিদ্যালয় কেন্দ্ৰত তেওঁৰ বাছ ভ্ৰমণৰ অংশ হিচাপে জনতাক সম্বোধন কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীক এটা শিলে আঘাত কৰিছিল ৷"

চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক চিকিৎসাৰ বাবে বিজয়ৱাৰা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ ইয়াৰ পিচত তেওঁ দেওবাৰে প্ৰায় 12.30 বজাত এন টি আৰ জিলাৰ কেচাৰাপালত থকা তেওঁৰ থকা ঠাইলৈ উভতি যায় ৷

এক্স (টুইটাৰ)ত এটা পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএ ছ জগন মোহন ৰেড্ডী গাৰুৰ দ্ৰুত আৰোগ্য আৰু সুস্বাস্থ্যৰ বাবে মই প্ৰাৰ্থনা জনাইছো ৷" ডি এম কেৰ সভাপতি এম কে ষ্টেলিনে এই ঘটনাক গৰিহণা দিছে ৷ এক্সত তেওঁ কয়, "ৰাজনৈতিক মতানৈক্য কেতিয়াও হিংসালৈ পৰিৱৰ্তিত হ’ব নালাগে ৷ গণতান্ত্ৰিক প্ৰক্ৰিয়াত লিপ্ত হোৱাৰ সময়ত সভ্যতা আৰু পৰস্পৰক সন্মান ৰক্ষা কৰোঁ আহক ৷ তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ ৷"

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে এক্সত কয়-, "জগন জীৰ ওপৰত হোৱা আক্ৰমণৰ কথা শুনি মই স্তম্ভিত হৈছো ৷ তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ৷"

ইফালে বিজয়াৱাৰা আৰক্ষী আয়ুক্ত কান্তি ৰতন টাটাই কয় যে আৰক্ষীয়ে এতিয়াও এই আক্ৰমণৰ সৈতে জড়িত অপৰাধীক আটক কৰিব পৰা নাই ৷ "কিছুমান ক্লু আছে আৰু আমি ভিডিঅ' আৰু ড্ৰ'ন ফুটেজ বিশ্লেষণ কৰি আছো ৷ আমি সেইবোৰ চিনাক্ত কৰিম ৷ আমি ভাবো যে শিল ফুলৰ সৈতে নিক্ষেপ কৰা হৈছিল ৷ গতিকে বহুতে ফুলৰ পাহি মুখ্যমন্ত্ৰী ৰেড্ডীৰ ওপৰত বৰ্ষণ কৰি আছিল আৰু তাৰ মাজতে কোনোবাই শিলটো দলিয়াই দিলে ৷"- টাটাই সাংবাদিকক এইদৰে জনায় ৷

লগতে পঢ়ক : ৰামেশ্বৰম কেফে বিস্ফোৰণ: দুই মাষ্টাৰমাইণ্ডক এনআইএৰ জিম্মালৈ প্ৰেৰণ - Rameswaram Cafe Blast Case

Last Updated : Apr 14, 2024, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.